সত্যেন্দ্র নাথ বসু

সত্যেন্দ্র নাথ বসু

সত্যেন্দ্র নাথ বসু



১৯২৩ চনৰ কথা। বিশ্ববিখ্যাত বিজ্ঞানী আইনষ্টাইনে ভাৰতৰপৰা এখন চিঠি পালে। চিঠিৰ লগত এটা প্রবন্ধ। চিঠিৰ ভাষা এনেকুৱা ‘মহাশয়, মই ঢাকা বিশ্ববিদ্যালয়ত অকলে গৱেষণা কৰি আছোঁ। প্লাংকৰ বিকিৰণ সূত্ৰৰ সন্দৰ্ভত লিখা গৱেষণা প্রবন্ধটো আপােনাৰ মতামতৰ বাবে পঠালোঁ। ইয়াৰ আগেয়ে ইংলণ্ডৰ ফিল’ছফিকেল মেগাজিনলৈ পঠাইছিলাে, কিন্তু অকলে গৱেষণা কৰা বাবে প্ৰবন্ধটো প্রকাশ নকৰিলে।


আইনষ্টাইনে প্ৰবন্ধটো পঢ়ি বসুৰ জ্ঞানৰ গভীৰতা দেখি মুগ্ধ হ’ল। বসুলৈ প্রশংসাসূচক চিঠি লিখি মতামত প্রকাশ কৰি প্ৰবন্ধটো জার্মান ভাষালৈ অনুবাদ কৰি এখন বিখ্যাত জার্মান আলােচনীলৈ পঠালে। বসুৰ প্ৰবন্ধটো প্ৰকাশৰ লগে লগে সত্যেন্দ্র নাথ বসু বিখ্যাত বিজ্ঞানীৰূপে স্বীকৃত হ’ল। সত্যেন্দ্র নাথে আৱিষ্কাৰ কৰা তত্ত্ব ‘বােস আইনষ্টাইন তত্ত্ব বুলি জনা যায়।



সত্যেন্দ্র নাথ বসুৰ জন্ম হয় কলিকতাত, ১৮৯৪ চনত। দেউতাক ৰেল বিভাগৰ সাধাৰণ কৰ্মচাৰী আছিল। দেউতাকে পাঁচ বছৰ বয়সতে পুতেক সত্যেন্দ্র নাথক স্কুলত ভৰ্তি কৰাই দিয়ে। সৰুৰেপৰা অতি বুদ্ধিমান সত্যেন্দ্র নাথে হিন্দু স্কুলৰ টেষ্ট পৰীক্ষাত গণিতত সর্বাধিক নম্বৰ লাভ কৰাত শিক্ষকে এশ নম্বৰৰ ভিতৰত এশ দহ দি ভৱিষ্যতে ‘পাইথাগােৰাছৰ দৰে বিশ্ববিখ্যাত গণিতজ্ঞ হােৱাৰ বাবে আশীর্বাদ দিয়ে।


কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এন্টেন্স পৰীক্ষাত পঞ্চম স্থান, আই এছ। চিত প্রথন স্থান, বি এছ চিত ব্যৱহাৰিক গণিতত অনাৰ্ছত প্রথম স্থান লৈ উত্তীর্ণ হয়। বিশ্ববিদ্যালয়ৰ সর্বোচ্চ ডিগ্রী লাভ কৰি কিছুদিন প্রমথেশ বৰুৱাৰ গৃহ শিক্ষক হােৱাৰ অভিজ্ঞতা অর্জন কৰে।


১৯১৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচার্য আশুতােষ মুখার্জীয়ে প্রতিষ্ঠা কৰা ছায়েন্স কলেজত গণিতৰ অধ্যাপকৰ পদত যােগ দিয়ে। কিন্তু আশুতােষ মুখার্জীৰ লগত তেওঁৰ সদায় মতৰ প্ৰার্থক্য আছিল। মেঘনাদ সাহাও এই কলেজৰ প্রবক্তা হৈছিল। এই কলেজত থাকোতে বসু আৰু সাহাই আইনষ্টাইনৰ নৱতম সৃষ্টি ‘আপেক্ষিকতাবাদ’ৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰি এম এছ চি ছাত্রক পদার্থ বিজ্ঞান পঢ়ুৱাবলৈ সাজু হৈছিল। কলেজত যদিও গণিত বিভাগৰ অধ্যাপক আছিল, পিছত সাহা আৰু বসুক উপাচার্য মুখার্জীয়ে পদার্থ বিজ্ঞান বিভাগত দুয়ােকে নিযুক্তি দিয়ে। বসু আৰু সাহাই প্রেছিডেন্সি কলেজৰ নিভৃত কোঠা এটাত বহি ‘গেছীয় পদার্থ’ৰ বিষয়ে গৱেষণা কৰি এটা প্রবন্ধ প্রকাশ কৰে। প্ৰথমতে লণ্ডনত পিছত কলিকতাত প্রকাশ হােৱা প্ৰবন্ধটো ‘বােস সাহা গৱেষণা পত্ৰ হিচাপে পৰিগণিত হয়।


১৯২১ চনত সত্যেন্দ্র নাথ বসুৱে ঢাকা বিশ্ববিদ্যালয়ত ‘ৰীড়াৰ হিচাপে যােগ দিয়ে। এই বিশ্ববিদ্যালয়ত অধ্যাপক হৈ থকা সময়তে তেওঁ ৰমণ প্রক্রিয়াৰ বিষয়েও গৱেষণা চলায় আৰু উচ্চমানসম্পন্ন গৱেষণা পত্র লিখে। ১৯২৪ চনত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ আর্থিক সাহায্যত ইউৰােপলৈ যায়। ইউৰােপত দুবছৰ থাকি মাডাম কুৰিকে ধৰি কেইবাগৰাকীও বিশ্ববিখ্যাত বিজ্ঞানীক লগ পায়। পেৰিছত তেওঁ মেডাম কুৰিৰ অধীনত কিছুদিন অধ্যয়ন কৰাৰ সুবিধা পায় সেই সময়তে ৰঞ্জন ৰশ্মিৰ প্ৰতি আকর্ষিত হয়। ঢাকালৈ ঘূৰি আহি তেওঁ বিশ্ববিদ্যালয়ত অধ্যাপক পদত নিযুক্তি লাভ কৰে।


১৯৪৫ চনত সত্যেন্দ্র বসু কলিকতা বিশ্ববিদ্যালয়লৈ অধ্যাপকৰূপে ঘূৰি আহে আৰু ১৯৫৬ চনলৈ থাকে। ১৯৫৬ চনত তেওঁ ‘বিশ্বভাৰতী’ৰ ‘উপাচার্য’ হয়। ১৯৫৮ চনত লণ্ডনৰ ৰয়েল ছ'চাইটিৰ ফেল’ নির্বাচিত হয়। সত্যেন্দ্র বসুক জাতীয় অধ্যাপকৰূপে মনােনীত কৰাৰ উপৰি ভাৰত চৰকাৰে পদ্মবিভূষণ উপাধি প্রদান কৰে। ১৯৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত সত্যেন্দ্র বসুৰ মৃত্যু হয়। সত্যেন্দ্র বসুৱে ডিগ্রী, উপাধি আদিৰ প্রতি গুৰুত্ব দিয়া নাছিল বাবেই পি এইচ ডি ডিগ্রী লাভ নকৰিলে। ৮০খনকৈ গৱেষণাপত্র লিখি বিখ্যাত হােৱা সত্যেন্দ্র বসু বিজ্ঞান জগতত চিৰস্মৰণীয় হৈ ৰ'ব।


Post a Comment

0 Comments