ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ

আজিৰ এই লেখাত আমি ভাৰতীয় সংবিধান'ৰ বৈশিষ্টৰ ওপৰত বিশেষ আলোচনা কৰিম যিটো আলোচনা পঢ়িলে যিকোনো প্ৰতিযোগিতামুলক পৰীক্ষাত বহা পৰিক্ষাৰ্থীৰ বাবে অতি লাভজনক হব ।






ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহঃ ( Salient features of Indian Constitution ) -



ভাৰতীয় সংবিধানখন এখন অভিনৱ সংবিধান । ইয়াত বিভিন্ন দেশৰ সংবিধানৰ এক মিশ্রণ দেখিবলৈ পােৱা যায় । ১৯৪৯ চনত গ্ৰহণ কৰা ভাৰতৰ সংবিধান খনৰ বহুতাে মৌলিক পৰিবর্তন ঘটিছে বিশেষকৈ সংবিধানৰ ৭ম , ৪৪ তম আৰু ৭৪ তম সংশােধনীয়ে ভাৰতীয় সংবিধানক এক নতুন ৰূপ দিছে ।
এতিয়া আমি সংবিধানৰ মৌলিক বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ ' ল —

১ । লিখিত সংবিধান ( Written Constitution ) :


ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশৰ বাবে এখন লিখিত সংবিধানৰ নিতান্তই প্রয়ােজন । এই সংবিধান ৰচনা কৰিছিল সংবিধান সভাই । ড° আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা প্রস্তুত কাৰক কমিটীয়ে ( Drafting Committee ) প্রায় তিনিবছৰ পৰিশ্ৰম কৰি ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এখন নতুন সংবিদান প্রস্তুত কৰি উলিয়ায় । এই সংবিধানখনৰ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা বলবৎ কৰা হয় ।

২ । দীর্ঘতম সংবিধান ( Longest known constitution )


পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ সংবিধানখনকেই সর্ববৃহৎ আৰু দীর্ঘতম সংবিধান বুলি কোৱা হয় । প্রথমর্তে সংবিধানখনত ৩৯৫ টা অনুচ্ছেদ ( articles ) আৰু ৮টা অনুসূচী ( schedule ) আছিল । ১৯৯৩ - ৯৪ চনলৈকে ৪১১ টা অনুচ্ছেদ আৰু ১২ টা অনুসূচী সংবিধানত অন্তর্ভূক্ত হৈছে । সংবিধানখন ইমান ডাঙৰ আৰু বহল হােৱাৰ মূল কাৰণসমূহ হৈছেঃ ।

( ক ) সংবিধান প্রণেতাসকলে বিভিন্ন সংবিধানৰ অভিজ্ঞতা লৈ ভাৰতীয় পৰিস্থিতিত এনে এক ব্যৱস্থা কৰিব বিচাৰিছিল ; যাতে ই সকলাে দিশ চুই যাব পাৰে ।

( খ ) স্বাধীনতাৰ পাছত গ্ৰহণ কৰা সংবিধানখনে ১৯৩৫ চনৰ আইনৰ বহু পৰিমাণৰ দফা গ্ৰহণ কৰিছে ।

( গ ) চৰকাৰে যাতে নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ পৰা বিচলিত হ ' ব নােৱাৰে তাৰ বাবে সংবিধানত চৰকাৰৰ বিভিন্ন কার্যাৱলী বিশদভাৱে আলােচনা কৰা হৈছে ।

( ঘ ) ৰাজ্যসমূহৰ বিভিন্ন দিশ এই সংবিধানত অন্তর্ভূক্ত কৰিব লগা হােৱা বাবে সংবিধানৰ আকাৰ বৃদ্ধি পালে ।

তদুপৰি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিধানপালিকা ( Legislative ) , কাৰ্যপালিকা ( Executive ) আৰু ন্যায়পালিক ( Judicial ) বিভিন্ন সম্পর্ক বহুলভাৱে আলােচনা কৰা হৈছে ।

ইয়াৰ উপৰি আঞ্চলিক কিছুমান সমস্যাৰ বাবে নাগালেণ্ড , অসম , মণিপুৰ , অন্ধ্র প্রদেশ , মহাৰাষ্ট্র , গুজৰাট , ছিকিম আদি ৰাজ্য বিলাকত বিশেষ ব্যৱস্থা ( special provision ) কৰিবলগাৰ বাবে সংবিধানৰ আকাৰ স্বাভাৱিকতেই বৃদ্ধি পালে ।


