WhatsAppত এতিয়াৰ পৰা মুঠ ৫০ জন গ্ৰুপ ভিডিঅ ক'ল কৰিব পাৰিব


লক ডাউনৰ বাবে বৰ্তমান চচিয়েল মেডিয়া ব্যৱহাৰ কৰা লোক সকলে নিজ বন্ধু বৰ্গ বা আন আন অফিচৰ মানুহৰ লগত কথা পাতিবলৈ দেখা গৈছে যে ভিডিঅ কলিঙৰ খুব সহায় লৈছে । লক্ষনীয় যে মানুবোৰে কেৱল এজন লোকৰ বাহিৰেওঁ গ্ৰুপত বহুতো মানুহৰ লগত একেলগে কথা পতাতো খুব বেচি আগ্ৰহী প্ৰকাশ কৰিছে । গতিকে দেখা গৈছে যি সকল লোকে কেৱল মাথো দুই তিনি জন ব্যক্তিক গ্ৰুপ ভিডিঅ call কৰিব বিচাৰিছে তেওঁলোকে  WhatsAppত গ্ৰুপ ভিডিঅ call কৰিছে আৰু যি সকল লোকে তিনি চাৰি জনৰ ওপৰি অত্যাধিক দহ বিশ জন লোকক একেলগে গ্ৰুপ ভিডিঅ ক'ল কৰিব বিছাৰিছে তেওঁলোকে zoom এপলিকেশ্বন ব্যৱহাৰ কৰিছে । কিন্তু এই খিনিতে কিছু দিন আগতে দেখা গল যে zoom এপ্লিকেশ্বনটোৰ প্ৰাইভেচি ডাটা লিক হোৱাৰ ওপৰত  কিছুমান সন্দেহৰ বাতৰি যি  সম্প্ৰচাৰ হোৱাৰ পাছৰ পৰা মানুহবোৰে এতিয়া zoom এপ  ব্যৱহাৰ কৰিবলৈ এৰি দিছে আৰু এটা নতুন ভাল প্ৰাইভেচি secort ৰখা ভিডিঅ calling এপ্লিকেশ্বন বিচাৰি ফুৰিছে । আৰু এই সময়তে এই অভাৱ দুৰ কৰিবলৈ WhatsAppএ সন্মুখলৈ আহিছে যদিওঁ zoom এপৰ দৰে WhatsAppত দহ বিশ জন মানুহ একেলগে ভিডিঅ ক'ল কৰিব নোৱাৰা বাবে কিছু অসুবিধাৰ সন্মুখীন হৈ আছে  গ্ৰুপ ভিডিঅ কলিঙত কথা পাতিব বিচৰা লোক সকলৰ বাবে । WhatsApp এ গ্ৰুপ ভিডিঅ কল কৰিব বিচৰা এই লোক সকলক তেওঁলোকৰ সুবিধাৰ বাবে কেৱল মাথো চাৰিজনহে গ্ৰুপ ভিডিঅ কলিঙ কৰিব পৰা featureটো সনলি কৰি ৮ জনলৈ বৃদ্ধি কৰিছিল যদিওঁ এইয়াওঁ কোনো ধৰনৰ ফলপ্ৰসু নোহোৱাৰ বাবে এইবাৰ WhatsAppএ নতুনকৈ এটা feature লৈ আনিছে য'ত এতিয়াৰ পৰা WhatsApp ৪ জন নহয় ৮ নহয় সম্পুৰ্ণ ৫০ জন লোকে একেলগে WhatsAppত গ্ৰুপ ভিডিঅ ক'ল কৰিব পাৰিব । হয় আপুনি ঠিকেই শুনিছে এতিয়াৰ পৰা WhatsAppত সম্পুৰ্ণ ৫০ জন লোক গ্ৰুপ ভিডিঅ কল কৰিব পাৰিব । আৰু তাৰ বাবে এতিয়া মাত্ৰ আপুনি কিছু দিনৰ অপেক্ষা কৰিব লাগিব যি এতিয়া এই featureটো সম্পুৰ্ণ WhatsAppৰ beta ভাৰশ্বত testing চলি আছে আৰু এই testing অতিকৈ সফল হোৱা বুলি WhatsApp কৰ্তিপক্ষই   প্ৰকাশ কৰিছে।  গতিকে কিছু দিন পাছতে এই featureটো WhatsAppএ এনড্ৰয়েড ভাৰশ্বন ব্যৱহাৰ কৰা লোক সকলৰ কাৰনে মুকলি কৰি দিব । আৰু একেদৰে কিছুদিন পাছত এন্ড্ৰয়েড ভাৰশ্বনত মুকলি কৰি successfuly এই featureটো কাম কৰিলে লগে লগে IOS ভাৰশ্বনটো মুকলি কৰি দিব । লক্ষনীয় যে এই WhatsAppৰ ৫০ টা গ্ৰুপ ভিডিঅ কল কৰিব পৰা featureটো পাবলৈ হলে আপোনাক মবাইলত তিনিটা এপলিকেশ্বন নিতান্তই লাগিব এইয়া হৈছে প্ৰথমত WhatsApp এপলিকেশ্বনটো যি গুগুল প্লে ষ্টৰৰ পৰা latest আপডেটত ভাৰশ্বন হব লাগিব আৰু আপোনাক লাগিৱ এটা ফেচবুক এপলিকেশ্বনটো যি গুগুল প্লে ষ্টৰৰ পৰা latest আপডেটত ভাৰশ্বন নহলেওঁ হব কিন্তু আপডেটেত হলে  ভাল হব আৰু এই এপটোত আপোনাৰ এটা ফেচবুক লগ ইন কৰা একাউন্ট থাকিব লাগিব লগতে আপোনাৰ মবাইলটোত আটাইতকৈ important হল আপোনাৰ তাত ফেচবুক massenger থাকিবই লাগিব যি গুগুল প্লে ষ্টৰৰ পৰা latest আপডেটত ভাৰশ্বন হব লাগিব । গতিকে এই তিনিটা এপ্লিকেশ্বন muscu be লাগিবই । তেতিয়ায়ে আপুনি WhatsAppৰ এই ৫০ জন মানুহক একেলগে ভিডিঅ কল কৰিব পৰা featureৰ সুবিধা বা লাভ উঠাব পাৰিব ।

