ড° শংকৰ দয়াল শৰ্মাৰ জীৱন কাহিনী - Life story of dr Shankar Dayal Sharma

ড° শংকৰ দয়াল শৰ্মাৰ জীৱন কাহিনী




ভাৰতৰ নৱমজন ৰাষ্ট্রপতিৰ নাম হ’ল - ডঃ শংকৰ দয়াল শর্মা। এইজনা মহান তথা ভাগ্যৱান ব্যক্তি ১৯১৮ চনৰ ১৯ আগষ্টত ভূপালত জন্ম গ্ৰহণ কৰে।

ডঃ শংকৰ দয়াল শর্মা সৰুকালৰে পৰা বৰ চোকা বুদ্ধিৰ আছিল। ছাত্রস্বীৱন আৰম্ভ কৰে ভূপালত। মেধাৱী ছাত্ৰৰ কাৰণে সুখ্যাতিৰে স্কুলীয়া শিক্ষা শেষ কৰি আগ্ৰাত কলেজীয়া শিক্ষা আহৰণ কৰে। আগ্রাৰ চেন্ট জন কলেজত পঢ়িবলৈ লয় । তাত পঢ়ি থাকোতে ঘৰুৱা শিক্ষকৰ কাম কৰি পঢ়াৰ খৰছ উলিয়াইছিল তাৰ পৰাই তেওঁ স্নাতক ডিগ্রী লাভ কৰে । আগ্রাত কলেজীয়া শিক্ষা শেষ কৰি এলাহাবাদ বিশ্ববিদ্যালয়ত পঢ়িবলৈ লয়। সেই সময়তেই এলাহাবাদত জৱহাৰলাল নেহেৰুৰ সান্নিধ্য লাভ কৰে। তেওঁ লক্ষৌ বিশ্ববিদ্যালয়ৰ পৰা তিনিটা বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। সেই বিষয় কেইটা হ’ল - ইংৰাজী, হিন্দী আৰু সংস্কৃত । তিনিওটা বিষয়তে প্রথম স্থান লাভ কৰিছিল । ইয়াৰ পাছত তেওঁ আইন পঢ়িবলৈ লয়। আইনত ভাল ধৰণেই স্নাতক ডিগ্রী লাভ কৰে। অলপাে সময় অবাবত খৰছনকৰি স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰে । আইনৰ স্নাতকোত্তৰ ডিগ্রী লাভ কৰিলে। ইমানতে শিক্ষা জীৱন সাং নকৰি উচ্চ শিক্ষাৰ কাৰণে ইংলেণ্ড লৈ যায়। ইংলেণ্ডত পঢ়া শুনা কৰি বাৰ-এল ডিগ্রী অর্জন কৰে । কেমব্রীজ বিশ্ববিদ্যালয়ত গবেষণা চলায়। তাতে তেওঁ ডক্টৰেট উপাধি লাভ কৰে। ইয়াৰ কিছুদিনৰ পাছত হার্ভার্ড বিশ্ববিদ্যালয়ত আইনৰ অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে । পিছে বেছিদিন তেওঁ তাত নেথাকিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছ মুহুৰ্ত্তত শংকৰ দয়াল শর্মা স্বদেশলৈ উভতি আহে।