৩ । আংশিকভাৱেনমনীয় আৰু আংশিকভাৱেকঠিন সংবিধান ( partly Flexible and Partly Rigid constitu tion ) :


ভাৰতবৰ্ষৰ সংবিধানত নমনীয় আৰু কঠিন দুয়াে দিশৰ এক অপূর্ব সংশ্ৰিণ ঘটিছে । ৩৬৮অনুচ্ছেদে সংবিধান সংশােধনীৰ তিনিটা প্ৰকাৰ উল্লেখ কৰিছেঃ

ক ) এখন ৰাজ্যৰ পৰিসীমা বদলি কৰা , কোনাে ৰাজ্যৰ নাম পৰিবৰ্তন কৰা আদি কাম কেন্দ্রীয় সংসদে অকলেই কৰিব পাৰে । ইয়াত ৰাজ্যবিলাকৰ অনুমতিৰ প্ৰয়ােজন নাই । এনে সংশােধনী প্রস্তাৱ সংসদত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰিব পাৰি ।

খ ) আন কিছুমান অনুচ্ছেদ কেন্দ্রীয় সংসদে অকলে সংশােধন কৰিব পাৰে যদিও কিছু ক্ষেত্ৰত সংশােধনী প্ৰস্তাৱত কেন্দ্রীয় সংসদৰ উভয় সদনত বেলেগে বেলেগে ভােটদান কৰিব লাগিব । ভােটদান কৰা সদস্যসকলৰ ভিতৰত ২ / ৩ অংশ সদস্যৰ সমর্থনৰ দৰকাৰ হয় আৰু এনেদৰে সমর্থন কৰা সদস্য সংখ্যা সংশ্লিষ্ট সদনখনৰ মুঠ সদস্যৰ আধাতকৈ বেছি হ ' ব লাগিব ।

গ ) কিছুমান অনুচ্ছেদ সংশােধন কৰিবলৈ হ ' লে ( খ ) ত উল্লেখ কৰা মতে সংশােধনী প্রস্তাৱ কেন্দ্রীয় সংসদ উভয় সদনত গৃহীত হােৱাৰ উপৰিও অতি কমেও আধা ৰাজ্যিক বিধান মণ্ডল সমূহৰ সন্মতিৰ দৰকাৰ হয় । বহু পণ্ডিতে সংবিধান সংশােধনী প্রক্রিয়টোক ইংলেণ্ডৰ সংবিধানৰ নিচিনা কঠিনা নহয় বুলি উল্লেখ কৰিছে যদিও দুর্গা দাস বসুৰ দৰে বিশেষজ্ঞৰ মতে ভাৰতীয় সংবিধানখন প্রধানতঃ নমনীয় । প্রায়বিলাক গুৰুত্বপূৰ্ণ দফা সংসদে সাধাৰণ সংখ্যাগৰিষ্ঠ ভােটৰ দ্বাৰা গৃহীত কৰিব লাগে ।

৪ । সংসদীয় ৰাজনৈতিক ব্যবস্থা ( Parliamentary political system )ঃ


সংসদীয় ৰাজনৈতিক ব্যৱস্থাটো প্রধানতঃ ইংলেণ্ডৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছে । সাংবিধানিক ভাৱে ৰাষ্ট্রপতিক ৰাষ্ট্রপ্রধান বুলি কোৱা হৈছে যদিও , প্রধানমন্ত্রী আৰু সতীর্থ বর্গইহে প্রকৃত ক্ষমতা ভােগ কৰে । ৰাষ্ট্ৰৰ প্ৰধানৰ নামত দেশৰ শাসনতন্ত্র চৰকাৰৰ প্রধান অর্থাৎ প্রধানমন্ত্রী তথা তেওঁৰ সতীর্থবৃন্দই চলায় । প্রধানমন্ত্রী আৰু তেওঁৰ সতীর্থবৃন্দ তেওঁলােকৰ কার্যাৱলীৰ বাবে সংসদৰ ওচৰত দায়বদ্ধ । চৰকাৰৰ প্ৰধান নীতিসমূহ সংসদত গৃহীত হ ' ব লাগে । চৰকাৰে সদনৰ সংখ্যাগৰিষ্ঠ সদস্যৰ আস্থা হেৰুৱালে পদত্যাগ কৰিব লাগে । মন্ত্রীসবাৰ সদস্যসকল সংসদ সদস্য । সেয়েহে ভাৰতীয় সংসদীয় ব্যৱস্থাত মন্ত্রীসভা আৰু সদনৰ মাজত এক ওতপ্রােত সম্পর্ক আছে ।


