মমবাতি কেনেকৈ জ্বলে?

মমবাতি কেনেকৈ জ্বলে?


মমবাতি মমৰ পৰা তৈয়াৰ কৰা হয়। মমৰ ভিতৰত থাকে হাইড্রোকার্বন (Hydrocarbon) নামৰ এক প্ৰকাৰ জৈৱ ৰাসায়নিক পদার্থ। হাইড্রজেন আৰু কার্বন, – এই দুটা মৌলিক পদাৰ্থৰ সংযােগত হাইড্রোকার্বন গঠিত হয়।

মমবাতিৰ ভিতৰত সূতাৰে তৈয়াৰী এডাল শলিতা ভৰােৱা থাকে। এই শলিতাডালত অগ্নি সংযােগ কৰাৰ লগে লগে প্রথমতে কঠিন মম গলি তৰল হয় । তাৰ পাছত সেই তৰল মম বাষ্পলৈ ৰূপান্তৰিত হয়, – যি বাষ্প জ্বলিব আৰম্ভ কৰে । মমবাতিৰ শলিতাৰ শীৰ্ষলৈ সেই তৰল মম উঠি আহে। পদার্থ বিজ্ঞানৰ যি নিয়ম অনুসৰি সেই মম শলিতালৈ উঠি আহে তাক কেপিলাৰি একছন (Capillary Action) বা কৈশিক ক্রিয়া বােলা হয়। মমবাতিৰহাইড্রোকার্বনৰ দাহ্য বাষ্প পেপাৰাৰ ফলত তাত জুই জ্বলে। এই প্রজ্বলনৰ সময়ত বায়ুৰ অক্সিজেনৰ প্রয়ােজন হয়। বায়ুৰ অক্সিজেন আৰু মমবাতিৰ বাষ্পৰ (যি তৰল মমৰ পৰা সৃষ্টি হয়) মাজত ৰাসায়নিক বিক্রিয়া ঘটে। তেতিয়া মমবাতিৰ পৰা পােহৰ আৰু তাপ দুয়ােটাই পােৱা যায়।

Post a Comment

0 Comments