কে. আৰ. নাৰায়ণনৰ জীৱন কাহিনী - Life story of K.R. Narayan

কে. আৰ. নাৰায়ণনৰ জীৱন কাহিনী



ভাৰতে স্বাধীনতা লাভ কৰা পঞ্চাশ বছৰ পূর্ণ হােৱাৰ আগমূহুৰ্ত্তত ১৯৯৭ চনৰ ২৫ জুলাইত কোচেৰিল ৰমণ নাৰায়ণন অথাৎ চমুকৈ কে, আৰ, নাৰায়ণনে ভাৰতৰ দশম গৰাকী ৰাষ্ট্রপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। তেওঁৰ লগত প্রতিদ্বণ্ডিতা কৰিছিল ভাৰতৰ প্ৰাক্তন মূখ্য নির্বাচন আয়ুক্ত টি. এন. শেষাণে। নাৰায়ণনে লাভ কৰে ৯১.৪ শতাংশ ভােট আৰু শেষাণে লাভ কৰে মাত্র ৪.৮ শতাংশ ভােটহে। ফলত শেষাণৰ আমানত ধন বাজেয়াপ্ত হয়। লােক সভাৰ সচিব প্রধান তথা ৰিটার্নিং বিষয়া এ গােপালনে ফলাফল ঘােষিত হােৱাৰ পিছত কয় যে - এতিয়ালৈকে হােৱা ৰাষ্ট্রপতি সকলৰ ভিতৰত কে. আৰ. নাৰায়ণনে সর্বাধিক ভােটৰ ব্যৱধানত জয়ী হৈছে।

সেই সময়ত কেন্দ্ৰত, সংযুক্ত মৰ্চা চৰকাৰ আছিল । দেশৰ আটাইকেইটা প্রধান ৰাজনৈতিক দল আৰু জোটে নাৰায়ণনৰ প্রাথিত্বক সমর্থন জনাইছিল । কেৱল শিৱ সেনাই হে সমর্থন দিয়া নাছিল। দেশৰ সবের্বাচ্চ পদলৈ নির্বাচিত হােৱা কে, আৰ, নাৰায়ণন হ’ল প্রথম দৰিদ্র দলিত সম্প্রদায়ৰ লােক।

১৯২০ চনৰ ২৭ অক্টোবৰত কেৰেলাৰ ক ট্রায়াম জিলাৰ উজাভৰ চৰ

মৰ ঠাইত কে, আৰ, নাৰায়ণনে জন্ম গ্রহণ কৰিছিল । তেওঁ জন্ম হােৱা ৰয়ালটোৰ লোেক সকল অতি দুখীয়া আছিল। ককাক, দেউতাক আৰু ককায়েক আয়ুর্বেদিক চিকিৎসক আছিল। কে, আৰ, নাৰায়ণনে সেই বিদ্যাকে অনুসৰণ

বব পাৰিলেহেঁতেন ; কিন্তু তেওঁ নকৰিলে। কঠোৰ পৰিশ্ৰমী কে. আৰ. নাৰায়ণন বাল্যকালত অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন মেধাবী ছাত্র আছিল। ইংৰাজী মাধ্যমত তেওঁ শিক্ষা আৰম্ভ কৰিছিল । বিদ্যালয়লৈ কেইবা কিলােমিটাৰ বাট নিতৌ খােজ কাঢ়ি অহা-যােৱা কৰিব লাগিছিল । কেতিয়াবা বিদ্যালয়ত পঢ়াৰ মাছুল দিব নােৱাৰি সমস্যাত পৰিছিল । বহু কষ্ট ত্যাগৰ বিনিময়ত কে. আৰ. নাৰায়ণনে সুখ্যাতিৰে মেট্রিকুলেশন পৰীক্ষাত উত্তীণ হৈছিল । থিৰুৱনন্তপুৰুম ইউনিভাৰচিটি কলেজৰ পৰা স্নাতক সম্মান লাভ কৰে । ইংৰাজী সাহিত্যত প্রথম শ্রেণী স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। তাৰ পিছত তেওঁ শ্বিপলৈ ইংলেণ্ডৰ লণ্ডন স্কুল অৱ ইকনমিক ত পঢ়িবলৈ যায়। ১৯৪৮ চনত তাৰ পৰা তেওঁ অর্থনীতিত ডিগ্রী লাভ কৰে ।

