ধাৰাবাহিক উপন্যাস - কথকতা এক অন্তহীন আৱেগৰ

কথকতা এক অন্তহীন আৱেগৰ



ষষ্ঠদশ খণ্ড


আৱেগৰ সাঁকো বগাই ৰঞ্জন ৰ ঘৰ পালোহি। কাব‍্যাই গেট খুলি দিলেহি। দুমহলীয়া ঘৰটোৰ  আগফালে এখন ধুনীয়া ফুলনি। গেটৰ দুই কাষতে দুজোপা বকুল। তাৰ পিছত নাৰিকল দুজোপা । এফালে জেৰেজ আৰু আনফালে ফুলনিখন। গেটৰ পৰা ঘৰলৈ অহা বাটটো দীঘলীয়া। ভাল লাগিছে। চহৰৰ বুকুত এখন নিভাঁজ অসমীয়া ঘৰ।  যত গাঁৱৰ মাটিৰ সুবাস আছে। এবিঘা নে বেছি হব চাগৈ তাৰ চৌহদৰ ব‍্যাসাৰ্ধ। ফুলনিৰ কাষতে চাগৈ কিবা খেতি লগাইছে। জেংদিয়া দেখিলোঁ।  ইতিমধ্যে ৰঞ্জন আৰু অভি নামি বেগ বিলাক নমাইছে। মই সংগীক ধৰি নমাবলৈ চাওঁতে কাব‍্যাই একাষে  ধৰিলেহি। দুমাহৰ আগতে বলা ধুমুহা ত বিধস্ত কাব‍্যা জয় পৰি গৈছে। দেখি ভাব হ'ল আহি ভালে হ'ল।  ৰঞ্জনলৈ চকু গ'ল... সি আমাৰ ফালেই চাই আছে। চকুৰে ধন্যবাদ দিলে সি। প্ৰণয়ে আমাৰ বেগকেইটা লৈ আগুৱাই বাৰাণ্ডাত উঠিল। কাব‍্যাই আমাক ভিতৰলৈ লৈ গৈ ড্ৰয়িং ৰুমৰ কৰিডৰ কাষৰ ৰুমটোলৈ লৈ গ'ল।  দীঘলীয়া কৰিডৰটোত থকা অন্য দুটা কোঠা  প্ৰণয় আৰু অভিয়ে দখল কৰিলে। আমি কোঠাত সোমাই বস্তুবোব থিক কৰোঁতে ৰঞ্জনে গাড়ী জেৰেজত ভৰাই গেটত তলা মাৰি আহিল। মোৰ ৰুমত গোটেইকেইটা সোমাই সংগীৰ বিষয়ে কি কৰো আলোচনা কৰিব লওতেই  কাব‍্যাই ক'লে....
:""দাদা, এটা কাম কৰক। মই সংগীৰ কাপোৰ বোৰ সলাই দিওঁ। তাইৰ বেগটো দিয়ক মোক । অ..আৰু আপোনালোকে মূখ হাত ধুই অলপ ফ্ৰেছ হৈ কিবা অলপ খাই লওক। ""

ৰঞ্জনে কাব‍্যাৰ কথাত সমৰ্থন কৰিলে।সেয়ে আমি সকলোৱে হাত ভৰি ধুবলৈ গ'লো। মই একেবাৰে গা ধোৱাই ভাল বুলি গাটো ধুলো। মনটো ভাল লাগে । পিছে অভিয়েহে কাইলৈ খাব বুলি হাত ভৰি ধুই শুবলৈ গ'ল।  আমি ফ্ৰেছ হৈ আহোঁ মানে কাব‍্যাই সংগীক স্পঞ্জ বাথ দি কাপোৰ সলাই দিছিল। কাব‍্যাই আমাৰ বাবে  পাতলীয়াকৈ  ভাত বনাই থৈছিল। আলু বিনৰ শুকান ভাজি এখন আৰু   আলু ,কাচকল পিতিকা আৰু ঘি দিয়া বইল মগু ডালি। ভাত খাবলৈ ইচ্ছা নাছিল যদিও কাব‍্যাৰ হেপাঁহক অৱমাননা কৰাৰ ধৃষ্টতা মোৰ নাই। অন্ততঃ এই সময়ত যে একেবাৰে নাই। ৰঞ্জন , মই আৰু প্ৰণয়ে খাবলৈ বহিলোঁ। ৰঞ্জনে বাৰ বজাত ঘৰ সোমাইছিল হে বোলে। মই ফোন কৰোঁতে সি চোফাত টোপনিয়াই আছিল। গতিকে আমি একেলগে খাবলৈ সিও ৰৈ দিলে। তাতে কাইলৈ সি ছুটি লব বোলে। গতিকে সকলোৱে খাবলৈ বহিলোঁ। মই সংগীৰ কথা  ভাবি ৰুমলৈ চাওঁতে কাব‍্যাই ক'লে...
:""দাদা, মই ডালি অলপ আলু পিতিকা দি  মিহলাই থৈছোঁ। তাকেই অলপ সংগীক খুৱাই থৈ আহোঁ ৰব। কিবা লাগিলে মাত দিব দেই।""

