ফখৰুদ্দিন আলী আহমদ

ফখৰুদ্দিন আলী আহমদ


ফখৰুদ্দিন আলী আহমদ ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰা প্ৰথম গৰাকী আৰু একমাত্ৰ অসমীয়া। ১৯০৫ চনৰ ১৩ মে'ত তেখেতৰ দিল্লীত জন্ম হয়। তেখেতৰ পিতৃ কৰ্ণেল জালনুৰ আলী চাকৰিসূত্ৰে দিল্লীত আছিল। তাতেই তেওঁ শিক্ষা লাভ কৰি বিলাতলৈ যায়।

ফখৰুদ্দিন আলী আহমদৰ দিল্লীত জন্ম হ'লেও তেওঁ হাড়ে- হিমজুরে অসমীয়া। আহমদৰ পূৰ্বপুৰুষ মোগল সম্রাট আৰু আহোম ৰজাৰ লগত হোৱা সন্ধিৰ সময়ত দিল্লীৰ পৰা আহি গড় গাঁৱৰ ওচৰত বসবাস কৰিছিল। মানৰ আক্ৰমণৰ সময়ত গড় গাঁৱৰ পৰা গোলাঘাটৰ কছাৰীহাটলৈ উঠি আহে।

বিদেশত শিক্ষা লাভ কৰা আহমদে কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা (Tripos) আৰু (Bar-at-Law) উপাধি লৈ ১৯২৮ চনত লাহোৰ হাইকোৰ্টত ওকালতি কৰে। কেম্ব্রিজত পঢ়ি থকা সময়ত তেওঁ জৱাহৰলাল নেহৰুৰ সান্নিধ্য পায়। ১৯৩০ চনত তেওঁ অসমলৈ ঘূৰি আহি অসমত ওকালতি কৰিবলৈ লয়। ১৯৩১ চনত তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। তেখেতে দেশৰ স্বাধীনতা আন্দোলনত দেহে-কেহে খাটিছিল।

১৯৩৭ চনত তেওঁ উত্তৰ কামৰূপ সমষ্টিৰ পৰা অসম বিধান সভালৈ নির্বাচিত হয়। তেওঁ অসম বিধান সভালৈ তিনিবাৰ নিৰ্বাচিত হোৱাৰ উপৰি ১৯৭১ চনত বৰপেটাৰ পৰা লোকসভালৈ নির্বাচিত হয়। তেখেতে ৰাজ্যসভাৰো সদস্য আছিল। গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠিত অসমৰ প্ৰথমখন সংযুক্ত চৰকাৰত আহমদে বিত্ত আৰু ৰাজহ দপ্তৰৰ দায়িত্ব বহন কৰিছিল।

১৯৪০ চনৰ শেষৰ ফালে মহাত্মা গান্ধীৰ আহ্বানত গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিৰ লগতে ফখৰুদ্দিন আলী আহমদেও সত্যাগ্রহ কৰি গ্ৰেপ্তাৰ বৰণ কৰে। তেওঁ এবছৰ কাৰাবাস খাটিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনতো ফখৰুদ্দিন আলী আহমদে সক্রিয় অংশ গ্রহণ কৰিছিল। আন্দোলনত অংশ গ্রহণ কৰা বাবে ব্ৰিটিছ চৰকাৰে ফখৰুদ্দিন আলী আহমদ, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, মহম্মদ তৈয়বুল্লা আদিক আটক কৰি যোৰহাট জে’লত ৰাখে। সেই সময়ত কুশল কোঁৱৰো যোৰহাট জেলত আছিল।

১৯৪৫ চনৰ ৭ নবেম্বৰত তেখেতে উত্তৰ প্ৰদেশৰ এক সম্ভ্রান্ত পৰিয়ালৰ কন্যা আবিদা আহমদক বিয়া কৰায়।

১৯৪৬ চনত হোৱা গ্ৰুগ্রুপিং বিৰোধী আন্দোলনত গোপীনাথ বৰদলৈৰ লগত ফখৰুদ্দিন আলী আহমদে আগভাগ লৈছিল। আলী আহমদে প্রস্তাৱিত পাকিস্তানৰ সৈতে অসমক চামিলকৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল।

১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়তো ফখৰুদ্দিন আলী আহমদে গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। দেশ স্বাধীনতাৰ পিছত তেখেতে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্রীও হৈছিল। ১৯৭৪ চনৰ আগষ্ট মাহত তেখেতে ভাৰতৰ পঞ্চম গৰাকী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কিন্তু ৰাষ্ট্ৰপতি হিচাপে তেখেতৰ কাৰ্যকাল শেষ হোৱাৰ আগতেই ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰীত তেখেতে ইহলীলা সম্বৰণ কৰে। তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ অসম চৰকাৰে ২০০৪ চনত তেওঁৰ নামত ৰাষ্ট্ৰীয় সংহতি বঁটা প্ৰতিষ্ঠা কৰিছে। 

Post a Comment

0 Comments