ভাৰতীয় সংবিধান'ৰ প্ৰস্তাৱনাৰ ওপৰত বিশেষ আলোচনা

আজিৰ এই লেখাত আমি ভাৰতীয় সংবিধান'ৰ প্ৰস্তাৱনাৰ ওপৰত বিশেষ আলোচনা কৰিম যিটো আলোচনা পঢ়িলে যিকোনো প্ৰতিযোগিতামুলক পৰীক্ষাত বহা পৰিক্ষাৰ্থীৰ বাবে অতি লাভজনক হব ।



প্ৰস্তাৱনা ঃ 


প্ৰস্তাৱনা হৈছে সংবিধানৰ পাতনি । ই সংবিধানৰ মৌলিক দর্শন প্রকাশ কৰে । বিশিষ্ট আইনবিদ ননী পাল্কিৱালাৰ মতে  "প্রস্তাৱনা হৈছে সংবিধানৰ পৰিচয় পত্র ।"  আমেৰিকাৰ সংবিধানৰ আৰ্হিত ভাৰতীয় সংবিধানৰাে এক প্রস্তাৱনা সন্নিবিষ্ট কৰা হয় । ভাৰতীয় সংবিধানৰ প্রস্তাৱনা সংবিধানৰ উদ্দেশ্যে প্রস্তাৱৰ ভিত্তিত প্রতিষ্ঠিত । প্রস্তাৱনাক ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশােধনৰ পাছত তলত দিয়া ধৰণেৰে উল্লেখ কৰিব পাৰি । । “ আমি ভাৰতবাসীৰ সকলাে লােকে ভাৰতবৰ্ষক এখন সার্বভৌম , সমাজবাদী , ধর্ম নিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য হিচাপে প্রতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি ভাৰতবৰ্ষৰ সকলাে লােককে সামাজিক , অর্থনৈতিক ধর্ম আৰু উপাসনাৰ স্বাধীনতা , সমমর্যদা আৰু সমান সুযোগ দিম বুলি আৰু তেওঁলােকে সকলােৰে মাজত ব্যক্তি মর্যদা , জাতীয় এক্য আৰু সংহতি নিশ্চিত কৰি ভাতৃভাৱ বৃদ্ধি কৰিবলৈ আজি  ১৯৪৯ চনৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখে আমাৰ সংবিধান সভাই গ্রহণ  লিপিবদ্ধ কৰা এই সংবিধানখন আমাক  নিজকে প্ৰদান কৰিলাে ।


 প্রস্তাৱনাৰ গুৰুত্ব আৰু উপযোগিতা  ঃ ( Importance and utility of the Preamble ) ।

উচ্চতম ন্যায়ালয়ে প্রস্তাৱনাৰ তাৎপৰ্য আৰু উপযােগিতা সম্পৰ্কত কেইবাটাও সিদ্ধান্ত সময়ে সময়ে দি আহিছে । প্রস্তাৱনা প্রয়ােজনীয়কতাৰ সম্পৰ্কত তলত দিয়া দিশসমূহ উল্লেখ কৰিব পাৰি —

 ১ । প্রস্তাৱনাক আদালতৰ জৰিয়তে সাব্যস্ত কৰিব নােৱাৰিলেও সংবিধানে উপনীত হ ' ব বিচৰা লক্ষ্য আৰ , আদর্শ সমুহৰ কথা সন্নিবিষ্ট কৰে । সংবিধানৰ কোনাে দফা বা অনুচ্ছেদ সঠিক ব্যাখ্যা দিব নােৱৰিলে বহু ক্ষেত্ৰত প্রস্তাবনাৰ আদৰ্শৰ ভিত্তিত তাক গ্রহণ কৰা হয় ।

২ । উচ্চতম ন্যায়ালয়ে পােষণ কৰা সংবিধানৰ মূল গাঠনি ( Basic Structure ) প্রধানতঃ প্ৰস্তাৱৰ আদশৰ  ভিত্তিতেই গ্ৰহণ কৰা হৈছে ।

৩ । কোনাে চৰকাৰে প্ৰস্তাৱনাৰ আদৰ্শ সমূহ নুই কৰিব নােৱাৰে । এছ কে . চৌবেৰ ( S . K . Chalba ) মতে প্রস্তাৱনাই ভাৰতীয় সংবিধানক এক সামাজিক , অর্থনৈতিক তথা ৰাজনৈতিক বিপ্লৱৰ দায়িত্ব অর্পণ কৰিছে ।

