অনুজ য়েইনৰ গল্প - শিঙি মাছ


 শিঙি মাছ (গল্প)

এজন মাছৰ বেপাৰী। এদিন তেওঁ
শিঙি মাছৰ উজানত
সৰহকৈ শিঙি মাছ ,জালোৱাৰ পৰা
 শিৱসাগৰ টাৱনলৈ অনা হৈছিল। তেওঁ চেনী মৰা গাঁৱৰ পৰা প্ৰায় ন, কিলোমিটাৰ দূৰত্বত অৱস্থিত নগৰখন। তেওঁ জীয়নী মাছ, শিঙি মাছ বুলি নগৰৰ গলিয়ে আলিয়ে চিঞৰি বেচিবলৈ যায়। তেওঁৰ এটা সৰু পৰিয়াল আছে।মাছৰ ব্যৱসায় কৰি
পৰিয়ালটিক পৰিচালনা কৰে।
সৌ সিদিনা তেওঁ ভোগ লাগিছিল কাৰণ পুৱা সোনকালেই ঘৰৰ পৰা উলাই অহা বাবে  ভাত খোৱা নহ'ল আনকি চাহ একাপ  পৰিবাৰ জনী কৰা নহল। মনটো আছে ভোগত, চকু আছে কাষ্টমাৰত। এগৰাকী বোৱাৰী তিৰুতা শিঙি মাছ এক কিল' লাগে। বেপাৰী জনে
খৰকৈ তুলাচনীখন
এটা হাতত,আনখন
হাত শিঙি মাছৰ দ্ৰামত। হঠাতে আৰু
এজনী শিঙি মাছ
পাল্লাত লগালে কাটা
পুৰা এক কিলো হৈ যাব। তাকেই কৰোতে তৰ্জনী আঙুলিত শিঙিয়ে
বিন্ধিলে হয়। তাতেই লাগিল লেটা। উপায় নাই, আঙুলিৰ পৰা তেজ নিগৰাইছে। তেওঁ মুখত আঙুলি টো দি হুপিছে , অথচ বিষ আৰু তেজ খিনিৰ বন্ধ কৰিব পৰা নাই। তেওঁ বাইদেউ গৰাকী ক অনুৰোধ জনাই কলে যে বাইদেউ,ফটা কাপোৰ পাম নেকি
আঙলীটো বান্ধি বলৈ,,,ৰবচোন মই পাকঘৰৰ পৰা বিচাৰি আহিছো।
এই দৰে এগৰাকী তিৰুতা মানুহৰ স্বাভাৱিক মানৱীয়তাৰ তাগিদাত বেপাৰী জনক খুব ধুনীয়াকৈ
আলপৈচান ধৰিবলৈ আৰম্ভ কৰিছিল।গৰম পানীত নিমখ দি শিঙি মাছৰ বিষটো কমাবৰ বাবে নানা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। শেষত বিষ কমাৰ পাছত
বেপাৰী জনে মহিলা গৰাকীক ধন্যবাদ সুচকেৰে পিছত লগ
পোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেখেতৰ আলপৈচান দেখি
বেপাৰী জনে দ্ৰামত
থকা মাছখিনি দিবলৈ সন্মতি প্ৰকাশ কৰে।
মহিলা গৰাকীয়ে তেওঁৰ ক্ষুধাৰ উপলব্ধিৰ উমান পাই
একাপ চাহ কৰি দিয়া হ'ল।তাৰ পিছত, বেপাৰী জনে
কলে, আপুনি বেয়া নাপায় কথা এষাৰ কওঁ। মই গম পাইছো আপুনী ভোগ লাগিছে।এসাজ ভাত
খাই যাব। ৰবচোন বেছি সময় নালাগে।গেছ বঢ়াই দিলে হৈ যাব।মানে ৫/১০মিনিটত হৈ যাব। মুঠতে আপুনি পাকঘৰৰ ভিতৰলৈ আহি অ'ক মান
সহায় কৰিলে হৱ।তাৰ মানে বেপাৰী জনে কলে মই বুজা নাই। ৰবচোন লাহে লাহে চব বুজি উঠিব কৈ শিঙি মাছখিনি বেপাৰী জনক মাৰাই দিয়ক বুলি আগবঢ়ায়। তাৰ মানে মইও শিঙি মাছ ভয় কৰো। মানুহ জনহে মাছ সদায় চাফা কৰে। হয়নে, বাৰু হৱ দিয়ক।পেপৰীজনে চৰিয়াত নিমখ অকমাণ আনিবলৈ কয়, মহিলা গৰাকীক দেখোৱাই কয়, শিঙি মাছ কেনেকৈ মাৰি খাব লাগে মোৰ পৰা বাইদেউ শিকি লৱ।সদায় মতা মানুহক
আশা নকৰিব। চৰিয়াৰ ভিতৰত শিঙি মাছত নিয়মখিনি ছটিয়াই 
ঢাকোন দি খুবেই জোকাৰনী দিব লাগে, তেনে কৰিলে ৫ মিনিট নালাগে মাত্ৰ ১মিনিটত মাছখিনি মৰি যাব।অ, আজিহে গম পালো। মহিলা গৰাকীয়ে মাছখিনি লৈ গৈ পাকঘৰত সোমাল। দুয়ো জনে একেখন ডাইনিং টেবুলত বহি ভাত খাই উঠিবৰ সময়তে