এইখিনিতে আপোনাৰ মনত ভাৱ হব পাৰে যে WhatsAppৰ এই ৫০ জন ভিডিঅ ক'ল featureটো পাবলৈ কিয় ফেচবুকত একাউন্ট আৰু ফেচবুক মেচেনজাৰ লাগে । হয় আপোনাক জনাই দিম যে ফেচবুক আৰু WhatsApp যিহেতু একেটা কোম্পানীৰ মালিকৰে প্ৰডাক্ট গতিকে তেওঁলোকে এই ৫০ জন ভিডিঅ ক'লিং ফিচাৰচটো কেৱল WhatsAppৰ বাবে মুকলি নকৰি একেদৰে ফেচবুক মেচেঞ্জাৰৰ কাৰনেওঁ বনোৱা হৈছে যাৰ বাবে এই ফিচাৰটো দুযোটা এপ্লিকেশ্বন সিটোৰ লগত ইটো কানেক্ট কৰি বনোৱা হৈছে । গতিকে এই সুবিধাটো গ্ৰহন কৰিব যাওঁতে আপুনি এই দুটা এপ্লিকেশ্বন ইনষ্টল কৰিবলৈ বাধ্য কৰোৱা হৈছে কোম্পানীয়ে । গতিকে কোম্পানীয়ে 
 বিচৰা ধৰনে এইদৰে এপ্লিকেশ্বন কেইটা ডাওঁনলড কৰিহে এই ভিডিঅ কলিং ফিচাৰটো আপুনি ব্যৱহাৰ কৰিব পাৰিব । গতিকে আপুনি এই ভিডিঅ কল ফিচাৰচটো পাবলৈ হলে এনেদৰে কোম্পানীয়ে বিচৰা ধৰনে কৰিব লাগিব আৰু এই সুবিধাটো অতি শীঘ্ৰে ৰুল আউত হলেই ইয়াৰ লাভ আপুনি উঠাব পাৰিব । গতিকে মাত্ৰ দুদিন মান ৰখি দিয়ক আৰু দুদিনমান পাছতে এই ফিচাৰ ৰুল আউট হবই আৰু ৰুল আউট হলেই আপুনি বিচৰা অনুযায়ী এই ফিচাৰৰ আনন্দ উঠাব পাৰিব । আৰু অলপ আগতে আমি জনাই দিয়া অনুযায়ি আপুনি এই ফেচবুক আৰু ফেচবুক মেচেনজাৰ এপ ডাউনলড কৰি লৈ WhatsAppৰ লগত যিহেতু বিশেষ কিছু কানেক্ট কৰিব লাগিব এইয়ে এইবোৰ কেনেকৈ কিদৰে কৰে সকলোবোৰ আমি পৰৱৰ্তী লেখাটোত জনাই দিম গতিকে এই সকলোবোৰ জানিবলৈ আপুনি আমাৰ ৱেবচাইটটো  সদায় ভিজিট কৰি থাকিব । পৰৱৰ্তী সময়ত আপুনি আমি জনাই দিয়া অনুসৰি এইবোৰ চাই লয় বা শিকি লৈ WhatsAppত ৫০ জন মানুহক ভিডিঅ কল কৰিব পাৰিব ।

 

ধন্যবাদ, টেকনিকেল জগতৰ সকলোবোৰ এ টু জেট খবৰৰ আপডেট দিয়া একমাত্ৰ অসমীয়া ৱেবচাইট   www.somogro.inত এনেদৰে টেকনিকেল আপডেট পাই থাকিবলৈ আপুনি আমাৰ ৱেবচাইটটো  সদায় ভিজিট কৰি থাকিব। ধন্যবাদ । নমষ্কাৰ । 

Post a Comment

0 Comments