গুগুল পে' আপুনি যদি ব্যৱহাৰ কৰে তেন্তে এই খৱৰটো আপোনাৰ বাবে


Gogole পে ব্যবহাৰকাৰীয়ে অতি  শীঘ্ৰেই এটা ফিচাৰ পাব যি ব্যৱহাৰকাৰী সকলক খুব উপকৃত কৰিব ।  বৰ্তমান এইappটো নতুনকৈ এতিয়া ডিজাইন কৰা হৈছে । এতিয়াৰ পৰা এই গুগুল পে এপ ব্যবহাৰকাৰীয়ে  পেটিএম বা আন আন পেমেন্ট এপৰ দৰে যিকোন সামগ্ৰী এই এপটোৰ ভিতৰতেই ক্ৰয় বা বিক্ৰয় কৰিব পাৰিব । দেখা গৈছে যে  বৰ্তমান বহুতো আগশাৰীৰ ব্ৰ্যান্ডৰ লগত Gogole পে'য়ে কথা বাৰ্তা পাতিবলৈ আৰম্ভ কৰিছে । আৰু এই ব্ৰেণ্ডৰ লগত চুক্তি কৰি অতি সোনকালে তেওঁ লোকৰ এই নতুন ব্যৱস্থা ৰুল আউট কৰিব । আৰু এই নতুন ব্যৱস্থা মুকলি হোৱাৰ লগে লগে ব্যৱহাৰকাৰী সকলে ভিন্ন ব্ৰেণ্ডৰ সামগ্ৰী কিনবলৈ সক্ষম হব । আৰু খবৰ অনুসৰি এই সামগ্ৰী বোৰত  অনেকবোৰ অফাৰো গুগুলৰ ফালৰ পৰা দিয়া হব ।  Google ৰ নতুন ৰিপৰ্ড অনুসৰি, এই কামটোৰ বাবে তেওঁলোকে এটা ৱান স্টপ পোৰ্টাল তৈয়াৰ কৰা হব যাৰ দ্বাৰা ব্যবহাৰকাৰীয়সকৰ নিজ ক্ৰয় বিক্ৰয়ত অতি সহজ হয় পৰিব । আৰু আপোনাক জনাই দিও যে গুগুল পে'য়ে প্ৰথমে এই ব্যৱস্থাটো  মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথম উপলব্ধ কৰোৱা হব।


উল্লেখযোগ্য কথা যে ভাতৰৰ ক্ষেত্ৰতো বৰ্তমান কোম্পানীয়ে ভাৰতৰ বহুতো ব্ৰেণ্ডৰ লগত বাৰ্তালাপ কৰিছে আৰু এই ক্ষেত্ৰত ব্ৰেণ্ডবোৰে  Gogole পে appটোৰ লগত একেলগে কাম কৰিবলৈ আগ্ৰহি প্ৰকাশ কৰিছে বুলি খবৰ প্ৰকাশ পাইছে । আপোনালোকে জানে যে বৰ্তমান এই মুহুৰ্তত app টোত মানুহে কেৱল টকা পইচা আদান প্ৰদান, ৰিচাৰ্জ, বিল পেমেন্ট আৰু টিকট বুকিঙৰ কামহে কৰিব পাৰে । কিন্তু এটা প্ৰতিবেদনৰ অনুসৰি খবৰ প্ৰকাশ পোৱা গৈছে যে Gogole পে'ত বৰ্তমান শ্বপীং ব্যৱস্থা নাথাকিলেওঁ ইয়াৰ ব্যৱহাৰকাৰী অইনৰ তুলনাত এতিয়াওঁ বেচি গতিকে এই ব্যৱহাৰকাৰী সকলৰ সুবিধাৰ প্ৰতি লক্ষ ৰাখি গুগুলে এই শ্বপিং ব্যৱস্থা আনিব বিচাৰিছে ।


গতিকে আপুনিওঁ যদি গুগুল পে ব্যৱহাৰ কৰে তেন্তে আপুনিওঁ অনতি পলমে পাব এই গুগুল পেৰ শ্বপিং ব্যৱস্থা । যাৰ বাবে আপুনি এতিয়া মাত্ৰ কিছু দিন ৰব লাগিব । আৰু গুগুলৰ এই শ্বপীং ব্যৱস্থাটো আৰম্ভ হলে প্ৰথম খবৰটো আমাৰ ফালৰ পৰাই আপোনাক দিম গতিকে আপুনি আমাৰ পষ্টবোৰ পঢ়ি থাকিব । 

Post a Comment

0 Comments