অনুজ য়েইনৰ কবিতা - লখিমী বোৱাৰী

লখিমী বোৱাৰী

 (তূলিকা চেতিয়া য়েইন বৌৰ হাতত )
১/ ক'ৰ ছোৱালী কাৰ বোৱাৰী,,,
চিনাকি এক মিঠা অনুভৱ
পেছা যিয়েই নহক
অভ্যাস যাৰ অংগী
যি নাম দি নামাতক
কবি, শিল্পীৰ স্পৰ্শ কাতৰ,
২/ তোমাৰ চকুত লগা চমৎকাৰ
প্ৰেম শ্ৰদ্ধা শিখৰৰ মায়া, যাৰ মন পিৰিতি ভেকুলীয়ে
পাৰ্বতী,
ভিন্ন বৰ্ণ উপাধিৰ প্ৰাচীৰ ভাঙি, মিটুৰ
কুটুমৰ মহৎ চিৰন্তন,
৩/ চাংঘৰ জখলাত বগাই যাবলে ক'কালত গিৰি
মূৰত এটা গিৰি, 
পানী অনা ঘাটৰপৰা
গহীন গম্ভীৰ খোজ,
৪/ আকালৰ দিনত
ভীমকল,লাউ,পচলা,
পইঁতা ভাতৰ লগত
নামচিং,আলুপিটিকা
পথাৰত ভূইঁ দি,বন নিৰাবলে,,,
দুখ সুখৰ একাকাৰৰ
এফাকি অই নি:তম
পাৰিবানে তই, মিছিঙৰ য়ামৌং,
৫/ য়ামৌং হ'বই বিচৰা,এটি নিয়ম আছে আমাৰ, বুকুত মেঠনি
মাৰি পুৱাই উঠি ঢেঁকীত খুন্দিব লাগিব ধান,
যতনাই আনিব লাগিব জাকৈ, চালনীৰে অনা পুৰা গৰৈ মাছ,
পাকঘৰৰ এচুকত
চাকিব লাগিব আপং
দিবলে শিকিব তা:ত,য়া:য়ক,,,,,
৭/ অ মাম, বৰ
জনাক দাদা বুলি
নামাতিবা বেয়া পাই
দেওৰক ভাইটী বুলি
মাতিলেও আনে বেয়া শুনে,
কা:কৃ,য়া:য়ক মা-দেউতা বুলিলেও
নুবুজে,,,,
মিছিঙৰ য়িগ-মাগ্ব 
তা:ত,য়া:য় ইত্যাদি
সম্বোধনে আত্মীয় পৰিচয়,
নজনা খিনি শিকিলে
স্বাস্থ্যৰ বাবে ভাল,
 ৮/   আচলতে, সংশোধনৰ বাৰ্তাই শুভ ইংগিত,
আজিৰ তাৰিখলে
হাজাৰ জনে
 সপোন দেখিছে   পেলোৱাই অনা জীৱন লগৰী ,
সচাঁ অৰ্থত  আদৰিছোঁ এগৰাকী লখিমী বোৱাৰী
জীৱনৰ বাটত সংগী বিচাৰি বাট কুৰি বাই,,।


৩/০১/২০১৮
 অনুজ য়েইন।

Post a Comment

0 Comments