কোনাসন - যোগাসন

কোনাসন - যোগাসন



প্রণালী – প্রথমতে ভৰি দুখন পােনকৈ মেলি দি বহক। এইবাৰ হাত দুখন কান্ধৰ ওচৰলৈ লৈ যাওঁক। এইবাৰ হাত দুখন পিছফালে মেলি দি হাতৰ তলুৱাৰ ওপৰত শৰীৰৰ ভৰৰাখি দেহটো যিমানখিনি সম্ভৱ ওপৰলৈ তােলক। এই সময়ত ভৰি দুখন লগলগাই ৰাখি গােৰােহা দুটাও মাটিত ৰাখিব। এতিয়া দুই ভৰিৰ গােৰােহা আৰু দুই হাতৰ তলুৱাৰ ওপৰত দেহৰ ভৰ ৰাখি যিমানদূৰ সম্ভৱ বুকু ফুলাওক। এই সময়ত মুৰটো ওপৰলৈ মুখ কৰি অলপ হালিব আৰু দৃষ্টি সন্মুখলৈ প্ৰসাৰিত হ'ব। ১৫ চেকেণ্ড এই আসনত অৱস্থান কৰি ১০ চেকেণ্ড শবাসনত বিশ্রাম ল'ব তাৰ পাছত পুনৰ এই আসন কৰিব।





উপকাৰিতা — এই আসন কৰিলে পেটৰ নানা ধৰণৰ ৰােগ নিৰাময় হয়। দুই ভৰি, মেৰুদণ্ড আৰু কান্ধ সবল আৰু সতেজ হয়।

Post a Comment

0 Comments