অনুজ য়েইনৰ কবিতা - নদীৰ শেষ সীমা কোন দিশে



:নদীৰ শেষ সীমা কোন দিশে :
            ~~~~~~~~~
                   : অনুজ য়েইন :

উচুপি-উচুপি নাঙঠ নদী এটি
শূণ্যতাৰ ঢৌ তুলি -তুলি
ভাগৰুৱা স্মৃতিৰ সুঁতি সলায়
জোলোঙাত ভৰাই থয় লাজ
ওৰণীৰে ঢাকি লয় ভয়
বানে ভাঙি দিয়ে সপোন
মাছবোৰে সাজি দিয়ে ঘৰ,

হঠাৎ নদীৰ সুৰ এটি
বুকুয়েদি যেন ওজাই আহিল
নদীৰ চাকনৈয়াত যিয়ে ডুবি
 যায়
তেৱেই জানে নদীৰ শেষ সীমা কোন দিশে,

কেনে অসহ্য -বেদনা সহি-সহি
চমুকত বলীয়া বান
আমুকত খৰাং বতৰ
গৰা খহাই দি খহি
সোঁতে বৈ গৈ আছে •••
এজাক চেঁচা বৰষুণত
এক জিল-মিল বৰণীয়া নদীৰ  প্রেম।।।।

Post a Comment

0 Comments