সিংহাসন - যোগাসন

সিংহাসন  - যোগাসন



প্রণালী – প্রথমে বজ্রাসনত বহক। এইবাৰ আঠু দুটা ধীৰে ধীৰে উৰ দুয়োফালে এনেদৰে নিয়ক যাতে উৰুৰ সংযোগ স্থলত ভালদৰে চাপ পৰে। তাৰ পাছত ভৰিৰ পতা দুখন অলপ আঁতৰাই নিতম্ব মাটিত ৰাখি দুই ভৰিৰ বুঢ়া আঙুলিত সংযোগ ঘটাওক। এই অৱস্থাত ধীৰে ধীৰে দুই দাঁতৰ পাৰি মেলি মুখ গহ্বৰ যিমান পাৰে মেলি দিয়ক আৰু যিমান পাৰে জিভা বাহিৰলৈ উলিয়াব। পোন হৈ বহক। এই অৱস্থাত এনেভাবে শ্বাস প্রশ্বাস ল’ব যাতে বেচ শব্দ হয় আৰু ভোকেল কর্ড কঁপি উঠে। ২০-২৫ চেকেণ্ড এই আসনত থাকি বিশ্রাম ল'ব, তাৰ পাছত আকৌ কৰিব ।

উপকাৰিতা – কণ্ঠস্বৰৰ কৰ্কশতা দূৰ হয়, কথা ক’লে বজি যোৱা স্বভাৱ দূৰ হয়, শ্ৰৱণ শক্তি বাঢ়ে। টনচিলৰ ৰোগ দূৰ হয়। সঙ্গীতৰ শিক্ষাৰ্থীৰ কণ্ঠস্বৰ মধুৰ হয়।

Post a Comment

0 Comments