৪ । কে . এম . মুন্সিয়ে ( K . M . Munshi ) প্রস্তৱনাক দেশৰ “ Political horoscope ' অর্থাৎ “ ৰাজনৈতিক সোঁৱৰণী ” বুলি অভিহিত কৰিছে ।

৫ । সংবিধান বিশেষজ্ঞ ডি . ভি . বসুৰ মতে প্রস্তাৱনাৰ উদ্দেশ্য হৈছে সংবিধান অন্তর্ভূক্ত কৰা দিশসমূহ বুজাৰ আগেয়ে সেইবিলাক চমুকৈ ব্যাখ্যা কৰা ।


প্রস্তাবনাৰ মূল দিশসমূহৰ পর্যলােচনা ( A brief analysis of the preamble )  ঃ

 প্রস্তাৱনাটোক মুলতঃ ৪ টা ভাগত ভাগ কৰিব পাৰি —

( ১ ) ক্ষমতাৰ উৎস ( Source of Authority )
( ২ ) চৰকাৰৰ প্রকৃতি ( Type of Govt . ) ( ৩ ) ৰাজনৈতিক ব্যৱস্থাৰ উদ্দেশ্য
( ৪ ) সংবিধানখন বাস্তৱত ৰূপায়িত হােৱাৰ দিন ( Tlie date of its adopton and enactment ) এই সকলোবিলাক দিশ তলত আলোচনাত প্রতিফলিত হৈছে - -

১ | আমি সকলো ভাৰতীয় নাগৰিক -


 প্রথমতে আমি সকলাে ভাৰতীয় নাগৰিক " , এই কথাষাৰে স্পষ্ট কৰি দিছে যে প্রকৃত সাবভৌমত্ব ' ভাৰতবৰ্ষৰ জনসাধাৰণৰ ওপৰত অৰ্পিত হ ' ব । সংবিধানৰ সকলাে ক্ষমতাৰ উৎস হৈছে ভাৰতৰ জনসাধাৰণ । যিসকল লােকে ভাৰতক শাসন কৰিছেঃ তেওঁলােকে জনসাধাৰনৰ ৰায় লৈহে শাসন কৰিছে । প্ৰকৃততে ভাৰতীয় সংবিধানখন ভাৰতীয় জনসাধাৰণৰ নামেহে অর্পিত কৰা হৈছে ।

২ । সার্বভৌম ৰাষ্ট -


দ্বিতীয়তে , ভাৰতবৰ্ষৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত নিজে নিৰ্ধাৰণ কৰিব পৰা এখন সর্বভৌমত্ব বুলি প্ৰস্তাৱনাত কোৱা হৈছে । দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নাতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষই কোনাে  বিদেশী ৰাষ্ট্ৰৰ নির্দেশ মানি চলিবলৈ বাধ্য নহয় । ভাৰতবর্ষ এতিয়াও কমন ৱেল অনুষ্ঠানৰ সদস্য যদিওঁ ভাৰতবৰ্ষ সার্বভৌমত্ব সামিত কৰা নাই ।

৩ । গণতান্ত্রিক ৰাষ্ট -


 তৃতীয়তে প্রস্তাৱনাই ভাৰতবৰ্ষক এখন গণতান্ত্রিক ৰাষ্ট্র হিচাপে আখ্যা দিছে । প্রস্তাৱনাই ৰাজনৈতিক নানা সামাজিক দুই প্রকাৰৰ গণতন্ত্ৰৰ কথা উল্লেখ কৰিছে । ৰাজনৈতিক গণতন্ত্রই প্রধানতঃ প্রাপ্তবয়স্ক ভােটাধিকাৰ নির্বাচন , ক্ষমতাৰ বিকেন্দ্রীকৰণ , প্রশাসনিক কাৰ্য্য জনসাধাৰণৰ অংশগ্ৰহণ আদিকে বুজাইছে । আনহাতে সামাজিক গণতন্ত্রই ন্যায় , সমতা , স্বাধীনতা , ভাতৃত্ববােধ আদিৰ জৰিয়তে এক নতুন দিশৰ সূচনা কৰিব বিচাৰিছে ।

