চন্দ্ৰধৰ বৰুৱা

চন্দ্ৰধৰ বৰুৱা

অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি আছিল চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাৰ জন্ম হৈছিল ১৮৭৪ চনৰ ১৫ অক্টোবৰত যোৰহাট চহৰত। চন্দ্ৰধৰ বৰুৱাৰ প্রাথমিক শিক্ষা আৰম্ভ হৈছিল জন্মস্থানতে। যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ১৮৯২ চনত তেওঁ এন্ট্ৰেন্স পৰীক্ষাত উত্তীর্ণ হয়। কলিকতাৰ মেট্রোপলিটান কলেজৰ পৰা এফ. এ পৰীক্ষাত পাছ কৰি বি. এ পঢ়িবলৈ ভর্তি হয় চেণ্ট জেভিয়াৰ্ছ কলেজত। ঘৰুৱা অসুবিধাৰ বাবে বি. এ. পঢ়া নহ'ল যদিও ১৯০০ চনত আইন পৰীক্ষাত উত্তীৰ্ণ হৈ আহি যোৰহাটত ওকালতি ব্যৱসায় আৰম্ভ কৰে। মাত্র কেইটামান বছৰ ওকালতি কৰি পিছত স্থায়ীভাৱে চাহখেতিকেই বৃত্তি হিচাপে গ্রহণ কৰিছিল চন্দ্ৰধৰ বৰুৱাদেৱে।

অসমীয়া সমাজ জীৱনৰ বিভিন্ন সময়ত সাহিত্য আৰু ৰাজনীতিৰে বিশিষ্ট বৰঙণি আগবঢ়োৱা চন্দ্ৰধৰ বৰুৱা আছিল একেধাৰে নাট্যকাৰ, কবি আৰু গীতিকাৰ।

অসম ভাষা উন্নতি সাধিনী সভাৰ সপ্তম বছৰৰ সহকাৰী সম্পাদক হিচাপে নিৰ্বাচিত চন্দ্ৰধৰ বৰুৱাদেৱে ৰাজনৈতিক অনুষ্ঠান ‘অসম এছোচিয়েচন'ৰ সদস্যপদ লোৱাৰ উপৰিও ১৯১৬ চনত যোৰহাট পৌৰসভাৰ উপ-পৌৰপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসম ব্যৱস্থাপক সভাৰ সদস্য আৰু কাউন্সিল অৱ ষ্টেটছৰো সদস্য হিচাপে নিযুক্ত হৈছিল। ইয়াৰ বাদেও ১৯৩০ চনত লণ্ডনত অনুষ্ঠিত প্রথম আৰু দ্বিতীয় ঘূৰণীয়া মেজমেলত যোগদান কৰি অসমক প্রতিনিধিত্ব কৰিছিল।

চন্দ্ৰধৰ বৰুৱাৰ দ্বাৰা ৰচিত আৰু প্ৰকাশিত নাটক কেইখন হ'ল— মেঘনাদ বধ (১৯০৪ চনত প্রকাশিত নাটকখন মধূসূদন দত্তৰ ‘মেঘনাদ বধকাব্য'ৰ ছাঁলৈ ৰচিত), ভাগ্য পৰীক্ষা (১৯১৫), তিলোত্তমা সম্ভৱ (১৯২৪) আৰু ৰাজর্ষি (১৯৩৭), পুনর্জন্ম, ‘মোগল বিজয়' আৰু আহোম সন্ধ্যা। ১৯২৭ চনত প্ৰকাশ পাইছে তেওঁৰ কবিতা সংকলন 'ৰঞ্জন'। 'কামৰূপ জীয়ৰী' আৰু ‘বিদ্যুৎ বিকাশ' নামৰ দুখন ভিন্নধর্মী ৰচনা খণ্ড খণ্ডকৈ আৱাহনত প্ৰকাশ পাইছিল। ১৯৪৩ চনত প্ৰকাশ পাইছিল তেওঁৰ 'শান্তি' নামৰ একমাত্র উপন্যাসখন। 'বিলাতৰ কথা' হ'ল ভ্ৰমণ কাহিনী। বহুতো গীত আৰু ছুটি গল্পও ৰচনা কৰা চন্দ্ৰধৰ বৰুৱাৰ অন্যান্য কেইখনমান গ্রন্থ হ'ল : 'নতুন পাঠ, মুক্তাৱলী, উজু সাহিত্য আৰু জিৰণীৰ চিন্তা। ইয়াৰ উপৰিও ‘বত্নকোষ’ চন্দ্ৰধৰ বৰুৱাৰ অসমীয়া সাহিত্যৰ জগতলৈ উল্লেখনীয় বৰঙণি।

১৯১৮ চনত গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিবেশনত চন্দ্ৰধৰ বৰুৱাই সভাপতিত্ব কৰিছিল।

১৯২৯ চনত কামৰূপ সঞ্জীৱনী সভাই ‘সাহিত্য ৰত্ন' সন্মানেৰে বিভূষিত কৰা চন্দ্ৰধৰ বৰুৱাৰ ১৯৬১ চনৰ ২৬ অক্টোবৰত যোৰাহাটৰ নিজা বাসভৱনত পৰলোকপ্রাপ্তি হয়।

Post a Comment

0 Comments