নবীন চন্দ্ৰ বৰদলৈ

নবীন চন্দ্ৰ বৰদলৈ



কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জন্ম হয় ১৮৭৫ চনৰ ৩ নৱেম্বৰত উত্তৰ গুৱাহাটীত। তেওঁৰ পিতৃৰ নাম ৰায় বাহাদুৰ মাধৱ চন্দ্ৰ বৰদলৈ আৰু মাকৰ নাম সোমেশ্বৰী দেৱী। তেওঁ উত্তৰ গুৱাহাটীত বাল্যকাল পাৰ কৰি দেউতাকৰ কৰ্মস্থান তেজপুৰলৈ আহে। তেওঁ ১৮৯২ চনত তেজপুৰ হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰে। পাছত তেওঁ আইনৰ পৰীক্ষা পাছ কৰে। তেওঁ ১৮৯৪ চনত কলকাতাৰ ছেণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা এফ. এ আৰু ১৮৯৮ চনত কলকাতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা বি. এ পাছ কৰাৰ পিছত তেওঁ আইনৰ পৰীক্ষাও পাছ কৰে। তেওঁ গুৱাহাটীত প্রথমতে ওকালতি কৰিপছত কলকাতাত ওকালতি কৰে। ১৯০৮ চনৰ পৰা ১৯৯৮ চনলৈ তেওঁ কলিকতা হাইকোৰ্টত ওকালতি কৰে। মাতৃ অসুস্থ হোৱাত তেওঁ ১৯১৮ চনত গুৱাহাটীলৈ আহি স্থায়ীভাৱে ওকালতি কৰিবলৈ লয়। তেওঁ হেমন্ত কুমাৰী দেৱীক বিয়া কৰায়ে

ৰাজনৈতিকভাৱে সচেতন বৰদলৈয়ে শিক্ষা সমাপ্ত কৰি জাতীয় অনুষ্ঠান আসাম এছ'চিয়েচনৰ লগত জড়িত হৈ পৰে। ১৯১৪ চনত তেওঁ উক্ত সংগঠনৰ ডিব্ৰুগড় অধিৱেশনৰ সভাপতি নির্বাচিত হয়। পিছত জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ ১৯২০ চনত তেওঁ কংগ্ৰেছৰ নাগপুৰ অধিৱেশনত অংশগ্ৰহণ কৰে। গান্ধীজীৰ নেতৃত্বত গঢ়ি উঠা অসহযোগ আন্দোলনৰ অসমৰ নেতৃত্ব লৈছিল নবীন চন্দ্ৰ বৰদলৈ আৰু চন্দ্ৰনাথ শৰ্মাই। ওকালতি ত্যাগ কৰি তেওঁ অসহযোগ আন্দোলনত জঁপিয়াই পৰিছিল। তাৰ ফলত তেওঁ কাৰাবাস খটিবলগীয়া হয়।

১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছৰ অধিৱেশনত অভ্যর্থনা সমিতিৰ তেওঁ সম্পাদক হয়। ১৯৩৪ চনত বৰদলৈ ভাৰতৰ ব্যৱস্থাপক সভালৈ নির্বাচিত হয়। তেওঁ গুৱাহাটী লোকেল বোৰ্ডৰো সভাপতি হয়। ব্যৱস্থাপক সভাত বিচক্ষণতা প্ৰদৰ্শনৰ লগতে স্বাধীনতা আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰত তেওঁ আগবঢ়োৱা তৎপৰতাৰ বাবে তেওঁক ‘কৰ্মবীৰ' উপাধি প্ৰদান কৰা হয়।

অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত অভূতপূর্ব বৰঙণি আগবঢ়োৱা বৰদলৈ ডাঙৰীয়াই ১৯৩৬ চনত ১৬ জানুৱাৰীত ইহলীলা ত্যাগ কৰে।

Post a Comment

0 Comments