৪ ।  সমাজবাদী ৰাষ্ট্ৰ -


 চতুৰ্থতে , প্রস্তাৱনাই সংবিধান এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে আখ্যা দিছে । সংবিধানৰ ৪২ তম সংশোধনীৰ জৰিয়তে এই শব্দটো অন্তর্ভুক্ত কৰা হৈছে । সংবিধান প্রণেতাসকলে প্রথমৰ পৰাই সমাজবাদ পােষকতা যদিওঁ ৪২ তম সংশোধনীৰ পাছত ই এত নতুন গতি লাভ কৰে । এই সমাজবাদী আদৰ্শৰ ভিত্তিতেই  ইতিমধ্যে বিভিন্ন ব্যৱস্থা হাতত লােৱা হৈছে ।

৫ । ধর্ম নিৰপেক্ষ ৰাষ্ট্র -


 পঞ্চমতে , ৪২ তম সংশোধনীৰ জৰিয়তে ‘ ধর্ম নিৰপেক্ষ ’ ( Secular ) শব্দটো প্রস্তাৱনত অন্তর্ভুক্ত কৰা হৈছে । ধর্ম নিৰপেক্ষ অৰ্থ হৈছে ভাৰতৰ কোনাে ৰাজ ধৰ্ম নাথাকে । কোনাে বিশেষ ধর্মক ভাৰতীয় ৰাষ্ট্ৰই সা - সুবিধা প্রদান নকৰে । সকলাে ধর্মকে সমভাৱে গণ্য কৰিব । ভাৰতবর্ষ যে এখন ধর্ম নিৰপেক্ষ ৰাষ্ট এই কথা মৌলিক অধিকাৰত সন্নিৱিষ্ট সমতাৰ অধিকাৰ আৰু ধর্মীয় অধিকাৰৰ জৰিয়তে প্রতিপন্ন কৰিব পাৰি ।

৬ । ভাৰত এখন গণৰাজ্য -


 ষষ্ঠতে , সংবিধান প্রণেতাসকলে প্ৰস্তাৱনাৰ জৰিয়তে ভাৰতবৰ্ষক গণৰাজ্য ( Republic ) হিচাপে ঘােষণা কৰিছে । ইয়াৰ অৰ্থ হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্রপ্রধান বংশানুক্রমিক নহয় । ভাৰতৰ ৰাষ্ট্রপতি পৰােক্ষভাৱে নির্বাচিত প্রতিনিধিসকলে নির্বাচন কৰে ।


প্রস্তাৱনাৰ আদৰ্শ  ঃ ( Ideals of preamble ) 


প্রস্তাৱনাত উল্লেখ কৰা সমাজবাদী , ধর্ম নিৰপেক্ষ , গণতান্ত্রিক ( Socialsit , secular , democratic , republic ) এই লক্ষ্যসমূহ বাস্তৱত ৰূপায়িত কৰিবলৈ ন্যায় , সমাজ আৰু ভাতৃত্ববােধৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । প্রস্তাৱনাই ভাৰতৰ সকলাে লােককে সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় , চিন্তা , প্রকাশ , বিশ্বাস , ধর্ম সেয়েহে প্রস্তাৱনাৰ মূল আদর্শ যেনে ন্যায় ( Justice ) , স্বাধীনতা ( Liberty ) , সমতা ( Equality ) , আৰু ভাতৰোধ ( Fra termitv ) এক সঠিক ব্যাখ্যা হােৱাটো প্রয়ােজন । ন্যায় ( Justice ) প্ৰস্তাৱনাই সকলো লােককে সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদান কৰিবলৈ প্রতিশ্রুতিবদ্ধ ।

ন্যায় -


 ভাৰতীয় সমাজ ব্যৱস্থতি সামাজিক ন্যায়ৰ অৰ্থ হৈছে মানুহৰ মাজত কোনো কৃত্ৰুম ব্যৱস্থাত কোনো লোকক ব্যৱহাৰ কৰা নহয় । জাতি , বর্ণ , ধর্ম , ভাষা , শ্রেণী , অঞ্চল আদিৰ ভিত্তিত মানুহৰ মাজত বাছ - বিচাৰ কৰা নহব । প্রস্তাৱনাই ভাৰতীয় জনসাধাৰণক অর্থনৈতিক ন্যায়ৰাে প্রতিশ্ৰুতি জনসাধাৰণক অর্থনৈতিক ন্যায়ৰাে প্রতিশ্রুতি দিছে । সমাজবাদী আদর্শই এই অর্থনৈতিক ন্যায় স্থাপিত বিশেষভাৱে সহায় কৰিছে । ৰাষ্ট্ৰৰ নিদেশাত্মক নীতিয়ে সমাজত সম্পদৰ সম বিতৰন ব্যৱস্থা কৰিছে । পঞ্চবার্ষিক পৰিকল্পনাৰ জৰিয়তে বৃহৎ উদ্যোগ বিলাকক ৰাজওঁৱা খণ্ডত স্থাপনৰ ব্যৱস্থা কৰা হৈছে ।


