প্ৰবিন দত্তৰ কবিতা - বুকুত সোণাৰু ফুলে




বুকুত সোণাৰু ফুলে

নিজানত মনে পাঙে…
বুকুত সোণাৰু ফুলে
মৰমত মৰম বাঢ়ে…
অভিমানত হৃদয় ভাগে
অকাৰণত বিশ্বাস হেৰালে 
মনৰ গোপন কোনত ,
ঘৃণাই বাহ সাজে
পাহৰিব বিচাৰিলে …
সোঁৱৰণীবোৰে আঁচল টানে
স্মৃতিবোৰে কলিজাত শূল হৈ বিন্ধে।

প্ৰবিন দত্ত
শিৱসাগৰ
২৫/০৪/২০২০

Post a Comment

0 Comments