চন্দ্ৰপ্ৰভা শইকীয়ানী

চন্দ্ৰপ্ৰভা শইকীয়ানী

১৯০১ চনৰ ১৬ মার্চ তাৰিখে বৰপেটা জিলাৰ বজালী অঞ্চলৰ দৈ শিঙৰী গাঁৱত চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল ৰাতিৰাম মজুমদাৰ আৰু মাকৰ নাম আছিল গংগাপুৰীয়া মজুমদাৰ। তেওঁ নগাঁৱৰ মিছন স্কুলৰ পৰা নৰ্মাল পাছ কৰিছিল। চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীয়ে জন্মগ্রহণ কৰা শিঙৰী গাঁৱত কোনো পঢ়াশালি নাছিল। তেওঁ মাহীয়েকৰ ঘৰত থাকি বাটকুৰি বাই, বোকাপানী গচকি, জান-জুৰি পাৰ হৈ দূৰ-দূৰণিলৈ যাব লগা হৈছিল। 

শিক্ষা লাভ কৰি ঘৰতে বহি থাকিবলগীয়া হোৱাত তেওঁৰ মন ভাগি পৰিছিল। আনহাতে গাঁৱৰ ছোৱালী বোৰৰ কথা ভাবি তেওঁ চিন্তিত হৈছিল। সেয়ে তেওঁ দেউতাকৰ সহযোগত গাঁৱতেই এখন ছোৱালী স্কুল স্থাপন কৰিছিল। এয়া তেওঁৰ এক মৰসাহ আছিল। তাত তেওঁ শিক্ষকতাও কৰিছিল। ক'বলৈ গ'লে তেওঁ স্ত্রী-শিক্ষাৰ অন্যতম বাটকটীয়া আছিল। নাৰীসকল শিক্ষিত নহ'লে যে তেওঁলোকৰ মুক্তি হ’ব নোৱাৰে সেই কথাটো তেওঁ ভালদৰে উপলব্ধি কৰিছিল।

তেওঁ স্পষ্টবাদী আৰু স্বাধীন মনৰ মহিলা আছিল। তেৱেঁই সাহিত্য সভাৰ পুৰুষৰ লগতে মুকলি মঞ্চত মহিলা বহাৰ অধিকাৰ সাব্যস্ত কৰিছিল। অসমত চাইকেল চলোৱা প্ৰথম গৰাকী মহিলা হ’ল চন্দ্ৰপ্ৰভা শইকীয়ানী। ১৯২২ চনতেই তেওঁ প্রেমিক-সমাজ-সংসাৰ কাকো পৰোৱাই নকৰি কুমাৰী মাতৃত্বৰ দায়িত্ব বহন কৰি এক বিৰল বীৰত্বৰ পৰিচয় দিছিল। তেওঁ নাৰী সমাজক স্বাৱলম্বী কৰি তুলিবলৈ নানা আঁচনি গ্ৰহণ কৰিছিল। নিষ্পেষিত, দৰিদ্ৰ আৰু অৱহেলিত নাৰী সকলক উদ্ধাৰৰ কাৰণে তেওঁ কাম কৰিছিল।

তেওঁ একাধাৰে এগৰাকী স্বাধীনতা সংগ্রামী, সমাজ-সংস্কাৰক, লেখক, মহিলা সমিতিৰ প্ৰতিষ্ঠাত্ৰী আৰু নাৰীমুক্তি সংগ্ৰামৰ ধ্বজাধাৰী আছিল। ‘পিতৃ-ভিঠা’ তেওঁৰ এখন উল্লেখযোগ্য গ্রন্থ। ১৯৭২ চনৰ ১৬ মাৰ্চত তেখেতে ইহলীলা সম্বৰণ কৰে।

Post a Comment

0 Comments