দুটা চকু থকা সত্ত্বেও আমি দুটা বস্তু নেদেখি এটা বস্তু দেখাে কিয়?

দুটা চকু থকা সত্ত্বেও আমি দুটা বস্তু নেদেখি এটা বস্তু দেখাে কিয়?


মানুহে কিবা এটা চাওঁতে দুয়ােটা চকুৰ পৰ্দাত প্রায় একে ধৰণৰ দুখন ছবি উঠে। চকুৰ পৰ্দাৰ পৰা দর্শন-স্নায়ুয়ে ছবি ফলত সৃষ্টি হােৱা বিশেষ ধৰণৰ টৌবােৰ মগজুলৈ কঢ়িয়াই নিয়ে। তেতিয়া মগজুতাে দুখন একে ধৰণৰ ছবিৰ সৃষ্টি হয়। এই ছবি দুখন এখনৰ ওপৰত সিখন প্রায় মিলি যায়। সেই কাৰণেই আমি বস্তুবােৰ দুটা দুটাকৈ নেদেখি এটাকৈহে দেখাে।

ফেচা, হুদু জাতীয় চৰাইবােৰৰ বাহিৰে হাঁহ, পাৰ, কুকুৰা, কাউৰী, কপৌ আদি চৰাই আৰু গৰু, ছাগলী, মহ, ঘোঁৰা, কুকুৰ, মেকুৰী আদি জন্তুবােৰৰ এটা চকু মূৰৰ সোঁকাষে আৰু আনটো বাঁওকাষে থাকে। এইবােৰ প্ৰাণীয়ে এটা চকুৰে এফালৰ বস্তুহে দেখে; ইহঁতে দেখা বস্তুবােৰৰ গভীৰতা, অর্থাৎ, বস্তুবােৰৰ প্রকৃত আকৃতি আৰু এটা বস্তুৰ পৰা আনটো বস্তু কিমান দূৰত আছে তাক ধৰিব নােৱাৰে। সৰু ল'ৰা-ছােৱালীয়ে এখন কাগজত একেলগে মানুহ, গছ-গছনি আৰু চৰাই-চিৰিকতি আদি আঁকিলে দেখিবলৈ যেনে হ’ব, মগজুত তেনেকুৱা এক প্রতিবিম্বৰহে সৃষ্টি হয়। মানুহে চকুৰে দেখা প্রণালীটোক ইংৰাজীত বাইন’কুলাৰ দৃষ্টি বােলে। ইয়াৰ দ্বাৰা কোনাে এটা বস্তু কিমান দীঘল, কিমান বহল, কিমান শকত বা ডাঠ সেইবােৰ বুজা যায় আৰু কোনাে এটা বস্তুৰ পৰা আন এটা বস্তু কিমান দূৰত আছে তাৰাে কিছু উমান পােৱা যায়।

Post a Comment

0 Comments