গিয়ানি জাইল সিঙৰ জীৱন কাহিনী

গিয়ানি জাইল সিঙৰ জীৱন কাহিনী



সাধাৰণ পৰিয়ালত জন্ম গ্রহণ কৰাৰ উপৰিও কম শিক্ষাৰে শিক্ষিত হৈ নিজ কর্ম প্রছেষ্টাৰ ফলত ভাৰতৰ সবের্বাচ্চ সন্মানৰ অধিকাৰী হৈছিল - গিয়ানি জাইল সিং। তেওঁ ভাৰতৰ সপ্তম গৰাকী ৰাষ্ট্রপতি আছিল।

১৯১৬ চনৰ ৫ মে’ তাৰিখে পঞ্জাৱৰ ফৰিদকোট জিলাৰ সাৱান গাৱঁত জন্ম গ্রহণ কৰে। তেওঁৰ পিতাক কিষান সিং এজন মিস্ত্রী পৰিয়ালৰ লােক আছিল । ললা পিটি তৰােৱাল তৈয়াৰ কৰি পৰিয়ালৰ ভৰণ পােষণ দিছিল । সেই কাৰণে পুতেকৰ পৰা উচ্চ অভিলাষ বিচৰা নাছিল ।

গাৱঁতে তেওঁ প্রাথমিক শিক্ষা আৰম্ভ কৰিছিল। হাইস্কুলীয়া শিক্ষাৰ অন্তত তেওঁ নিয়মিয়াকৈ শিখ ধর্ম পুথি অধ্যয়ন কৰি জ্ঞানী বুলি সমাজত পৰিচিত হৈছিল।

তেখেতৰ প্রকৃত নাম আছিল -জানেইল সিং। ডেকা বয়সত তেওঁক ৰাজনীতিৰ কাৰণত লাহােৰ জেলত গ্রেপ্তাৰ কৰি ৰাখিছিল। এদিন জেলৰ ৱার্ডেন জনে তেওঁৰ নামটো শুনাৰ লগে লগে ৰগৰ কৰি কলে - জেইল সিং।

কাৰাগাৰৰ ৱাৰ্ডেনৰ কথাই তেওঁৰমনত ক্রিয়া কৰিব ধৰিলে। জেলৰ পৰা ওলাই তেওঁ নামটো সামান্য সংশােধন কৰি ললে। জানেইল সিঙৰ ঠাইত  জাইল সিং কৰি ৰাখিলে। ইয়াৰ পাছত তেওঁ কেইবা বছৰাে কাৰাবাস খাতে। সেই সময়ত ফৰিদকোটৰ জমিদাৰ সকলে ৰাজকীয় শাসন চলছিল জাইল সিঙে জমিদাৰ সকলক বিৰােধিতা কৰি প্ৰজা মণ্ডল স্থাপন কৰে আৰু ইয়াৰ সভাপতি হৈছিল।সভাপতি হিচাপে ৰাজকীয় শাসক দলে তেওঁক পুনৰ পাঁচ বছৰ কাৰাদণ্ড দিছিল ।

১৯৪৮-৪৯ চনতপঞ্জাৱতচৰকাৰ গঠন হােৱাতজাইল সিংৰাজহমন্ত্রী নিযুক্তি পায়। ১৯৫১ চনত কৃষি দপ্তৰৰ ভাৰপৰিচালনা কৰিছিল। ১৯৬৬ চনত তেওঁপঞ্জাৱ প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হৈছিল। ১৯৬২ চনত পঞ্জাৱ বিধান সভালৈ নির্বাচিত হৈছিল। ১৯৭২ চনত পঞ্জাৱ ৰাজ্যৰ মূখ্যমন্ত্রী নিযুক্ত হৈছিল।

১৯৭৭ চনত জনতা পার্টি শাসনলৈ অহাত তেওঁ গাৱলৈ যায়।

১৯৮০ চনত জাইল সিং ছিয়াৰপুৰ সমষ্টিৰ পৰা লােকসভালৈ নির্বাচিত হৈছিল। প্রধান মন্ত্রী ইন্দিৰা গান্ধীৰ মন্ত্ৰী সভাত তেওঁ কেন্দ্রীয় চৰকাৰৰ গৃহ দপ্তৰ নিযুক্ত হৈছিল। গৃহ দপ্তৰ হৈ পূর্ণ সমস্যাৰ সন্মুখীন হব লগা হৈছিল ।

১৯৮২ চনৰ ২৫ জুলাই তাৰিকে ভাৰত গণৰাজ্যৰ ৰাষ্ট্রপতি নির্বাচিত হৈছিল । ৰাষ্ট্রপতি হৈ থাকোতে তেওঁ সুস্থিৰ প্রসাশন, বিশিষ্ট বিজ্ঞানী আৰু দেশৰ সমৃদ্ধিৰ কাৰণে কাম কৰিছিল।

১৯৮৭ চনৰ ১৩ জুলাইত অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পাছত ১৯৯৬ চনত তেওঁ এটা মটৰ দুৰ্ঘটনাত বেয়াকৈ আহত হয় আৰু সেই আঘাততে এমাহৰ পাছত মৃত্যু বৰণ কৰে।


Post a Comment

0 Comments