স্বাধীনতা -


সংবিধানৰ প্ৰস্তাৱনাই ভাৰতীয় নাগৰিকক চিন্তা, প্ৰকাশ, বিশ্বাস, আৰ উপসনাৰ স্বাধীনতাৰ আশ্বাস দিয়া হৈছে । আধুনিক অৰ্থত এক কল্যাণকামী ৰাষ্ট্ৰৰ অৰ্থ হৈছে এনে কিছুমান সুবিধা প্রদান কৰা , যাৰ ওপৰত ভিত্তি কৰি ব্যক্তিয়ে নিজস্ব ক্ষমতা পায় ।

সমতা ( Equality ) -


সমতাৰ অৰ্থ হৈছে সমান মর্যাদা আৰু মানুহ হিচাপে প্ৰতি জন নাগৰিকক সম - স্থান প্ৰদান কৰা । ভাৰতীয় সংবিধানে গােষ্ঠী , জাতি , ধর্ম , জন্মস্থান , ভাষা আদিৰ ভিত্তিত থকা বাচ - বিচাৰ খণ্ডন কৰি সকলাে মানুহৰ মাজত সমতা স্থাপন কৰিব বিচাৰিছে । চৰকাৰী নিয়ােগৰ ক্ষেত্ৰত পিছ পৰা আৰু দুর্বল শ্ৰেণীৰ লােকৰ বাহিৰে সকলােকে সমানে সুবিধা দিয়াৰ ব্যৱস্থা কৰিছে ।

 ভাতৃত্ব ( Fraternity )ঃ 


সংবিধানৰ প্ৰস্তাৱনাত ভাৰতীয় নাগৰিকসকলক সমান সুযােগ আৰু সম মর্যদা দি নাগৰিকসকলৰ মাজত ভাতৃত্ববােধ আৰু জাতীয় সংহতি শক্তিশালী কৰাৰ বাবে প্রচেষ্টা চলােৱা হৈছে । ভাতৃত্ব ( Fra ternity ) বােধৰ জৰিয়তে ব্যক্তিৰ মর্যাদা সুনিশ্চিত আৰু দেশৰ ঐক্য আৰু সংহতি ( Integrity ) মজবুত কৰিব বিচৰা হৈছে । এই সংহতি ( Integrity ) শব্দটো ৪২ তম সংবিধান সংশােধনৰ জৰিয়তে অন্তর্ভূক্ত কৰা হৈছে । সংবিধান প্রণেতাসকলে সেই সময়ত থকা বিভেদকামী শক্তিবিলাকৰ পৰা যাতে ভাৰতৰ স্থিতি দুর্বল নহয় তাৰ বাবে ব্যৱস্থা কৰিবলৈ সংহতি আৰু ঐক্যৰ ওপৰত বিশেষ গুৰুত্ব দিছে । পৰিশেষত , সংবিধানৰ প্ৰস্তাৱনাৰ তলত দিয়া দিশকেইটাৰ কথা উল্লেখ কৰিব পাৰি -

প্রথমতে , সংবিধান প্রণেতাসকলৰ ইচ্ছা আৰু উদ্দেশ্য এই প্রস্তাৱনাত প্ৰকাশ পাইছে ।

 দ্বিতীয়তে , এই প্রস্তাৱনাই সংবিধানৰ আর্থ - সামাজিক আৰু ৰাজনৈতিক লক্ষ্যসমূহ উপস্থাপন কৰিছে ।

