জানুশিৰাসন - যোগাসন

জানুশিৰাসন - যোগাসন


প্রণালী – প্রথমে ভৰি দুখন সন্মুখৰ ফালে মেলি পােন হৈ বহক। এইবাৰ সোঁভৰিৰ আঠু ভাজ কৰি ভৰিৰ গােৰােহা গুহ্যদ্বাৰৰ পৰা অণ্ডকোষৰ তলৰ যিখিনি ঠাই আছে তাতে টানকৈ চেপি ৰাখি ভৰিৰ পতা বাওঁ ভৰিৰ উৰুত ৰাখক। এইবাৰ দুয়ােখন হাতেৰে সোঁভৰিৰ আঙুলিত ধৰক। এই সময়ত লক্ষ্য ৰাখিব সোঁ আঠুটো যেন পােন হৈ থাকে আৰু মাটি স্পর্শ কৰি থাকে। এইবাৰ লাহে লাহে শ্বাস প্রশ্বাস ঠিক ৰাখি বাওঁ আঠুত কপালখন লগাওক। ১৫ চেকেণ্ড এইদৰে থাকি ৫ চেকেণ্ড শবাসনত বিশ্রাম ল’ব। তাৰ পাছত ভৰি সলনি কৰি এই আসনটো পুনৰ কৰিব। এইদৰে ৪ বাৰ আসনটো কৰিব। লাহে লাহে সময় বৃদ্ধি কৰিব।





উপকাৰিতা --

এই আসন কৰিলে মুত্রাশয়ৰ দোষ দূৰ হয়। অর্শ, কটিবাত, চায়াটিকা, বহুমূত্ৰ ৰােগ নিৰাময় হয়।

Post a Comment

0 Comments