৫ । ক্ষমতাৰ পৃথকীকৰণ নীতিৰ অনুপস্থিতি ( Absence of separation of powers )ঃ


আমেৰিকাৰ দৰে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত বিধানমণ্ডল , কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজত এক ব্যৱধান আছে । পৰস্পৰে পৰস্পৰৰ কার্যাৱলীক হস্তক্ষেপ নকৰে । কিন্তু এনে ক্ষমতাৰ পৃথকীকৰণ নীতিৰ ব্যৱস্থা ভাৰতবৰ্ষত প্ৰৱন নাই । বিধানমণ্ডল আৰু ন্যায়পালিকা ওতপ্রােত ভাৱে জড়িত । কাৰ্যপালিকাৰ সদস্যসকল বিধান মণ্ডলৰাে সদস্য হ ’ ব লাগে । বিধান মণ্ডলৰ বাহিৰৰ কোনাে লােকক মন্ত্রী হিচাপে নিযুক্তি দিলেও কার্যভাৰ গ্ৰহণ কৰাৰ ছমাহৰ ভিতৰত বিধানমণ্ডলৰ সদস্য হ ' ব লাগিব ।

৬ । সার্বভৌম ৰাষ্ট্র ( Sovereign State )  ঃ


ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাই ভাৰতবৰ্ষক সার্বভৌম ৰাষ্ট্ৰ হিচাপে ঘােষণা কৰিছে । ভাৰতবৰ্ষই ব্রিটিছৰ কবলৰ পৰা মুক্ত হােৱাৰ লগে লগে ভাৰতে সার্বভৌম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পাইছে । ভাৰতবৰ্ষই নিজস্ব আভ্যন্তৰীণ আৰু বাহ্যিক নীতিসমূহ স্বতন্ত্রভাৱে নিৰূপিত কৰে ।

৭ । সমাজতান্ত্রিক ৰাষ্ট্ৰ ( Socialsit State )ঃ


১৯৭৬ চনৰ ৪২ তম সংবিধান সংশােধনৰ জৰিয়তে সমাজতান্ত্রিক শব্দটো প্ৰস্তাৱনাত অন্তর্ভুক্ত কৰা হয় । সমাজতান্ত্রিক ৰাষ্ট্র ব্যৱস্থা ভাৰতীয় সংবিধান ব্যৱস্থাৰ এক মূল বৈশিষ্ট্য । ভাৰতবৰ্ষৰ এই সমাজবাদ মার্ক্সীয় সমাজবাদ নহয় , ই হৈছে গণতান্ত্রিক সমাজবাদ ( Democratic socialism ) । ব্যক্তিগত আৰু ৰাজহ্বা খণ্ড দুয়ােটা ব্যৱস্থাকে স্বীকৃতি দিয়া হৈছে ।

৮ । ধর্মনিৰপেক্ষ ৰাষ্ট্র ( Secular State )ঃ 


সংবিধানৰ প্ৰস্তাৱনাই ভাৰতবৰ্ষক এখন ধর্মনিৰপেক্ষৰাষ্ট্ৰ হিচাপে ঘােষণা কৰিছে । ১৯৭৩ চনৰ কেশৱানন্দ ভাৰতী ৰায়ত উচ্চ ন্যায়ালয়ে এই ধর্মনিৰপেক্ষতাক ভাৰতীয় সমাজ জীৱনৰ এক মূল আধাৰ হিচাপে ঘােষণা কৰিছে । এই ধর্ম নিৰপেক্ষ নীতি অনুসৰি ভাৰতৰ কোনাে নিজস্ব ৰাজধর্ম নাই । কোনাে ধর্মকে ৰাষ্ট্ৰই বিশেষ অনুগ্রহ নেদেখুৱায় । ধৰ্মৰ ভিত্তিত কোনাে ব্যক্তিক বাছ বিচাৰ কৰা নহ ' ব । তদুপৰি ভাৰতীয় সংবিধানে প্রত্যেক ব্যক্তিকে নিজস্ব ধর্ম পালন আৰু প্ৰচাৰৰ অধিকাৰ দিছে । ভাৰতৰ দৰে বহু ধর্মীয় এখন দেশত এই ধর্ম নিৰপেক্ষতা নিতান্তই প্রয়ােজনীয় । ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশােধনীৰ দৰিয়তে এইধৰ্মনিৰপেক্ষ ’ শব্দটো যুক্ত কৰা হয় ।


