Xiaomiয়ে সোনকালে মুকলি কৰিব 200 ৱাট ফাষ্ট চাৰ্জিং (200 Watt Fast Charging) থকা স্মাৰ্টফোন । সৱিশেষ ইয়াত জানক ।


Xiaomiয়ে সোনকালে মুকলি কৰিব 200 ৱাট ফাষ্ট চাৰ্জিং (200 Watt Fast Charging) থকা স্মাৰ্টফোন । সৱিশেষ ইয়াত জানক ।


Vivoৱে অলপতে তেওঁলোকৰ স্মাৰ্টফোন iQoo 7 মুকলি কৰিছিল, য'ত ১২০  Watt ৰ Fast Charging দিয়া আছিল । একেদৰে  Xiaomi য়ে অলপ আগতে Mi 10 আল্ট্ৰা স্মাৰ্টফোনত 120  Watt Fast Charging দি মুকলি কৰিছিল । 

আৰু বৰ্তমান বজাৰত লাহে লাহে কোম্পানীবোৰে তেওঁলোকৰ স্মাৰ্টফোন বোৰত 120 ৱাট'ৰ  Fast Charging  দিয়া আৰম্ভ কৰিছে, আৰু এনে সময়তে Xiaomi য়ে অলপ  আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছে। 

হয়, শেহতীয়া খবৰ অনুসৰি Xiaomi য়ে  সোনকালেই স্মাৰ্টফোনৰ বজাৰত 200 ৱাট ৰ দ্ৰুত চাৰ্জিং (200 Watt Fast Charging)  ৰ স্মাৰ্টফোন মুকলি কৰিব যি স্মাৰ্টফোনৰ বজাৰত এক প্ৰথম উল্লেখ যোগ্য কথা হব । 

GizmoChinaৰ ৰিপৰ্ট অনুসৰি জনপ্ৰিয় টিপ ষ্টাৰ ( tip star) এ ডিজিটেল চেট ষ্টেচন (Digital chat station)ত কৈছে যে, Xiaomi য়ে শীঘ্ৰেই 200 ৱাট ৰ ফাষ্ট চাৰ্জিং প্ৰযুক্তিৰ সৈতে এটা স্মাৰ্টফোন মুকলি কৰাৰ প্ৰস্তুতি চলাই আছে।

 অৱশ্যে, টিপছষ্টাৰে ব্ৰেণ্ডৰ নাম বা ডিভাইচৰ নাম স্পষ্ট কৰা নাই। কিন্তু টিপছষ্টাৰে স্পষ্ট কৰি দিছিল যে ফোনটো 200 ৱাট ৰ দ্ৰুত চাৰ্জিং ক্ষমতা যুক্ত হব আৰু ৱায়াৰলেচ চাৰ্জিং ক্ষমতা থাকিব ।

Post a Comment

0 Comments