ধাৰাবাহিক উপন্যাস - কথকতা-এক অন্তহীন আৱেগৰ (প্ৰথম খণ্ড)

কথকতা-এক অন্তহীন আৱেগৰ





...তাৰ হাতৰ নোমবোৰ দাং খাই উঠিছে...হঠাৎ... হঠাতে ঠাণ্ডা ও লাগিছে..বুকুৰ ভিতৰত এটি বিষ ৰিমজিমাই আহিছে!! আচৰিত!এনে অনুভৱ চোন তাৰ আগতে হোৱাই নাছিল।

  এতিয়া...... এতিয়াচোন তাৰ নাক ও বন্ধ হৈছে। চকু... চকু দুটা ও পুৰিছে..যেন কিবা এটা সৰি পৰিব!কিয় এনে হৈছে তাৰ! কিয়???
 
     বুকুৰ বিষটো আকৌ উজাই আহিছে.. এনে হোৱাৰটো কথা নাছিল! সন্মুখৰ ভাৱলেখহীন চকু অথচ ক'লা - ৰঙা পৰা মুখখনে যে এনেদৰে চাব বুলি সি আশা কৰা নাছিল...

অথচ এই মুখখনলৈ চালেই তাৰ বুকুত বিষ আৰম্ভ হয়! যেন সি কিবা গুৰুতৰ অপৰাধৰ শাস্তি হে পাইছে।

নীৰৱতাৰে এখন হাতে তাৰ মুখৰ আগত এখন কাগজ   দাঙি ধৰে। জানিছিল সি! এয়া অৱধাৰিত! এয়াইতো তাৰ ইচ্ছা ! এই কাগজখন। কিন্তু .. কিন্তু এতিয়া কিয় তাৰ বুকু বিষাইছে...ৰু ৰুৱাই বিষাইছে..উশাহ লবলৈও শক্তিৰ অভাৱ হৈছে..

: ব'লা।

মাতষাৰ শুনি তাইৰ মুখলৈ চাই সি অবাক হ'ল।

আউলি-বাউলি চুলিৰে, ঘৰত পিন্ধা শাৰী..আৰু.. আৰু স্বাভাৱিক হবলৈ কৰা চেষ্টা ত ঘনে ৰং সলোৱা মুখৰ ৰং!! এয়া তাইয়ে নে???

:ৰুমলৈ ব'লা। তাই আকৌ ক'লে।

:ৰুম???

: অ। তুমি ব্যৱহাৰ কৰাটোৱেই।

এনেতে পৰিচাৰিকা গৰাকীয়ে ক'লে, "ছাৰ!মেডামে দুঘন্টা ধৰি বহি আছে। এওঁ আপোনাৰ ৰুমটো বুক কৰিছে। আপোনাক ওলোৱাৰ সময়ৰ পৰাই ৰুমটো এওঁৰ।""

: ব'লা।  তাই ক'লে।

মাতটোত এক অস্বস্তিকৰ শীতলতা আছিল। যিটো মই সহ‍্য কৰিব পৰা নাই । কিন্তু কিয়?? উত্তৰ যে মোৰ হাততো নাই!

  ৰুমৰ সন্মুখ পালো । ঠিকেই। ৰুম নং -১০.. যত অলপ আগতে মই আছিলোঁ।  চাবিৰে দুৱাৰখন খুলি তাই অলপ সময়  থমকি ৰ'ল। যেন পৰিবেশ টো বুজিবলৈ চেষ্টা কৰিলে।

: আহা। -- উস্ আকৌ সেই মাত..

উত্তৰ নিদি ভিতৰলৈ গ'লো।

আচৰিত!! তাই ৰুমৰ চুক এটাত থিয় দি ৰ'ল। অস্বাভাৱিক নীৰৱতাই ৰুমটোক যেন গিলি পেলালে! সহ‍্য হোৱা নাই মোৰ! উশাহ লোৱা ত আকৌ কষ্ট পাইছোঁ। বুকুখন আকৌ বিষাইছে!  বিছনা খনত বহি পৰিলো।  তাই কাগজখন আগবঢ়াই দিলে।

: কামটো শেষ কৰা.. তাই ক'লে।

 মই কাগজখনত চহী কৰিলোঁ। তাইলৈ আগবঢ়াই দিওঁতে তাই কাগজখন লৈ ওলাই গ'ল।


মোৰ মূৰ টোৱে কাম নকৰা হৈছে। ঘড়ীটোলৈ চালো ।ৰাতি, দহ বাজিছে। তাৰমানে.... তাৰমানে তাই জানিছিল মই কি  কৰি আছিলোঁ!! উস্ বুকুখন! হঠাতে  কোনোবা সোমাই আহিল....

""ছায়া"" (আগলৈ)

Post a Comment

0 Comments