সেই সময়ত ভাৰতৰ স্বাধীনতা আন্দোলনৰ চুড়ান্ত রূপ পাইছিল । তেতিয়া তেওঁৰ জন্মভূমি ভূপালত ৰজা নবাব আছিল। নবাবে তেওঁক চাকৰি দিব বিচাৰিছিল। কিন্তু তেওঁ চাকৰি ললে । নবাবে ভূপালখন ভাৰতৰ লগত চামিল কৰিব বিচৰা নাছিল। ফলত আন্দোলন গঢ়ি উঠিছিল। সেই আন্দোলনৰ নেতৃত্ব দিবলৈ শংকৰ দয়াল শর্মা ওলাই আহিছিল। ইয়াৰ আগতে তেওঁ লক্ষৌ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। লক্ষৌৰ পৰা ভূপাললৈ আহে ১৯৪৯ চনৰ ৫ জানুৱাৰীত । ভূপালৰ আন্দোলনৰ নেতা হৈ বিভিন্ন ঠাইত সভা সমিতি পাতি জনমত গঢ়ি তুলিছিল। ফলত ভূপাল ভাৰতৰ লগত চামিল কৰিবলৈ সক্ষম হ’ল। এই আন্দোলন সফল হােৱাৰ পিছত ত্রিশজনীয়া এখন বিধান সভাৰ আয়ােজন কৰে। এই বিধান সভাত শংকৰ দয়াল শর্মাই কংগ্ৰেছী নেতা হিচাপে মূখ্যমন্ত্রী আসন আৰােহণ কৰে। এঘাৰ বছৰ ধৰি মধ্যপ্রদেশৰ মন্ত্রী সভাত কেবিনেট মন্ত্রী হিচাপে কাৰ্যনিবাহ কৰিছিল। ১৯৬৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক নির্বাচিত হৈছিল। ১৯৭২ চনত কংগ্রে" সভাপতি পদ অলংকৃত কৰিছিল। নিজৰ বিচক্ষণ ৰাজনীতিজ্ঞ গুণৰ কাৰণে ১৯৪ চনৰ পৰা ১৯৭৭ চনলৈকে কেন্দ্রীয় মন্ত্রী সভাত যােগাযােগ মন্ত্রী আছিল । ১৯৮৪ চনৰ পৰা ক্ৰমে অন্ধ, পঞ্জাৱ, মহাৰাষ্ট্র, আদিৰ ৰাজ্যপাল আছিল ।

১৯৯২ চনৰ ২৫ জুলাইত ৰামস্বামী ভেংকটৰমণে ভাৰতৰ ৰাষ্ট্রপতি পদৰ পৰা অৱসৰ গ্ৰহণ কৰাত ডঃ শংকৰ দয়াল শর্মাইনতুন ৰাষ্ট্রপতি হিচাপে কার্যভাৰ গ্রহণ কৰে। তেওঁক শপত গ্ৰহণ কৰােৱাই মূখ্য ন্যায়াধীশ এম, এইচ, কানীয়াই । ৰাষ্ট্রপতি কার্যভাৰ গ্ৰহণ কৰি অতিবিচক্ষণ ৰাজনীতিজ্ঞ হিচাপে নিজৰ দ্বায়িত্ব পালন কৰি দেশ শাসন কৰি যায়। তেওঁ ৰাষ্ট্রপতি হৈ থাকোতে শেষৰ ফালে ভাৰতত মৰ্চা চৰকাৰ গঠন হৈছিল। এজনৰ পিচত এজনকৈ চাৰিজন প্রধান মন্ত্রী হৈছিল । তেওঁলােক হ’ল - পি. ভি. নৰসিংহৰাও , অটল বিহাৰী বাজপেয়ী , এইচ. ডি. দেৱেগৌৰা আৰু ইন্দ্র কুমাৰ গুজৰাল। ভাৰতৰ ৰাজনৈতিক সংকটৰ পূৰ্ণ অৱস্থা হৈছিল ।

ইয়াৰ উপৰিও শংকৰ দয়াল শর্মা এজন ভাল সাহিতিকো আছিল। বিভিংচ ইন ইন্দোছােভিটু ইন্টাৰনেশ্বনেল এফেয়াচ’ আদি কেই বাখনাে উল্লেখযােগ্য গ্রন্থ ৰচনা কৰিছিল ।

তেওঁ দেশবাসী অবিহনে স্বাধীনতা অর্থহীন , এই কথা বুজাব বিচাৰিছিল । এনে সুদক্ষ নেতাৰ পৰা মহান সেৱা আশা কৰিব পাৰি।

Post a Comment

0 Comments