WhatsApp ৰ নতুন feature search by dateৰ কাম কি ?


WhatsApp বিশ্বব্যাপী সৰ্বাধিক ব্যৱহাৰ কৰা এটা massenger application । এই কোম্পানীয়ে user সকলক বিভিন্ন সময়ত ভাল experience দিবৰ বাবে বিভিন্ন feature সংযোজন কৰি আহিছে । বৰ্তমান এই ধাৰাতেই user সকলক ভাল experience দিব বাবে WhatsApp এ নতুনকৈ এটা feature সংযোজন কৰিব  যাক Search By Date feature বুলি কোৱা হব । আৰু এই featureটোৰ পৰা এতিয়াৰ পৰা user সকলে যিকোনো পুৰনা মেচেজ পুনৰ পঢ়িবলৈ এই পুৰনা মেচেজটোৰ ডেট বা তাৰিখ দিলেই এই তাৰিখ অনুসৰি এই সময়ৰ মেচেজবোৰ অতি সহজে পঢ়িব পাৰিব । বৰ্তমান দেখা যায় যে আমি WhatsApp ব্যৱহাৰকাৰী সকলে আগৰ পুৰনা মেচেজবোৰ পঢ়িবলৈ হলে এই particular মেচেজটো বিচাৰি উ লিয়াই পঢ়িবলৈ বহুত জঠিল বা বহুত সময় খৰছ কৰিব লগা হয় । কিন্তু এতিয়াৰ পৰা এই featureটো include কৰা লগে লগে মানুহবোৰে পুৰনা মেচেজবোৰ বিচাৰি ওলিওৱাত খুব সহজ হব ।  WA Beta Info ৰ report অনুসৰি বৰ্তমান এই featureটোৰ Beta versionত testing চলি আছে । আৰু এই testing সফল হলে কোম্পানীয়ে অতি সোনকালে feature টো roll out কৰিব ।


আনহাতে বৰ্তমানলৈ অহা ৰিপৰ্ট অনুসৰি এই Search By Date featureটো IOS ডিভাইচত WhatsApp এ প্ৰথম মুকলি কৰা হব । দেখা যায় যে WhatsApp ৰ নতুনকৈ  rollout কৰা feature সমুহ Android ডিভাইচত মুকলি কৰে সৰ্ব প্ৰথমে, কিন্তু দেখা গৈছে যে এইবাৰৰ এই featureটো   beta version testing সফল হলে IOS deviceতহে মুকলি কৰা হব যি এক লক্ষনীয় কথা হব ।



আপোনাক জনাই দিওঁ যে WhatsApp এ তেওঁলোকৰ user সকলক অধিক সুবিধা প্ৰদানৰ বাবে ইয়াৰ ওপৰিওঁ কিছু দিন আগতে আৰু বহুত কিছু feature lounch কৰিছে যিবোৰে user সকলক বহুত সুবিধা প্ৰদান কৰা দেখা গৈছে । আৰু ইয়াৰে
WhatsApp এ মুকলি কৰা feature বা সুবিধা সমুহ হৈছে ভিডিঅ কলিং ৮ জনলৈ বৃদ্ধি কৰা, WhatsApp ষ্টেটাচৰ সময় বৃদ্ধি কৰা,  darkmoodৰ ব্যৱস্থা অনা, উৰাবাতৰিবোৰ  controlৰ ব্যৱস্থা কৰা আদিবোৰ ।


আৰু লক্ষনীয় কথা যে এনেবোৰ সুবিধাৰ প্ৰদান পাছত এতিয়া কোম্পানীয়ে লৈ আনিছে এই Search By Date feature যাৰ দ্বাৰা user সকলে অতিকৈ লাভাম্বিত হব বুলি কোম্পানীয়ে আশা প্ৰকাশ কৰিছে ।

Post a Comment

0 Comments