মেঘনাদ সাহা

মেঘনাদ সাহা


মেঘনাদ সাহা



মেঘনাদ সাহাৰ জন্ম হয় ১৮৯৩ চনৰ ৬ অক্টোবৰ তাৰিখে ঢাকাৰ (বর্তমান বাংলাদেশৰ ৰাজধানী) ওচৰৰ সেউৰাগুৰি গাঁৱৰ এটি দুখীয়া পৰিয়ালত। পিতৃ আছিল সাধাৰণ ব্যৱসায়ী। দোকানৰ উপার্জন তেনেই সামান্য। দেউতাকে পুত্র মেঘনাদক দোকানত খটুৱাব বিচাৰিছিল। কিন্তু মেঘনাদৰ পঢ়াৰ প্রতি অদম্য ইচ্ছা।


মেঘনাদ সাহাৰ শিক্ষা আৰম্ভ হয় ঘৰতে। স্কুল আছিল সাত মাইল দূৰত। মেঘনাদৰ বুদ্ধিবৃত্তি আৰু শিক্ষা লাভৰ প্রতি প্রবল ধাউতি দেখি গাঁৱৰ ডাক্তৰ অনন্ত কুমাৰ দাস নামৰ সহৃদয় ব্যক্তি এজনৰ তত্ত্বাৱধানত ঘৰতে পঢ়ে আৰু পর্যায়ক্রমে মধ্য ইংৰাজী স্কুল এখনত পঢ়িবলৈ লয়। ঢাকাৰ ভিতৰতে প্রথম হৈ বৃত্তি পােৱাৰ পিছত মাধ্যমিক শিক্ষা চৰকাৰী কলেজিয়েট স্কুলত পঢ়াৰ সুবিধা লাভ কৰে।


১৯০৫ চনত বংগ বিভাজনত বৃটিছ চৰকাৰ তীব্র প্রতিবাদৰ সন্মুখীন হয়। সেই প্রতিবাদত ভাগ লােৱাৰ বাবে আন বহুতাে ছাত্ৰৰ লগতে মেঘনাদ সাহাকো কলেজিয়েট স্কুলৰপৰা বৰ্খাস্ত কৰে। পিচত বাধ্য হৈ কিষাণলাল জুবিলী স্কুলত নামভর্তি কৰে। আন্দোলনত ভাগ লােৱা বাবে তেওঁ পাই থকা বৃত্তিটো হেৰুৱায়। কিষাণলাল জুবিলী স্কুলৰপৰা এস্ট্রেন্স পৰীক্ষা দি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্রথম হৈ উত্তীর্ণ হােৱাত পাঁচশ টকাৰ বৃত্তি লাভ কৰে।


১৯১১ চনত মেঘনাদ সাহাই কলিকতাৰ প্ৰেছিডেন্সি কলেজত পঢ়িবলৈ লয়। অধ্যক্ষই সাহাৰ ঘৰুৱা অৱস্থাৰ কথা জানিব পাৰি বিনা মাচুলে কলেজত পঢ়াৰ সুবিধা কৰি দিয়ে। ১৯১৩ চনত তেওঁ সহপাঠী বন্ধু সত্যেন্দ্র নাথ বসুৰ লগত বি এছ চি পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ গণিতত দ্বিতীয় স্থান লাভ কৰে। ১৯১৫ চনত এম এছ চি পৰীক্ষাত সত্যেন্দ্র নাথ বসু প্রথম আৰু মেঘনাদ সাহা দ্বিতীয় হৈ উত্তীর্ণ হয়। প্রয়ােগিক গণিতত এম এছ চি পৰীক্ষাত উত্তীর্ণ হয়।


১৯১৬ চনত দুই বন্ধুৱে (সাহা আৰু বসু) কলিকতা বিজ্ঞান কলেজত প্রথমে গণিত আৰু পিছত বিজ্ঞানৰ অধ্যাপক নিযুক্ত হয়। ১৯১৮ চনত চি ভি ৰমণে বিত্ত বিভাগৰ চাকৰি বাদ দি বিজ্ঞান কলেজত অধ্যাপনাত লাগে। সাহা, বসু আৰু ৰমণৰ গৱেষণাৰ বাবে কলিকতা বিশ্ববিদ্যালয় পৃথিৱী বিখ্যাত হৈ পৰে। লণ্ডনৰ Philosophy Magazineৰ উপৰি বহু গৱেষণামূলক আলােচনীত প্রবন্ধ লিখি সাহা আৰু বসু বিখ্যাত হৈ পৰে। ১৯১৯ চনত মেঘনাদ সাহা প্রথম বিদেশলৈ যায় আৰু সেই বছৰতে


‘আপেক্ষিকতাবাদ’ নামৰ গ্ৰন্থ ইংৰাজীত লিখি পৃথিৱী বিখ্যাত হৈ পৰে। ইয়াৰ উপৰি তেওঁ ৮৮ টা গৱেষণামূলক প্রবন্ধ লিখিছিল।


বিদেশত ইম্পিৰিয়েল’ কলেজত তেওঁ বহুতাে পৃথিৱী বিখ্যাত বিজ্ঞানীক লগ পায়। সেইসকলৰ ভিতৰত নােবেল বঁটা বিজয়ী (পদার্থ বিজ্ঞান) অধ্যাপক ফাউলাৰ, ৰসায়ন বিজ্ঞানৰ ছাৰ জে জে টমচন, বার্লিনৰ অধ্যাপক নানষ্টৰ। অধ্যাপক ফাউলাৰ আৰু ননষ্টৰৰ অধীনত কাম কৰা সুবিধা পায়


১৯২৩ চনত মেঘনাদ সাহা এলাহাবাদ বিশ্ববিদ্যালয়ত শিক্ষাদানত ব্রতী হয়। গৱেষণাৰ কোনাে সা-সুবিধা নথকা এলাহাবাদ বিশ্ববিদ্যালয়ত সাহাই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এটা উন্নতমানৰ গৱেষণাগাৰ প্রতিষ্ঠা কৰে।


১৯২৭ চনত ইটালীত অনুষ্ঠিত বিজ্ঞানী ভােল্টাৰ শতবার্ষিকীত উপস্থিত হয় আৰু বার্লিন, কোপেনহেগেন ভ্রমণ কৰে। লণ্ডনৰ ৰয়েল ছ'চাইটি’য়ে সাহাক ১৫০০ পাউণ্ডৰে সন্মান আগবঢ়ায়। ১৯৩৮ চনত


সাহা কলিকতা বিশ্ববিদ্যালয়ত পালিত অধ্যাপক নিযুক্ত হয়। এলাহাবাদ বিশ্ববিদ্যালয়ৰ চাকৰিৰ অন্তত সাহাই বিজ্ঞানৰ সংগঠনত আত্মনিয়ােগ কৰে আৰু ৰাষ্ট্ৰীয় বিজ্ঞান প্রতিষ্ঠান গঠন কৰে। মেঘনাদ সাহা আছিল বিজ্ঞানী। নিজগুণে প্রতিষ্ঠা লাভ কৰা বিজ্ঞানী। কোনােদিনে ৰাজনীতিত প্ৰৱেশ নকৰা সাহাই ১৯৫২ চনত লােকসভাৰ সদস্য হয় আৰু পিচলৈ পৰিকল্পনা আয়ােগৰ সদস্য নিয়ােগ হয়। ১৯৫৬ চনত মেঘনাদ সাহাৰ মৃত্যু হয়।



Post a Comment

0 Comments