WhatsAppৰ পৰা টকা কিদৰে প্ৰেৰণ কৰিব পাৰে ইয়াত জানক

WhatsAppৰ পৰা টকা কিদৰে প্ৰেৰণ কৰিব পাৰে ইয়াত জানক

WhatsAppৰ পৰা টকা প্ৰেৰণ বা প্ৰাপ্ত কৰিবলৈ আপুনি প্ৰথমে আপোনাৰ ইউ.পি.আই. আইডি (UPI ID) বনাব লাগিব।

এটা ইউ.পি.আই. আইডি (UPI ID) বনোৱা মানে আৰু আপোনাৰ বেঙ্ক একাউণ্টটো সৰল ভাষাত WhatsAppৰ সৈতে লিংক কৰা বুজাই ।

এইয়ে এতিয়া WhatsAppত UPI ID বনাবলৈ প্ৰথমে আপুনি WhatsAppত payment বিকল্পটো ক্লিক কৰিব লাগিব ।

এনেদৰে আপুনি payment বিকল্পটো ক্লিক কৰিলে Add Payment Method বুলি পাব । আপুনি তাত ক্লিক কৰিব ।

তাৰ পিছত পৰৱৰ্তী পৃষ্ঠাটো বা পেজটো খোলা হ'ব যিটোত লিখা থাকিব Send and receive money securely with UPI । ইয়াত আপুনি terms and condition টো accept কৰিব ।

আপুনি terms and condition টো accept কৰাৰ লগে লগে, আপোনাৰ পৰৱৰ্তী পৃষ্ঠাত আপোনাৰ বেঙ্কৰ নাম বাছনি কৰিব দিব । আপুনি আপোনাৰ নিজৰ বেংকটোত ক্লিক কৰিব । 

আপুনি আপোনাৰ বেঙ্ক বাছনি কৰাৰ পিছত আপোনাৰ ফোন নম্বৰ verify কৰিবলৈ দিব । তাৰ বাবে আপুনি VERIFY VIA SMS বিকল্পত ক্লিক কৰিব ।

তাৰ পিছত আপোনাৰ ফোন নম্বৰ verify কৰিব আৰু আপোনাৰ বেঙ্ক একাউণ্টত সংযোগ হব । আপুনি তাৰ বাবে কেইছেকেণ্ড অপেক্ষা কৰিব লাগিব।

এনেদৰে বেঙ্ক একাউণ্ট verify হোৱা পাছত setup complete লিখা থাকিব, তাত ক্লিক কৰিব । তাৰ পাছত doneত ক্লিক কৰিব ।

দেখিব আপোনাৰ কাম সম্পূৰ্ণ হ'ল । আপুনি দেখিব যে আপোনাৰ ইউ.পি.আই. আইডি (UPI ID) WhatsAppত দেখিবলৈ আৰম্ভ কৰিছে ।

আপুনি এতিয়া আপোনাৰ হোৱাটছএপৰ সৈতে টকা লেনদেন কৰিব পাৰে, যাৰ বাবে আপুনি payment বিকল্পত ক্লিক কৰিব লাগিব। আৰু তাৰ পৰা টকা প্ৰেৰন কৰিব পাৰিব ।


Post a Comment

0 Comments