৯ । গণতান্ত্রিক গণৰাজ্য ( Democratic Republic ) :


ভাৰতৰ সংবিধানৰ এক মূল বৈশিষ্ট্য হৈছে যে , ভাৰত এখন গণতান্ত্রিক গণৰাজ্য । দেশখনত জাতি , ধর্ম , ভাষা , বর্ণ নির্বিশেষে সকলোে প্রাপ্তবয়স্ক নাগৰিককে ভােটাদিকাৰ দিয়াৰ ব্যৱস্থা আছে । তদুপৰি গণতান্ত্রিক ব্যৱস্থাৰ নিয়ম অনুসৰি ব্যক্তি স্বাধীনতা মৌলিক অধিকাৰৰ জৰিয়তে প্রদান কৰা হৈছে । উল্লেখযােগ্য যে , ভাৰতক এখন গণৰাজ্য বুলি কোৱা হয় ; কিয়নাে ইয়াৰমুখ্য ৰাষ্ট্রপ্রধানজন বা ৰাষ্ট্রপতিজনক নির্বাচন কৰা হয় ।


১০ । সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় ( Social , Economic and Political Justice )


সংবিধানে সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ সংকল্পৰ কথা প্রস্তাৱনাৰ জৰিয়ত ঘােষণা কৰিছে । সামাজিকভাৱে জাতি , ধর্ম , ভাষা , গােষ্ঠী আদিৰ ভিত্তিত বাছ - বিচাৰ বন্ধ কৰা হৈছে । অর্থনৈতিক ন্যায়ৰ বাবে ৰাজহুৱা খণ্ডৰ জৰিয়তে বিভিন্ন লােকৰ উন্নতিৰ বাবে ব্যৱস্থা কৰা হৈছে । তদুপৰি সমাজৰ দুর্বল শ্ৰেণীৰ লােকৰ বাবে আসম সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । ৰাজনৈতিক দিশত জাতি , বর্ণ , নির্বিশেষে প্রাপ্তবয়স্ক ভােটাধিকাৰ আৰু অন্যান্য ৰাজনৈতিক অধিকাৰ প্রদান কৰা হৈছে ।

১১ । মৌলিক অধিকাৰৰ অন্তর্ভূক্তি ( Incorporation of Fyndamental Rights )  ঃ


ব্যক্তিৰ ব্যক্তিত্ব আৰু প্রতিভা বিকাশৰ বাবে কিছুমান সা - সুবিধাৰ প্রয়ােজন । ভাৰতীয় সংবিধানে যিখিনি সা - সুবিধা প্রদান কৰিছে , সেইবিলাকক মৌলিক অধিকাৰ হিচাপে জনা যায় । সবিধানৰ তৃতীয় অধ্যায়ত ছটা মৌলিক অধিকাৰ অন্তর্ভুক্ত কৰা হৈছে

ক ) সমতাৰ অধিকাৰ ,
( খ ) স্বাধীনতাৰ অধিকাৰ ,
( গ ) শােষণৰ বিৰুদ্ধে অধিকাৰ ,
( ঘ ) ধর্মীয় অধিকাৰ ,
( ঙ ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ
( চ ) সাংবিধানিক প্রতিকাৰৰ অধিকাৰ ।

এই মৌলিক অধিকাৰত থকা সম্পত্তিৰ অধিকাৰক বর্তমান বাতিল কৰা হৈছে আৰুই বর্মন আইনগত অধিকাৰহে ( Legal Right ) ।


