এয়াৰটেলৰ নতুন পেক ৯৮ টকাত ১২জিবি ডাটা

লক ডাউনৰ সময়ত যদি কাৰোবাৰ Demand বাঢ়িছে এইয়া হৈছে আটাইতকৈ টেলেকম কোম্পানীবোৰৰ । এই লক ডাউনৰ সময়ত দেখা গৈছে যে সমগ্ৰ দেশৰ মানুহে ঘৰৰ ভিতৰত সোমাই আমনিদায়ক পৰিস্থিতিত পৰি আছে কিন্তু এনে সময়ত ইন্টাৰনেটযুক্ত মবাইলবোৰে এই আমনিদায়ক সময়বোৰক কিছু প্ৰকাৰ হলেওঁ সকাহ দিয়াত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আছে  । সাধাৰনতে দেখা গৈছে যে মানুহবোৰে এনেদৰে ইন্টাৰনেটত ব্যস্ততা বাঢ়ি যোৱা দেখি টেলেকম কোম্পানীবোৰেওঁ কাষ্টমাৰবোৰক নিজৰ অপাৰেটৰলৈ আষৰ্কন আনিবলৈ ভিন্ন ধৰনৰ পেক ঘোষণা কৰাত উঠিপৰি লাগি গৈছে । জিঅ'ই ৱৰ্ক ফ্ৰম হোম পেক'ৰ পৰা আদি কৰি ভিন্ন Add on pack মুকলি কৰাৰ পাছতে এয়াৰটেলো এই ক্ষেত্ৰত পিছ পৰি থকা নাই । তেওলোকৰ কাষ্টমাৰৰ কাৰনে এয়াৰটেলওঁ এটা এড অন পেক লৈ আনিছে যি পূৰ্বৱৰ্তী সময়ৰ পৰা চলি আছিল যদিওঁ তাক সম্পুৰ্ন নতুনকৈ মুকলি কৰা হৈছে । এয়াৰটেলে এতিয়া নতুনকৈ অনা এই পেকটোৰ দাম হৈছে ৯৮ টকা । পুৰ্বতেওঁ এয়াৰটেলৰ এই ৯৮ টকাৰ পেক আছিল যদিওঁ পুৰ্বৰ পেকতকৈ এই বাৰৰ পেকটো কিন্তু সলনি হৈছে । পুৰ্বতে এয়াৰটেলৰ এই পেকটো ৯৮ টকাত ২৮ দিনৰ বাবে ৬ জিবি ডাটা পাইছিল কিন্তু এতিয়া এই পেকটো লক ডাউনত মানুহবোৰৰ ইন্টাৰনেট ব্যৱহাৰ প্ৰতি লক্ষ ৰাখি এয়াৰটেলে ২৮ দিনৰে ভেলিডিটি ৰাখি ৬ জিবি'ৰ সলনি মুঠ ১২ জিবি ডাটা প্ৰদান কৰিব । অৰ্থাৎ এই পেকটো সম্পুৰ্ণ ডাবল কৰা হৈছে এয়াৰটেলে কেৱল মাথো লক ডাউনৰ বাবে । আৰু এই কথা প্ৰকাশ কৰিছে এয়াৰটেল কৰ্তিপক্ষই অলপ কিছু দিন আগতে । গতিকে আপুনি যদি বচাৰে তেন্তে এই পেকটো ভৰাব পাৰিব যি আপুনি ৯৮ টকাৰ বিনিময়ত পাব ১২ জিবি ডাটা সম্পুৰ্ণ ২৮ দিনৰ বাবে ।


আনহাতে আপোনাক জনাই দিওঁ যে এই লক ডাউনৰ সময়তেই এয়াৰটেলে কিছু দিন আগতে ৯৯ টকা, ১২৯ টকা আৰু ১৯৯ টকাৰ নতুন পেক অন্তৰ্ভূক্ত কৰিছে যাৰ দ্বাৰা ১ জিবি ডাটা পোৱাৰ লগতে এয়াৰটেলৰ hello tunes, Wynk Music, Airtel Xstream App আৰু ZEE5ৰ চাব্চক্ৰিপশ্বন ফ্ৰীকৈ দিয়া হৈছে । গতিকে এইসকলোবোৰ পেকৰো যদি লাভ উঠাব বিচাৰে তেন্তে আপুনি গুগুল প্লে ষ্ট'ৰৰ পৰা এয়াৰটেল অফিচিয়েল এপটো ডাওনলোড কৰিব পাৰিব আৰু এই পেকবোৰ আপুনি  বাবে  বিচাৰ ববেচনা কৰি লঋ যোনটো লাভ দায়ক হব তাক চিনাক্ত কৰি আপুনি ৰিচাৰ্জ কৰি লব পাৰিব আৰু এই পেক বোৰৰ আনন্দ বা লাভ উঠাব পাৰিব ।


ধন্যবাদ, টেকনিকেল জগতৰ সকলোবোৰ এ টু জেট খবৰৰ আপডেট দিয়া একমাত্ৰ অসমীয়া ৱেবচাইট   www.somogro.inত এনেদৰে টেকনিকেল আপডেট পাই থাকিবলৈ আপুনি আমাৰ ৱেবচাইটটো  সদায় ভিজিট কৰি থাকিব। ধন্যবাদ । নমষ্কাৰ । 

Post a Comment

0 Comments