দণ্ডায়মান জানুশিৰাস - যোগাসন

দণ্ডায়মান জানুশিৰাস - যোগাসন


প্রণালী – পূর্বৰ আসনটোতকৈ এই আসন অলপ কষ্টসাধ্য। কাৰণ পূর্বৰটো কৰিব লাগে বহি আৰু এইটো কৰিব লাগে থিয় হৈ। প্রতমে হাতদুখন কঁকালত ৰাখি পােন হৈ থিয় হওক । এইবাৰ সোভৰিৰ ওপৰত দেহৰ ভৰ ৰাখি বাওঁ ভৰি মাটিৰ ওপৰলৈ তুলি সন্মুখৰ ফালে মেলি দিয়ক। এই সময়ত সোভৰি যেন অলপাে নকঁপে আৰু পােন হৈ থাকে তাৰ পাছত দুই হাতেৰে মেলি দিয়া ভৰিখনৰ আঙুলিত ধৰক। সেই সময়ত মেলি দিয়া ভৰিখন ভাজ লাগিব নিদিব।  পােন কৰি ৰাখিব। ১০ চেকেণ্ড এইদৰে থাকি ১০ চেকেণ্ড শবাসনত বিশ্রাম ল’ব। এইবাৰ ভৰি সলনি কৰি এই আসনটো পুনৰ কৰিব। অন্ততঃ ৪ বাৰ আসনটো কৰিব। 





উপকাৰিতা — এই আসন কৰিলে যিবােৰ ল'ৰা-ছােৱালীৰ দেহৰ অসমতা থাকে সেইবােৰৰ দেহলৈ সমতা ফিৰি আহে। আঠু আৰু কঁকালৰ বাত বেদনাৰ উপশম হয়।


Post a Comment

0 Comments