১২ । স্বাধীনন্যায় পালিকা ( Independent Judiciary )  ঃ


ভাৰতবৰ্ষৰ সংবিধান প্রণেতাসকলে আমেৰিকাৰ চৰকাৰৰ সীমিত ধাৰণাটো বিশেষভাৱে গুৰুত্ব দিছিল । সংবিধানেন্যায়পালিকাৰ নিজস্ব দিশত স্বতন্ত্র প্রদান কৰিছে । বিধানসভা বা আইনসভাই গৃহীত কৰা আইনসমূহ সংবিধানসন্মত হৈছেনে নাই তাক বিচাৰ কৰি চোৱাৰ দায়িত্ব ন্যায়পালিকাৰ । চৰকাৰী কোনাে আইনে যদি সংবিধান উলংঘা কৰে , আৰু তেনে আইনৰ ন্যায়ালয়ৰ দৃষ্টি আকর্ষণ , ন্যায়ালয়ে তেনে আইনক অবৈধ বুলি ঘােষণা কৰিব পাৰে । তদুপৰিনাগৰিকৰ মৌলিক অধিকাৰ সমূহ উলংঘা কৰিলে ব্যক্তিয়ে ন্যায়ালয়ৰ কাষ চাপিব পাৰে ।


১৩ । মৌলিক কর্তব্য অন্তর্ভুক্তি ( Incorporation of Fundamental Duties )  ঃ


সংবিধানৰ ৪২ তম সংশােধন জৰিয়তে নাগৰিকৰ কিছুমান কর্তব্য সংবিধানত অন্তর্ভূক্ত কৰা হৈছে । অধিকাৰ আৰু কৰ্তব্য দুয়ােটা এটা মুদ্ৰাৰ ইপািঠ সিপিঠিৰ দৰে । ব্যক্তিয়ে ৰাষ্ট্রৰ প্ৰতি থকা কর্তব্যসমূহ যাতে সঠিকভাৱে পালন কৰে , তাৰ বাবে এই মৌলিক কর্তব্যসমু অন্তর্ভূক্ত কৰা হৈছে । সংবিধান মানি চলা , জাতীয় পতাকা আৰু ৰাষ্ট্রীয় সংগীতৰ প্ৰতি সংম্মান প্রদর্শন কৰা , ভাৰতবর্ষ সার্বভৌমত্ব ৰক্ষাকৰা , ৰাজহ্বা সম্পত্তি ৰক্ষা কৰা আদি মুঠ দহটা কর্তব্য অন্তর্ভূক্ত কৰা হৈছে ।


১৪ । যুক্তৰাষ্ট্ৰীয় শাসন ব্যবস্থা ( Fedaral System ) :


ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰীয় ’ শব্দটো ক ’ তাে উল্লেখ নাই যদিও , প্রথম অনুচ্ছেদে ভাৰতবৰ্ষক ৰাজ্যসমূহৰ সংঘ ( Union of states ) বুলি উল্লেখ কৰিছে । ড° আম্বেদকাৰৰ মতে , ভাৰতৰ সংবিধান সাংগঠনিকভাৱে যুক্তৰাষ্ট্ৰীয় হলেও ই প্রধানতঃ ৰাজ্যসমূহৰ সংঘ , কিয়নাে -

( ক ) ভাৰতীয় যুক্তৰাষ্ট্ৰ ইয়াৰ অংগৰাজ্যসমূহৰ মাজত হােৱা কোনাে চুক্তিৰ পৰা সৃষ্টি হােৱা নাই আৰু দ্বিতীয়তে
( খ ) অংগৰাজ্যসমূহৰ ভাৰতৰ পৰা ওলাই যােৱাৰ কোনাে অধিকাৰ নাই । তথাপি এখন যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সকলাে বৈশিষ্ট্য ভাৰতীয় সংবিধানত আছে , কেন্দ্ৰ আৰু ৰাজ্য এই দুয়ােটা প্রশাসনিক গােট আছে , কেন্দ্ৰ আৰু ৰাজ্যই নির্দিষ্ট দিশত স্বতন্ত্রভাৱে শাসন পৰিচালনা কৰে আৰু সাংবিধানিক আইনৰ সুৰক্ষাৰ বাবে এক স্বতন্ত্র তথা নিৰপেক্ষ ন্যায়ালয়ৰ ব্যৱস্থা আছে । ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয় আৰ্হিত নির্মিত হলেও এই কথা অনস্বীকার্য যে , কেন্দ্রীয় চৰকাৰ ৰাজ্য চৰকাৰতকৈ অধিক শক্তিশালী । সেয়েহে প্ৰফেচাৰ কে . চি . হুৱেৰে ( K . C . Wheare ) উল্লেখ কৰিছে “ The Indian constitution establishes a unitary state with subsidiary federal features rather than a federal state with subsidiary unitary features . ” “ ভাৰতীয় সংবিধানে এক কেন্দ্রীয় চৰকাৰ স্থাপন কৰিছে , য ' ত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ লগে লগে কিছুমান কেন্দ্রীভূত চৰকাৰৰ বৈশিষ্ট্য থকাৰ পৰিবৰ্তে কেন্দ্রীভূত ব্যৱস্থাৰ লগে লগে কিছুমান যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য আছে । ”