কে. আৰ. নাৰায়ণনে প্রথমে প্রবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে । পিছত ‘দি হিন্দু নামৰ কাকত খনত সাংবাদিকতা কিছুদিন কৰাৰ পাছত ‘টাইমছ অৱ ইন্দিয়াত সাংবাদিক হিচাপে কাম কৰিছিল।

১৯৪৯ চনত কে. আৰ. নাৰায়ণনে ভাৰতীয় বৈদেশিক সেৱাত যােগদান কৰে। ৰাজনীতি কূটনৈতিক সেৱাৰ যােগেদি ৰেংগুণ, লণ্ডন, অষ্ট্রেলিয়া আৰু হানাৰ ভাৰতীয় মিচনত কাম কৰিছিল । ইয়াৰ পাছত থাইলেণ্ড আৰু তুৰস্কৃত ভাৰতৰ ৰাষ্ট্রদূত হিচাবে সেৱা আগবঢ়াইছিল।

১৯৭৫-৭৬ চনত বৈদেশিক মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু পিছত সচিবৰূপে কাৰ্যনিবাহ কৰিছিল। ১৯৭৬ চনৰ জুলাই মাহত চীনৰ ৰাষ্ট্রদূত হিচাপে নিযুক্ত হৈছিল।ইয়াৰ আগতে পােন্ধৰ বছৰ ধৰি ভাৰত আৰু চীনৰ মাজত কৃতনৈতিক সম্পর্ক স্থাপন কৰে।

১৯৭৮ চনত তেওঁ বৈদেশিক সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে । তাৰ পাছত জৱহাৰলাল নেহেরু বিশ্ববিদ্যালয়ত উপাচার্য হিচাপে নিযুক্তি হয় । ১৯৮০ চনত কে. আৰ. নাৰায়ণন আমেৰিকাত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্ত হয়। ১৯৮৪ চনত আমেৰিকাৰ বাম্বিংটনৰ পৰা ঘূৰি আহিৰাজনীতিত যােগ দিয়ে। কেৰেল ৰাজ্য আট্টাপালাৰ সমষ্টিৰ পৰা কংগ্রেছ (ই) প্রার্থী ৰূপে প্রথম বাৰলৈ লােকসভালৈ নির্বাচিত হয়। তেতিয়া ভাৰতৰ প্ৰধান মন্ত্রী আছিল ইন্দিৰা গান্ধী । ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন মন্ত্রী সভাত প্রথমে পৰিকল্পনা দপ্তৰৰ মন্ত্রী আছিল । পিছত বৈদেশিক, বিজ্ঞান, প্রযুক্তি, আনৱিক শক্তি, মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হৈছিল । ১৯৮৯ আৰু ১৯৯১ চনত দ্বিতীয় আৰু তৃতীয় বাৰৰ বাবে লােকসভালৈ নির্বাচিত হৈছিল।

১৯৯২ চনত কে. আৰ. নৰায়ণনে ভাৰতৰ উপৰাষ্ট্রপতি পদলৈ নির্বাচিত হৈছিল। তেওঁ ৰাজনীতিত সুদক্ষ প্রশাসক হিচাপে কাম কৰিছিল। সেয়ে ১৯৯৭ চনত ৰাষ্ট্রপতি নির্বাচনত বিপুল ভােটত জয় লাভ কৰি দশম জন ৰাষ্ট্রপতি ৰূপে নির্বাচিত হয়। এইজনা মহান ৰাজনীতিবিদ সকলােৰে সন্মানৰ পাত্র ।

Post a Comment

0 Comments