তৃতীয়তে , প্ৰস্তাৱনাটো হ ' ল সংবিধানখনৰ এক সংক্ষিপ্ত বিৱৰণ । বিভিন্ন দফা আৰু অনুচ্ছেদ বিলাকে প্রস্তাৱনাৰ দিশ বিলাক বিস্তৃতভাৱে ব্যাখ্যা কৰিছে বুলি ক ' লেও অতিৰঞ্জিত কৰা নহয় । সেয়েহে প্ৰস্তাৱনাক সংবিধানখনৰ দৰ্শন ’ আৰু “ আত্মা ’ বুলি কোৱা হয় ।


প্রস্তাৱনাৰ মূল আসোঁৱাহসমূহ ঃ 


 সংবিধানৰ প্ৰস্তাৱনাটোক যদি উচ্চ আসনত ৰখা হয় , তথাপি প্রস্তাৱনাটোৰ কিছু আসোঁৱাহ নথকা নহয় । তলত দিয়া আসোঁৱাহসমূহ এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি

১ । “ আমি ভাৰতীয় নাগৰিক ” নামৰ উক্তিষাৰ সম্পূর্ণ ভুল ( Misnomer ) । কিয়নাে , ভাৰতীয় জনসাধাৰণক প্রকৃতার্থত সংবিধান পৰিষদে প্রতিনিধিত্ব কৰা নাছিল । ৰাজ্যৰ সদস্যসকলক নির্বাচিত কৰা হােৱা নাছিল , তেওঁলােকক মাথোঁ মনােনীতহে কৰা হৈছিল । অন্যান্য সদস্যসকলকো পৰােক্ষভাৱে নির্বাচন কৰা হৈছিল ।


২ । প্রস্তাৱনাত উল্লেখ থকা আদর্শবিলাক স্পষ্ট নহয় । নির্দিষ্ট আদৰ্শৰ প্রতি কোনাে আনুগত্য দেখুৱা নাই । শব্দৰ ব্যৱহাৰ ইমান শিথিল যে , ইয়াক যিকোনাে প্রকাৰে আলােচনা কৰিব পাৰি ।

৩ । পি . বি . গজেন্দ্রগডকাৰৰ ( P . B . Gagendrakadkar ) মতে , সংবিধানৰ প্ৰস্তাৱনাটো ক্ষমতাৰ উৎস নহয় আৰু ই বিবাদ যোগ্য নহয় । এই প্রস্তাৱনাটো সংবিধান প্রণেতাসকলৰ এক আদর্শগত সপােনহে মাথােন ।

৪ । বহু ক্ষেত্ৰত প্ৰস্তাৱনাৰ আদর্শসমূহ কেৱল মাথোঁ শ্ল ' গান হৈ ৰ ’ ল । গণতন্ত্র ভাৰতবৰ্ষত এক সফল ৰাজনৈতিক ব্যৱস্থা বুলি এতিয়াও ক ’ ৱ নােৱাৰি । জাতি , ধর্ম , ভাষা , গােষ্ঠী , অঞ্চলৰ নামত বিভক্ত ভাৰতীয় সমাজত গণতন্ত্র , ধর্ম নিৰপেক্ষতা , সমাজবাদ আদি আদর্শসমূহ কৃতকার্য হ ’ ব পৰা নাই ।

৫ । বর্তমান সময়ত চৰকাৰৰ দ্বাৰা প্ৰচলিত উদাৰকৰণ নীতিয়ে সমাজবাদী আৰু ৰাষ্ট্ৰৰ সার্বভৌম নীতিক উলংঘা কৰিছে । নেহৰুৰ দ্বাৰা প্রচলিত সমাজবাদী অর্থনীতিত বহুত আমূল পৰিবর্তন অনা হৈছে । তদুপৰি বহু ক্ষেত্ৰত অর্থনৈতিক উদাৰকৰণ নীতিয়ে ( Economic Liberlisation ) দেশৰ সার্বভৌমত্বক ক্ষুন্ন কৰিছে বুলি দেশৰ এজন আগশাৰীৰ অর্থনীতিবিদ প্রভাত পাটনায়কে মত পােষণ কৰিছে ।

প্রস্তাৱনাৰ সম্পৰ্কত বহু লােকে সমালােচনাত্মক মতামত আগবঢ়ালেও এইকথা অনস্বীকার্য যে প্রস্তাৱনাটো নহ'লে সংবিধানখন লক্ষবিহীন হব ।

গতিকে এইয়াই হৈছে ভাৰতীয় সংবিধান খনৰ প্ৰস্তাৱনাৰ এক বিশেষ আলোচনা ।

Post a Comment

0 Comments