নতুন ই- চাইকেল যি এবাৰ চাৰ্জ কৰিলে ১০০ কিঃ মিঃ চলে

নতুন ই- চাইকেল যি এবাৰ চাৰ্জ কৰিলে ১০০ কিঃ মিঃ চলে

ভাৰতীয় বজাৰত দৈনিক মূল্যবৃদ্ধিৰ লগতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যই সকলো সকলো লোকক বিপদত পেলাইছে । সেয়েহে, বৈদ্যুতিক স্কুটাৰ বা বৈদ্যুতিক বাহনবোৰে এনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প হিচাপে জনপ্ৰিয়তা লাভ কৰিছে। আৰু জনপ্ৰিয়তা লাভ কৰা সময়তেই আজি ভাৰতীয় বজাৰত কেইবাখনো electric চাইকেল মুকলি কৰাৰ খবৰ আহিছে ।

ভাৰতীয় বজাৰত এই ই-চাইকেল খণ্ডত কেইবাটাও কোম্পানীয়ে বৰ্তমান প্ৰায় প্ৰতিদিনে নতুন সামগ্ৰী আনি আছে। আৰু ইয়াৰে এনে এটা কোম্পানী আছে যি সকলোৰে মাজত বিশাল জনপ্ৰিয়তা লাভ কৰিছে, যাক স্মাৰট্ৰন বুলি কোৱা হয়। কোম্পানীটোৱে শেহতীয়াকৈ ভাৰতীয় বজাৰত ইয়াৰ দ্বিতীয়খন electric চাইকেল টিবাইক ৱান এক্স মুকলি কৰিছে। কোম্পানীটোৱে দাবী কৰিছে যে নতুন এই electric চাইকেল খন বিতৰণ আৰু মুকলিৰ ৰাইড-শ্বেয়াৰিংয়ে বজাৰত বৈপ্লৱিক পৰিৱৰ্তন আনিব ।কোম্পানীটোৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষই জনাইছে যে তেওঁলোকৰ কোম্পানীয়ে এই নতুন ই-বাইকৰ বাবে আন্তৰ্জাতিক বঁটাওঁ লাভ কৰিছে ।

মুলত কোম্পানীটোৱে মুকলি কৰা নতুন ই-চাইকেলখনৰ ফিচাৰ সম্পৰ্কে যদি আমি চাওঁ তেন্তে দেখা গৈছে যে এই নতুন বৈদ্যুতিক চাইকেল খনৰ টপ স্পিড গতি প্ৰতি ঘণ্টাত ২৫ কিলোমিটাৰ। লক্ষণীয় এই ই চাইকেল খন এটা চাৰ্জত ১০০ কিলোমিটাৰ লৈকে যাব পাৰিব । এই ই চাইকেলটোত অনবৰ্ড চাৰ্জিং  চাপৰ্ত কৰে । কোম্পানীটোৱে লগতে কৈছে যে তেওঁলোকে এই ই-চাইকেলখনৰ ফ্ৰেমটো লাইফটাইম গেৰাণ্টি দিব। এই ই-চাইকেলখনত মেগনেছিয়াম চকাও ব্যৱহাৰ কৰা হৈছে যি চাইকেলখন বেচি ষ্টৰং কৰি তুলিছে । 

মন কৰিবলগীয়া যে এই  ৱান এক্স চাইকেলখন মুখ্যতঃ B2B  ব্যৱসায়িক মডেলৰ কথা ধ্যান ৰাখি ডিজাইন কৰা হৈছে। এই চাইকেল খন ডেলিভাৰী বাইক আৰু ৰাইড শ্বেয়াৰিং বাইক হিচাপে ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই স্মাৰট্ৰন কোম্পানীটো ভাৰতীয় কোম্পানী হয় যি গৌৰৱৰ বিষয় । মুলত এই নতুন ই-চাইকেলৰ প্ৰতিটো অংশ আৰু সমগ্ৰ সামগ্রী ভাৰতত নিৰ্মাণ কৰা হৈছে এইয়ে ইয়াত এইটো ক'ব পাৰি যে  ই নিখুঁত "মেড ইন ইণ্ডিয়া" প্ৰডাক্ট । অৱশ্যে, এই ভাৰতীয় সামগ্ৰীৰে নিৰ্মান কৰা ই চাইকেলখন কেৱল ভাৰতীয় বজাৰত সীমাবদ্ধ হোৱা নাই । ইয়াক আফ্ৰিকা, উত্তৰ আৰু দক্ষিণ আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন স্থানত বিক্ৰী কৰা হ'ব। ভাৰতত এই বৈদ্যুতিক চাইকেলখনৰ মূল্য মাত্ৰ ৩৮ হাজাৰ টকা। অৱশ্যে, আন্তৰ্জাতিক বজাৰত ইয়াৰ মূল্য সম্পৰ্কে এতিয়াও কোনো স্পষ্টকে প্ৰকাশ কৰা হোৱা নাই।

Post a Comment

0 Comments