ছাৰ জগদীশ চন্দ্র বসু

ছাৰ জগদীশ চন্দ্র বসু


ছাৰ জগদীশ চন্দ্র বসু



জগদীশ চন্দ্র বসু ধনী মানুহৰ ঘৰত জন্মিছিল। দেউতাক চৰকাৰী বিষয়া। ডেপুটী মেজিষ্ট্রেট। জন্ম ঢাকাৰ ওচৰৰ বড়িশাল গাঁৱত, ১৯৫৮ চনৰ ৩০ নৱেম্বৰ। পিতৃ ভগৱান বসু সমাজকর্মী আৰু দেশহিতৈষী লােক আছিল। পুত্র জগদীশৰ শিক্ষা আৰম্ভ হয় ফৰিদপুৰত। ফৰিদপুৰৰ বঙালী স্কুলত দেউতাকে ইচ্ছা কৰিয়েই জগদীশৰ নাম ভর্তি কৰাইছিল। দেউতাকে বিশ্বাস কৰিছিল যে মাতৃভাষা ভালকৈ জানিলেহে ইংৰাজী বা অন্যান্য ভাষাও শিকিব পাৰি। এন্ট্রেন্স পৰীক্ষা সুখ্যাতিৰে পাছ কৰি ছেণ্ট জেভিয়ার্ড কলেজত ভর্তি হৈ পদার্থ বিজ্ঞানৰ বিখ্যাত অধ্যাপক ফাদাৰ ল্যাফোৰৰ সান্নিধ্যলৈ আহে। ফাদাৰ ল্যাফোৰৰ প্ৰভাৱতেই তেওঁ পদার্থ বিজ্ঞানৰ প্রতি আকর্ষিত হয়। পিছত পদার্থ বিজ্ঞান তেওঁৰ প্রিয় আৰু প্রধান বিষয় হৈ পৰে।


পিতৃৰ আগ্ৰহৰ প্রতি শ্রদ্ধা জনাই জগদীশে আই চি এছ পৰীক্ষা নিদি ১৮৮০ চনত লণ্ডনত চিকিৎসাবিদ্যা পঢ়িবলৈ যায়। কিন্তু, শাৰীৰিক অসুস্থতাৰ বাবে অধ্যাপকৰ পৰামর্শতে চিকিৎসাবিদ্যা বাদ দি বিজ্ঞান পঢ়িবলৈ কেম্ব্রিজৰ ক্রাইষ্ট কলেজত ভর্তি হয়। কেম্ব্রিজত তেওঁ বহু বিশ্ববিখ্যাত অধ্যাপক ফ্রান্সিছ ডাউইন (শৰীৰ উদ্ভদবিদ্যা), ছিডনি ডাইছ (উদ্ভিদবিদ্যা), লর্ড ৰেলিক (পদার্থ বিজ্ঞান) আদিক লগ পায়। ১৮৮৪ চনত জগদীশ বসুৱে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু প্রকৃতি বিজ্ঞানৰ স্নাতক হয়।


লণ্ডনৰ পৰা উচ্চ শিক্ষা লাভ কৰি স্বদেশলৈ ঘূৰি আহি কলিকতাৰ প্রেছিডেন্সি কলেজত পদার্থ বিজ্ঞানৰ অধ্যাপক নিযুক্ত হয় ১৮৮৫ চনত। সেই সময়ত প্রেছিডেন্সি কলেজৰ গৱেষণাগাৰটো আছিল তেনেই সৰু, তেওঁ অশেষ চেষ্টা কৰি গৱেষণাগাৰটো পূর্ণাংগ কৰি তােলে। ছাত্র-ছাত্ৰীক পাঠদানৰ সময়ত পদার্থ বিজ্ঞানৰ তত্ত্ব ব্যাখ্যা কৰি দেখুৱাই অতি কম দিনৰ ভিতৰতে জনপ্রিয় কৃতী শিক্ষক হিচাপে বিখ্যাত হৈ পৰে।


প্রেছিডেন্সি কলেজত অধ্যাপনা কৰি থাকোতেই বসুৱে ৰেডিঅ’ তৰংগ’ আৱিষ্কাৰ কৰে। ৰেডিঅ’ তৰংগৰ যােগেদি কোনাে তাৰ নােহােৱাকৈ সংবাদ পঠিওৱাৰ সুবিধা তেতিয়ালৈকো হােৱা নাছিল কিন্তু, উন্নত গৱেষণা নকৰি ইটালীৰ মার্কনিয়ে এই বিষয়ত গৱেষণা কৰা বুলি জানিব পাৰি ইমানতেই সামৰণি মাৰে। কিন্তু জগদীশ চন্দ্র বসু আছিল প্রথম আৰু প্রধান ব্যক্তি যিয়ে কোনাে তাঁৰৰ সহায় নােহােৱাকৈ এখন দেশৰপৰা আনখন দেশলৈ বাতৰি প্ৰেৰণ কৰিছিল।


জগদীশ বসুৰ পিছৰ আৱিষ্কাৰসমূহ আছিল বিস্ময়কৰ। তেওঁ বিদ্যুৎ চুম্বকীয় তৰংগ কোনাে তাৰৰ সহায় নােহােৱাকৈ প্রেৰণ কৰিছিল। বিদ্যুৎ তৰংগ উৎপাদক যন্ত্ৰটো আছিল এক বিস্ময়কৰ সৃষ্টি। এই আৱিষ্কাৰৰ কাৰণে লণ্ডন বিশ্ববিদ্যালয়ে তেওঁক ‘ডক্টৰ অ ছায়েন্স উপাধি প্রদান কৰিছিল।


বিশ্বৰ বিজ্ঞানী সমাজত বসুৰ সমাদৰ বাঢ়িল। লণ্ডনৰ ৰয়েল ছ'চাইটিয়ে তেওঁক এলানি বক্তৃতা দিবলৈ আহ্বান কৰিলে। বসুৱে পদার্থ বিজ্ঞানৰ আৱিষ্কাৰৰ পিছত প্রাণী বিজ্ঞানৰাে অর্থাৎ প্রাণীৰাে যে জীৱ আছে, তাৰ প্ৰমাণ কৰিবলৈ লাগিল। বসুৱে ‘ক্রেস্কোগ্রাফ' নামৰ যন্ত্র এটা আৱিষ্কাৰ কৰি প্ৰমাণ কৰিছিল যে উদ্ভিদৰাে প্রাণ আছে। এই যন্ত্ৰটো আৱিষ্কাৰ কৰাত বিখ্যাত শৰীৰ বিজ্ঞানী ছাৰ জন বার্টন এণ্ডাৰছনে জগদীশ বসুক ভূয়সী প্রশংসা কৰাৰ লগে লগে এচামে তেওঁক পদার্থ বিজ্ঞানৰপৰা শৰীৰ বিজ্ঞানলৈ অহাটো উচিত হােৱা নাই বুলি ককৰ্থনাও কৰিলে।


১৯৩৭ চনৰ ১৩ নৱেম্বৰৰ দিনা বিহাৰৰ গিৰিতি চহৰত ছাৰ জগদীশ চন্দ্র বসুৰ মৃত্যু হয়।

Post a Comment

0 Comments