পর্বতাসন - যোগাসন

পর্বতাসন  - যোগাসন



প্রণালী – প্রথমে পদ্মাসনত বহক। তার পাছত দুই হাত জানুৰ দুয়োকাষত ৰাখি শ্বাস গ্রহণ কৰি দুহাতৰ ওপৰত ভৰ দি পদ্মাসনৰত শৰীৰটো ওপবলৈ তোলক। তাৰ পাছত দুই আঠু মাটিত ৰাখি দুই হাত ওপবলৈ তোলক। সেই সময়ত শ্বাস প্রশ্বাস ঠিক ৰাখিব। এইদৰে ৩০ চেকেণ্ড থাকি শবাসনত বিশ্রাম লৈ ভৰি সলনি কৰি ৪ বাৰ এই আসন কৰক। 


উপকাৰিতা – এই আসন কৰিলে আঠু, কোমৰ আৰু কান্ধৰ বাত দূৰ হয়। উদৰ, হাওঁফাওঁ আৰু মেৰুদণ্ড সুস্থ হয়। স্পণ্ডেলাইটিচৰ ৰোগীয়ে এই আসন কৰা ভাল।

Post a Comment

0 Comments