অনুজ য়েইনৰ কবিতা - আজি জনতা কাৰ্ফিউ সৰ্তক দেওবাৰ



আজি জনতা কাৰ্ফিউ
সৰ্তক দেওবাৰ ২২/০৩/২০২০
********************

১/ যি নামেৰে নামকৰণ নকৰা তাৰ নাম মহাপ্ৰলয় আতংকিত
সংক্ৰমিত ক'ৰণা ভাইৰাছ,নৱেল ক"ৰণা,,,,,বিশ্বৰ প্ৰান্তে প্ৰান্তে,এক মাৰাত্মক ব্যধী।
২/ আশীচনৰ এটি কথা
মনত পৰিছো, চকু ক'ণাৰ ভয়ত মা-দেউতাৰাৰ
আদেশ মানি চলিবলে
আঠোৱা তৰি দিনটো
শুবলে বাধ্য কৰায়
সৌ সিদিনা মোৰ বয়স
চাৰে-পাঁচ বছৰমান
অনুমান হয়,,।
৩/ গাওঁ-ভূঞে,চহৰে-নগৰে
নিমাও-মাও,, আৱদ্ধ
কোঠাতে  ব্যস্ত মানুহ
জনতা কাৰ্ফিউ সমৰ্থন দেখি , সাংবাদিকে জনায় নমস্কাৰ অসম-ইন্দিয়া,,,।
৪/ জীৱনটো মূল্য বান
সম্পদ, শ্ৰেষ্ঠ সম্পদৰ মহৎ কৰ্য্যৰ সমীক্ষা সীমাহীন চিৰন্তন অনন্য,
নিজক সুৰক্ষা কৰি
আনকো ৰক্ষণাবেক্ষণ
দিবলে আহ্বান জনায়।
 ৬/ একাংশ বুদ্ধি জীৱিয়ে ভাল নামৰ উপাধিৰ আধাৰত/নাটক-গল্প আদি কবিতাৰ বীজ,গীতৰ কলি বিছাৰি নেপথ্যত আখৰা ।
৭/ ইফালে, য'ত বিজ্ঞানৰ কাৰিকৰী
জ্ঞানৰ পৰা বঞ্চিত
সেয়াই গোমা আন্ধাৰ
আকাশ, দূৰ্বলতাৰ সুযোগ্ দুস্কৃতিকাৰীৰ,,,,
৮/  এচামে তাচৰ জোৱাৰৰ ঢৌত
বিচাৰি ফূৰে, বিলাতী
ম'দৰ সাগৰ, ক'ৰণা ভাইৰাছ বিৰুদ্ধে চুৰ, ডকাইতৰ তাণ্ডৱৰ পুখা
মেলিব,,,।
৯/ যিজনে আধুনিক যুগৰ বিলাসীতা দেখা
নাই , তেওঁ এজন অন্ধ,
যিজনে মাক্স,চেনিটাইজাৰ শব্দ
শুনা নাই, তেওঁ এজন ক'লা।
যিসকলে ওৱাটছ আপ, ফেচবুক,চাবলে নাজানে, তেওঁ এজন বোবা।
১০/ চীন আৰু ইটালীৰ
দম্পত্তীহালৰ কাহিনী যিসকলে পঢ়া নাই
তেওঁ লোকে কাহানিও
হ্নদয় গম কৰিব নোৱাৰি ,চীন-ইটালীৰ
মহামাৰীৰ পটভূমিৰ বিলৈ,,,,।
১১/ ক'ৰণা ভাইৰাছৰ
প্ৰতিৰোধৰ ঘোষণা সময়তো জীৱন ক্ষণৰ
আজি মূহুৰ্তত ,কামৰ তাগিদাত দিনে-ৰাতিয়ে
আজৰি নাই, বিশ্ব- ব্ৰহ্মাণ্ডৰ মানৱ জীৱ
কুলৰ , ব্যস্ত ৰহস্যময় আঁৰৰ কাহিনী আন্ধাৰত
ৰৈ যোৱা এক ইতিহাস।


++++++++++++++ অনুজ য়েইন। দিচাং মুখ, শিৱসাগৰ।🙏।

Post a Comment

0 Comments