১৫ । নির্দেশাত্মক নীতি অন্তর্ভূক্তি ( Incorporation of directive principles of state policy ) :


সংবিধানৰ উল্লেখযােগ্য বৈশিষ্ট্যবিলাকৰ এক অন্যতম দিশ হৈছে নির্দেশাত্মক নীতিৰ অন্তর্ভূক্তিকৰণ । সংবিধানৰ চতুর্থ অধ্যায়ৰ ৩৬ৰ পৰা ৫১নং অনুচ্ছেদলৈকে নির্দেশাত্মক নীতিৰ ব্যৱস্থা আছে । এই নির্দেশাত্মকনীতিবিলাক মূলতঃ তলত দিয়া ধৰণেৰে ভাগ কৰিব পাৰি ।

১ । এই নীতিবিলাক ৰাষ্ট্ৰই গ্ৰহণ কৰিব লগা কিছুমান সামাজিক আৰু অর্থনৈতিক নীতিৰ কথা উল্লেখ কৰিছে ।
২ । ৰাষ্ট্ৰই আইনগত আৰু প্ৰশাসনীয় কার্য কিদৰে সমাপন কৰিব তাৰ বিশদ বিৱৰণ ইয়াত উল্লেখ কৰা হৈছে ।
৩ । এখন কল্যাণমূলক ৰাষ্ট্র স্থাপনৰ বাবে ল ' ব লগা দিশসমূহ এই নীতিয়ে উল্লেখ কৰিছে ।



১৬ । স্বতন্ত্র অনুষ্ঠানৰ ব্যৱস্থা ( Provision of certain Independent agencies )  ঃ


সংবিধানে কিছুমান স্বতন্ত্র অনুষ্ঠানৰ ব্যৱস্থা কৰিছে । নির্বাচনী আয়ােগ ( Election Commission ) , লােকসেৱা আয়ােগ ( Union Public Service Commission ) বিত্তীয় আয়ােগ ( Finance Commission ) আদি কিছুমান সংবিধান স্বীকৃতি অনুষ্ঠান ।


১৭ । চৰকাৰী ভাষাৰ ব্যৱস্থা ( Provision for official language )  ঃ


হিন্দী ভাষাক সমগ্ৰ দেশৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে । দেশৰ ঐক্য সুনিশ্চিত কৰিবৰ বাবে এনে ব্যৱস্থা কৰা হৈছে । কিন্তু কিছুমান ৰাজ্যত হিন্দী ভাষাৰ প্ৰচলন বহুলভাৱে নােহােৱাৰ বাবে ১৯৬৩ চনৰ চৰকাৰী ভাষা আইনৰ মতে ইংৰাজী ভাষাকো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে ।

১৮ । একনাগৰিকত্ব ব্যৱস্থা ( SingleCitizenship )ঃ


ৰাজ্যসংঘ হােৱা সত্বেও ভাৰতবৰ্ষৰ সংবিধানে একনাগৰিকত্বহে ব্যৱস্থা কৰিছে । আমেৰিকাৰ দৰে দ্বি - নাগৰিকত্বৰ ব্যৱস্থা হােৱা নাই । দেশত ঐক্যৰ ভাৱ সুদঢ় কৰিবৰ বাবেই এক নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে ।


১৯ । সর্বভাৰতীয় চৰকাৰী সেৱাৰ ব্যৱস্থা ( All India services ) :


ভাৰতীয় সংবিধানৰ এক প্রধান বৈশিষ্ট্য হৈছে সৰ্বভাৰতীয় চৰকাৰী সেৱা । লােকসেৱা আয়ােগে নির্বাচন কৰা এই বিষয়াসকলকৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে । গুৰুত্বপূর্ণ । সর্বভাৰতীয় সেৱাসমূহ হৈছে সর্বভাৰতীয় প্রশাসনিক সেৱা ( Indian administrative service ) , সর্বভাৰতীয় পুলিচ সেৱা ( Indian Police service ) ইত্যাদি ।