লৰা, ছোৱালী হাল আহিল। আগতে চিনাকি ল'ৰা ছোৱালী মাত লগাই
নিজৰ বেগ,উনিফৰ্ম
খুলিব লৈ নিজৰ কোঠাত সোমাল। শেষত বেপাৰী জনে
তামোল খাই যাবলৈ সকলোকে বিদায় দি
গাঁৱৰ বেপাৰী গাওলৈ ঢাপলি আহিল ।
পিছদিনা, বেপাৰী জনে মনতে কিবা এটা বুৰবুৰাই ভাৱিলে যে মাছৰ বিনিময়ত এনে এক বিপদত নগৰৰ পৰিবেশত শুশ্ৰূষা কৰিছিল, খুবেই নিজকে সৌভাগ্য মোৰ। সুবিধা সদায় নাহে। তেওঁ পুনৰবাৰ আনদিনাৰ দৰে চহৰৰ অভিমুখে ৰাওনা হ'ল। কিন্তু ওচৰৰ চুবুৰীয়া মানুহৰ মাজত সমালোচনা পাত্ৰ হ'ল উক্ত মহিলা গৰাকী। চুবুৰীয়া মানুহবোৰে এই দিনা মাছ কিনিবলৈ নাপালে। সন্দেহৰ আৱৰ্তত থকা গোপন কাহিনী কথা গিৰিয়েকক কৈ দিয়া হৈছিল। গিৰিয়েকে
সচাঁকৈ ইমান মাছ প্ৰায় ডেঢ়কিলো মান
চৰিয়াত জীয়াই থৈছে। এয়াই আৰম্ভণি পৰকীয় প্ৰেমৰ এক জীৱন গাথা জীয়া বাস্থৱৰ ছবি।মানে ঘৰখনৰ  সংসাৰৰ মায়া জঞ্জাল। সচাকৈ আজিৰ তাৰিখত কাকো বিস্বাস কৰিব
নোৱাৰি। এই দিনা লকডাউনৰ নামত
ঘৰতে গিৰিয়েকে কামলৈ যোৱা নাছিল। কিছু সময়ৰ পাছত শিঙি মাছ আনি বেপাৰী জনে
পাকঘৰ ভিতৰলৈ সোমাই আহিল। লাগিলে জালত শিঙিমাছ মাছ নহয়, বেপাৰী জন। ঘৈণীয়েকক মাতি অনা হ'ল দুয়ো জনক কৈফিয়দ লোৱাৰ পাছত ওচৰৰ চুবুৰীয়া মানুহৰ সমাগম হ'ল।বিচাৰমতে বেপাৰী জনক বান্ধি ৰাজৱা
শাস্তি প্ৰদান কৰা হ'ল। বিচাৰৰ শেষত দুখী বেপাৰী জনে ৰঙাঘৰৰ আলহী হ'ল। কাৰণ বিনা অনুমতিত এজন সাধাৰণ মাছৰ বেপাৰী জনে কেনেকৈ কলিতা এঘৰত প্ৰৱেশ কৰিছিল। বেপাৰী জন আছিল গাঁৱৰে
অনা অসমীয়া বিবাহিত মানুহ। যিহেতু অসমীয়া কলিতা সম্প্ৰদায়ৰ মাজত মিছিং সম্প্ৰদায়ৰ মানুহ নতুবা অন্য মানুহৰ প্ৰৱেশ নিষিদ্ধ। চুবুৰীয়া মানুহবোৰে এঘৰীয়া কৰাৰ সিন্ধান্ত ল'বলৈ আলোচনা চলিল। ইফালে গাৱৰ মানুহৰ মাজত সমালোচনা পাত্ৰ। বিচাৰি খবৰ লবলৈ মানুহ নগৰলৈ ঢাপলি মেলিলে বেপাৰী জনৰ আত্মীয় পৰিয়ালৰ মানুহ। আনহাতে ৰঙাঘৰত ৰঙা পুলিচৰ লাঠিৰ খুব
পাই পুনৰবাৰ শিঙি মাছ বেছিলৈ নাযাও
বুলি আঠু কাঢ়ি পুলিচৰ ওচৰত চৰণ
চুই ঘৰলৈ যাবলৈ কাবৈ প্ৰাৰ্থনা জনায়।হয়,মহাশয় কেঁচা আম বেপাৰী জনে বেচেৰাই এবাৰহে বেছিবলৈ পালে। এসময়ত বহু দিনৰ পাছত থানাৰ পৰা
মুকলি কৰি অনা হৈছিল। পৰৱৰ্তী সময়ত অনুশোচনা অহাৰ পিছতো বেপাৰী জনে মহিলা গৰাকীৰ আন্তৰিকতা
পাহৰা নাছিল। এই দিন ধৰি আজিৰ তাৰিখলৈ কাণধৰি শিঙি মাছৰ ব্যৱসায় কৰাটো বাদদিয়া হৈছিল। তেওঁ এতিয়া গাঁৱত এখন সুলভ মূল্যৰ দোকান দি
পৰিয়ালটিক চম্ভালি লয়। আজিও গাঁৱৰ মানুহৰ মুখত শিঙি মাছ নামেৰে পৰিচিত হল।হয়,মহোদয় কামৰ পাছত ভাল নামৰ উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল।


অনুজ য়েইন।
৮/০৬/২০২০.

Post a Comment

0 Comments