কাব‍্যালৈ মৰম লাগি গ'ল। তাই আনকি সংগীৰ খোৱাটো ধ‍্যান দিছে। ভাল হওক তাইৰ.... মনতে ভাবিলোঁ।  আমিও খাবলৈ আৰম্ভ কৰিলোঁ।


খাই বৈ উঠি অলপ বহিলোঁ। কাব‍্যাই সংগীক খুৱাই আহিল। তাইক অলপ উঠাই মূখ খনো ধোৱালে। এতিয়া.....

এতিয়া টো শোৱাৰ সময়। কিন্তু সংগী আৰু মই.... একে ৰুমত!একে বিচনাত!! অভাৱনীয়!! এবছৰ লগত থকা স্বত্তেও  একেলগে থাকি নোপোৱা আমি আজি একেলগে থাকিম!! প্ৰথম বাৰৰ বাবে মোৰ লাজ লাগিছে প্ৰণয় হতলৈ... অৱশ‍্যে ৰাতিপুৱাবলৈ বেছি সময় নাই। হলেও এই ক্ষণ যে বৰ্ণনাতীত....
 হেপাঁহৰ বাটচৰা  সজাই প্ৰেমৰ দলিচা গচকাৰ সময়! বুকুত অনুৰণিত সুৰবোৰক দমাবলৈ যত্ন কৰিলোঁ। ভয়ো হৈছে, জানোচা সংগীয়ে মোক ভুল বুজে!!

সকলো নিজৰ নিজৰ কোঠা অভিমুখী হোৱাত মই অকলে বহি ৰলো ছোফাখনত এবুকু দোমোজাৰ মাজত। ন যযৌ ন তস্হৌ... অৱস্থা এতিয়া মোৰ। কিমান সময় বহিলো নাজানোঁ। 


বাহিৰত চৰাইৰ কিচিৰ মিচিৰ মাতত চকু মেলিলো!  পাঁচ বাজিছে। তাৰমানে মই আধাঘন্টা ইয়াতে শুলো। কাব‍্যাই টেবলেট খুৱাই দিছিল সংগীক। মনত পৰাত লাহেকৈ উঠি গলো আমাৰ নিৰ্দিষ্ট কোঠাটোলৈ। দুৱাৰ খুলি দেখিলো সংগী বেকা হৈ শুই আছে। বাগৰ সলালেই পৰিব। দুৱাৰ বন্ধ কৰি মই সংগীৰ ওচৰ নাপাওতেই তাই বাগৰ সলালে। এ......এ....পৰিলে!!!!!উফ!!! যেন তেন সময়ত আহি ধৰি  বচালো তাইক। কি যে ছোৱালী!! শুবলৈ নাজানে!! হাঁহি উঠিল অলপ। সৰু ছোৱালীৰ দৰেই কাৰবাৰ বোৰ। মনত পৰিল বিয়াৰ কেইদিনমান পাছতে প্ৰণয়ে কোৱা কথাবোৰ....

