যোগাসন - যোগাসন

যোগাসন  - যোগাসন



প্ৰণালী – প্ৰথমতে ভৰি দুখন সন্মুখৰ ফালে মেলি পোন হৈ বহক। তাৰ পাছত সোঁ ভৰিখন আঠুত ভাঁজ কৰি বাওঁ ভৰিৰ তললৈ সোঁ ভৰিখন আনক। এইবাৰ সোঁ ভৰিব গোৰোহাৰে বাওঁ তপিনা স্পৰ্শ কৰক আৰু বাওঁ ভৰিখন ভাঁজ কৰি আনি সোঁ ভৰিৰ ওপৰেৰে নি বাওঁটো গোৰোহাৰে সোঁ তপিনা স্পৰ্শ কৰক। তাৰ পাছত মেরুদণ্ড পোন কৰি বহক। এইবাৰ বাওঁ হাত মূৰৰ ওপৰলৈ তুলি কিলাকুটিত ভাঁজ কৰি পিঠিৰ ফালে নমাওক আৰু সোঁহাতৰ কিলাকুটি ভাঁজ কৰি বাওঁফালে ঘূৰাই বাওঁ হাতৰ আঙুলিত ধৰক। এইভাবে ৩০ চেকেও থাকি পাছত ভৰি বদলি কৰি লওক আৰু এই আসনটো ৪ বাৰ কৰক। পিছফালে সোঁহাতেৰে বাওঁহাত ধৰাতো অলপ বষ্টকৰ হয়। পিছত অভ্যাস কৰিলে সহজ হৈ যায়। 


উপকাৰিতা – এই আসন কৰিলে যিকোনো বাত, অৰ্শ, অনিদ্রা, মুত্র প্রদাহ নিৰাময় হয়।যেতিয়া মন আৰু দেহত কামনাৰ ইচ্ছা প্রবল হয় তেতিয়া এই আসন কৰিলে উত্তেজনা সাময়িক ভাবে প্রশমিত হয়।

Post a Comment

0 Comments