২০ । সংবিধানৰ প্ৰস্তাৱনা ( Preamble to the constitution )


ভাৰতীয় সংবিধানৰ এক প্ৰস্তাৱনা আছে , যিয়েই ভাৰতীয় সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্যক স্পষ্টভাৱে উল্লেখ কৰিছে । এই প্রস্তাৱনাই ভাৰতক সার্বভৌম , সমাজবাদী , ধর্মনিৰপেক্ষ , গণতান্ত্রিক লােকতন্ত্ৰ হিচাপে ঘােষণা কৰিছে ।

২১ । দলবদলি প্রতিবােধ ব্যৱস্থা ( Anti defection provisions )ঃ


সময় সুবিধা মতে দলবদলি কৰাটোৱে ভাৰতীয় ৰাজনৈতিক দলসমূহৰ মাজত এক প্রধান সমস্যা হিচাপে দেখা দিছিল । এই সমস্যা সমাধান কৰিবৰ বাবে ১৯৮৫ চনত দলবদলি বােদ কৰা আইন প্ৰৱৰ্তন কৰা হয় ।


২২ । এক অপৰাধমূলক আইন ( Uniform criminal laws )ঃ


সমগ্ৰ দেশত সংবিধানে এক অপৰাধমূলক আইন প্রবতন কৰিছে । তদুপৰি ধর্মীয় ভিত্তিত আইন পৰিহাৰ কৰি সকলাে ক্ষেত্ৰতে সম - আইন প্রৱর্জকৰিবৰ বাবে নির্দেশাত্মক নীতিয়ে উপদেশ দিছে ।


২৩ । প্রাপ্তবয়স্ক ভােটাধিকাৰ ব্যৱস্থা ( Universal adult franchise )ঃ


দেশত ৰাজনৈতিক ঐক্য সুনিশ্চিত কৰিবৰ ববে সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ ব্যৱস্থা কৰা হৈছে । ১৮ বছৰ আৰু ওপৰৰ সকলাে লােকে ভােটাধিকাৰ সাব্যস্ত কৰিব পাৰে । এই ব্যৱস্থাই দেশত গণতন্ত্রক সুদৃঢ়ভাৱে স্থাপন কৰিলে ।


২৪ । সংবিধান সংশােধনৰ ব্যৱস্থা ( Constitutional amendments )ঃ


সংবিধানৰ ৩৬৮ তম অনুচ্ছেদে সংবিধান সংশােধনৰ ব্যৱস্থা কৰিছে । দেশৰ পৰিবর্তিত পৰিস্থিতিৰ লগত মােকাবিলা কৰিবৰ বাবে সংবিধান সংশােধন কৰা হৈছে ।


২৫ । জৰুৰীকালীন ব্যৱস্থা ( Emergency provision ) :


সংবিধানখনৰ এক উল্লেখযােগ্য বৈশিষ্ট্য হ ’ ল ইয়াৰ জৰুৰীকালীন ব্যৱস্থা । ভাৰতবৰ্ষত ৰাষ্ট্রপতিয়ে তিনিপ্রকাৰৰ জৰুৰীকালীন ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰে । এই তিনি প্ৰকাৰৰ জৰুৰীকালীন ব্যৱস্থা হৈছে
( ক ) জাতীয় জৰুৰীকালীন ব্যৱস্থা ( অনুঃ৩৫২ )
( খ ) ৰাজ্যসমূহত সাংবিধানিক অচলাৱস্থাযৰ বাবে ঘােষণা কৰা জৰুৰী অৱস্থা ৰাষ্ট্রপতি শাসন ( অনুঃ ৩৫৬ )
( গ ) বিত্তীয় জৰুৰীকালীন ব্যৱস্থা ( অনুঃ ৩৬০ ) ।

কিছুমান বিশেষ পৰিস্থিতিত উৎপন্ন হ ’ ব পৰা পৰৱেশ মােকাবিলা কৰিবৰ বাবে এই জৰুৰীকালীন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে । এই জৰুৰীকালীন ব্যৱস্থাৰ সময়ত কেন্দ্র সর্বশক্তিমান হৈ উঠে ।


গতিকে এইয়াই হৈছে ভাৰতীয় সংবিধানৰ মুল বৈশিষ্ট । ধন্যবাদ ।

Post a Comment

0 Comments