:""শান্তনু, বেয়া বা ভাল একো ভাবি কোৱা নাই যদিও মনত ৰাখিলে ভাল পাম কথাবোৰ। যি হ'ব আছিল 
হ'ল। এতিয়া তহঁতৰ সম্পৰ্ক বেলেগ স্তৰলৈ উন্নীত হৈছে। আগতে অচিনাকি আছিলি যদিও এতিয়া দুয়ো চিনাকি অতিকৈ আপোন হৈ পৰিছ। সমাজে বান্ধি দিয়া নিয়ম অমান্য নকৰিবি। কি হৈছে কেনেকৈ হ'ল তই জান ভালকৈয়ে। তাইতকৈ তই ডাঙৰ।অলপ এৰা ধৰাৰ মাজেৰে চলিবি। তাই মাক দেউতাকৰ আলসুৱা ছোৱালী। বেছি কামো নাজানে। মনটো কিন্তু বহুত ভাল তাইৰ। সন্মান কৰিবি তাইৰ চিন্তাক। হয়তো লগতে থাকিবি যেতিয়া বুজিবলৈ দিগদাৰ নহব তাইক। হলেও কও you are lucky enough bro...ভুলতে হাত দিলি যদিও হীৰা পাইছ তই! কিবা হ'লে মোক কবি। তাইৰ কাৰণে মই সদায় তোৰ লগত আছোঁ। ""


সচাকৈ তাইৰ চিন্তা ,কামবোৰ অলপ বেলেগ আছিল। কিছুমান পৰিপক্ক আৰু কিছুমান ল'ৰামতীয়া। মনত আছে মোৰ! পিৰিয়ড হ'লে মা বা পাপাই তাইক চেনেটৰী পেড আনি দিয়া। মই কোনোদিনে তাইৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নাছিলোঁ। কেতিয়াবা কৰিবলৈ বাধ্য হৈছিলো কাৰণ মোৰ বন্ধু ৰ আগত মই হীন হব বিচৰা নাছিলোঁ।  কিবা খাবলৈ মন গলে পাপা ক ফোন কৰি অৰ্ডাৰ দিছিল। আচৰিত ধৰণে পাপাইও তাইৰ প্ৰত‍্যেকটো আব্দাৰ পূৰণ কৰিছিল। মাই নিজৰ বাবে কিবা কিনিলে এটা বস্তু উপৰিঞ্চিকৈ লৈছিল। যিটো এতিয়াও কৰে মাই!! হয়তো তাইৰ স্থান মাকৰ হৃদয়ৰ গভীৰতাত আছে!

জীৱনে সচাই বহুত ধৰণৰ শিক্ষা ৰে শিক্ষিত কৰে মানৱক। মানসিক শিক্ষা সৰ্বোপৰি... জীৱন জীয়াবলৈ বা উপভোগ কৰিবলৈ বহুত বেছি প্ৰয়োজন ইয়াৰ। সময় সুবিধা থাকোঁতে উপলব্ধি কৰিলে জীৱনৰ মূল্য সচাই অতুলনীয় হৈ পৰে। জীৱনে দ্বিতীয় সুবিধা সতকাই নিদিয়ে। মই এই সুবিধা পাইছোঁ। গতিকে এইবাৰ ভুল কৰাৰ প্ৰশ্ন নাই।  

সংগীক ভালকৈ শোৱাই মই কোঠাটোৰ খিৰিকী খন খুলিলো। এচমকা ৰ'দে চকু চাট মাৰি ধৰিলে। চকু মেলি চালোঁ  চাৰিওফালে সেউজীয়া। বাঁহগছৰ কাষতে এটা সৰু পুখুৰী... পুখুৰীটোত এখন কনমানি বাঁহৰ দলং ... ৰ'দঘাই পুখুৰীৰ পাৰত নেমু টেঙা আৰু আম, বগৰী ৰ গছ।  বুজিলোঁ, ঘৰটো দিঘলীয়াকৈ বনাই বাকী থকা মাটিত সুশৃংখলিত ভাৱে খেতি কৰিছে। ভাবিব নোৱাৰা কথা!  ব‍্যস্ত কৰ্মজীৱনৰ মাজতো ৰঞ্জনে জীৱনৰ চন্দ হেৰুৱা নাই। সৌৱা....ডাউক জনীয়ে পোৱালি দুটাক চৰাইছে। হয়কলি চৰাইকেইটাই চৌহদৰ সীমামুৰীয়া কদম দালত পৰি গীত জুৰিছে। কপৌ আৰু শালিকা কেইটামান সেউজীয়া দলিছাখনত পৰি কিবা বিচাৰি আছে.... সব ফালে ইমান সুন্দৰ!! সদায় দেখা চৰাইকেইটাকো আজি ইমান ধুনীয়া লাগিছে!!!  চাৰিওফালে ধুনীয়া ই আৱৰি ধৰিছে মোক । লাহে লাহে সেই আৱেশত ডুবি গৈছোঁ নিজে নজনাকৈয়ে......

আগলৈ

Post a Comment

0 Comments