Oben Rorr Electric bike । এই বাইখনৰ মাইলেজ ২০০ কিঃমিঃ

Oben Rorr Electric bike । এই বাইখনৰ মাইলেজ ২০০ কিঃমিঃ



ভাৰতীয় বজাৰত দৈনিক  পেট্ৰ'ল আৰু ডিজেলৰ মূল্যই মুল্যবৃদ্ধিয়ে সকলো শ্ৰেণীৰ লোকক এক হাহাকাৰ হাহাকাৰৰ পৰিৱেশ সৃষ্টি কৰিছে। সেয়েহে, এই সময়ত ইলেক্টট্ৰিক স্কুটাৰ বা ইলেক্টট্ৰিক বাহনবোৰে এনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প হিচাপে জনপ্ৰিয়তা লাভ কৰিছে। যেনেদৰে ইলেক্টট্ৰিক স্কুটাৰবোৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ চিন্তাৰ পৰা পৰিত্ৰাণ পাইছে, এনেদৰে এই স্কুটাৰবোৰত ৰক্ষণাবেক্ষণ অথবা চেফটীৰ ক্ষেত্ৰতো অতি সস্তা ৰুপে প্ৰতিফলিত হৈছে । 




এইয়ে এতিয়া ভাৰতীয় বজাৰত ইলেক্টট্ৰিক বাহনৰ চাহিদা যোৱা কেইবছৰমানৰ পৰা বহুগুণে বৃদ্ধি পাইছে। আৰু এতিয়া ইলেক্টট্ৰিক বাহনবোৰ অতি ট্ৰেণ্ডি'ত আছে । ভাৰতীয় বজাৰত, এটাৰ পিছত এটা ষ্টাৰ্টআপ কোম্পানীয়ে বজাৰলৈ নতুন প্ৰযুক্তিবৈদ্যুতিক স্কুটি আনিছে। আৰু ইয়াৰে এনে ট্ৰেণ্ডিঙৰ সময়ত আমি আপোনালোকক এটা অতি গুৰুত্ব পুৰ্ণ ইলেক্টট্ৰিক স্কুটাৰৰ খবৰ জনাই দিম গতিকে আপুনি ভিডিঅ টো শেষলৈ চাব । মুলত খবৰটো হৈছে বেংগালুৰু চহৰৰ এটা ষ্টাৰ্টআপ কোম্পানী ওবেন ইভিয়ে মঙলবাৰে ইয়াৰ প্ৰথমখন বৈদ্যুতিক বাইক ওবেন ৰোৰ মুকলি কৰিলে । প্ৰথম পৰ্যায়ত, এই ইলেক্টট্ৰিক বাইকখন ভাৰতৰ মুঠ সাতখন ৰাজ্যত উপলব্ধ হ'ব আৰু বাইকখনৰ টেষ্ট ড্ৰাইভ মে মাহৰ পৰা ল'ব পাৰিব আৰু জুলাইৰ পৰা এই বাইক খন কিনিব পাৰিব । 




নতুনকৈ মুকলি কৰা বৈদ্যুতিক বাইক ওবেন ৰোৰৰ স্পেচিফিকেশ্বনৰ বিষয়ে যদি চাওঁ তেন্তে কব লাগিব এই ইলেক্টট্ৰিক বাইকখনত 4.4 কিলোৱাট লিথিয়াম আয়ন বেটাৰী আৰু 10 কিলোৱাটৰ বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰা হৈছে। এই মটৰে 63 NM টৰ্ক জেনেৰেট কৰিব পাৰে। যি এক অতি শক্তিশালী বুলি বৰ্তমান কব পাৰি ।  আপুনি শুনি আচৰিত হ'ব যে মাত্ৰ 3 ছেকেণ্ডত, এই বৈদ্যুতিক বাইকখন প্ৰতি ঘণ্টাত 0ৰ পৰা চল্লিশ কিলোমিটাৰ লৈ চলিব পাৰে। কোম্পানীটোৱে দাবী কৰিছে যে ইয়াৰ বৈদ্যুতিক বাইকৰ সৰ্বাধিক গতি প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ হ'ব। আনহাতে মাইলেজৰ ক্ষেত্ৰত  এই বাইকখন লক্ষণীয় দিশটো এইটোৱেই যে এই বাইক খন আপুনি এটা চাৰ্জত ২০০ কিলোমিটাৰ লৈকে চলিব পাৰিব ।





আনহাতে এই ইলেক্টট্ৰিক বাইকখনত আধুনিকতাৰ সৈতে সংগতি ৰাখি ৰেট্ৰো ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। বাইকখনত এটা ঘূৰণীয়া LED হেডলেম্প ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও, অন্যান্য প্ৰিমিয়াম বাইকৰ দৰে, এই বাইকখনত LED টাৰ্ণ ইণ্ডিকেটৰ আৰু টেইল লেম্পো আছে। আৰামদায়ক যাত্ৰাৰ বাবে দুটা চকাত টেলিস্কোপিক চাচপেনশ্বন আৰু ডিস্ক ব্ৰেক ব্যৱহাৰ কৰা হৈছে। ইয়াৰ বাহিৰেও, এই বাইকখনৰ ট্ৰিপল টোন ৰঙৰ চেহেৰাটো আচৰিতভাৱে ধুনীয়া দেখায়, যিয়ে বাইক খনক এক সুন্দৰ লুক দিয়ে । 




ভাৰতীয় এই কোম্পানীটোৱে এই বাইকখন বজাৰত মাত্ৰ ৯৯,৯৯৯ টকাত ইয়াৰ প্ৰথম ভেৰিয়েন্ট মুকলি কৰিব, অৱশ্যে, আপুনি ইয়াক মাত্ৰ 999 টকাত 18 মাৰ্চৰ পৰা বুক কৰিব পাৰিব কোম্পানীৰ অফিচিয়েল ৱেবছাইটলৈ গৈ । আনহাতে কোম্পানীটোৱে আশ্বাস দিছে যে ১৮ মাৰ্চৰ পৰা যিহলে বুকিং কৰিব তেওঁলোকক এই বছৰৰ জুলাই মাহৰৰ ভিতৰত হোম।ডেলিভাৰী কৰি দিব । কোম্পানীয়স এইয়াও কৈছে যে কোম্পানীটোৱে পৰৱৰ্তী দুবছৰত প্ৰতি ছয় মাহৰ মুৰে মিৰে নতুন নতুন ফিচাৰ সংযোজন কৰা অব্যাহত ৰাখিব।

Post a Comment

0 Comments