যোগনিদ্রাসন - যোগাসন

যোগনিদ্রাসন  - যোগাসন


প্ৰণালী – প্ৰথমতে ওপৰলৈ মুখ কৰি ওই পৰক। তাৰ পাছত মূৰটো মাটিৰ পৰা - তুলি শ্বাস লৈ থাকক। এইবাৰ সোঁভৰি কান্ধৰ ওপৰত ৰাখক। ইয়াৰ বাবে হাতৰ সাহায্য লওক। তাৰ পাছত অনুরূপভাৱে হাতৰ সাহায্যত বাওঁ ভৰি কান্ধৰ ওপৰত য'ত সোঁভৰি আছে তাৰে গোৰোহাৰ ওপৰত ৰাখক। এইবাৰ দুইহাত কোমৰৰ কাষেৰে নি নিতম্বৰ তলত টানকৈ ধৰক। এই অৱস্থাত ১০ ১৫ চেকেণ্ড থাকি আকৌ ৫ চেকেণ্ড শ্বাসনত বিশ্রাম লৈ পুনৰ আসন কৰক। প্রতিদিন ৪ বাৰ এই আসন কৰা উচিত।

উপকাৰিতা – এই আসন অভ্যাস কৰিলে হৃদপিণ্ডৰ দুৰ্বলতা হ্রাস পায়। দীর্ঘদিন অভ্যাস কৰিলে অনিদ্ৰাজনিত ৰোগ দূৰ হয়। মনলৈ প্ৰফুল্লতা ঘুৰি আহে।

Post a Comment

0 Comments