কৰোনা ভাইৰাচ ৰোগৰ লক্ষণ আৰু এই ৰোগৰ পৰা কেনেকৈ বাচিব -

কৰোনা ভাইৰাচ ৰোগৰ লক্ষণ আৰু এই ৰোগৰ পৰা হাত সৰাৰ ব্যৱস্থা -


কৰোনা ভাইৰাচ বৰ্তমান চীন দেশত আতংক সৃষ্টি কৰিছে । এই ৰোগ বৰ্তমান ভাৰতলৈ অহাৰ সম্ভাৱনাওঁ দেখা দিছে । গতিকে এই লেখাটোত আমি আপোনালোকক জনাম কিদৰে কৰোনা ভাইৰাচ ৰোগৰ লক্ষণ ধৰা পেলাব পাৰি আৰু কেনেকৈ এই ৰোগৰ পৰা হাত সাৰিব পাৰি -

কৰোনা ভাইৰাচ ৰোগৰ লক্ষণসমূহ  - 

শৰীৰত ৰোগৰ জীৱাণু প্ৰবেশৰ পৰা অসুখৰ লক্ষণ ফুটি উঠালৈকে এই সময় চোৱাক Incubation period বুলে৷ কৰোনা ভাইৰাচৰ Incubation period ৫ৰ পৰা ১৫দিনলৈকে হব পাৰে৷  সন্দেহজনক ৰোগীক ২৮দিনলৈ পৃথকে ৰখাৰ(quarantine) পৰামৰ্শ দিয়া হয়৷
সাধাৰণ পানীলগা,জ্বৰ-চৰ্দিৰ দৰে নাইবা কাহ,গাৰ বিষ, বুকুৰ বিষ, ভাগৰ লগা, হাপানীৰ দৰে উশাহত কষ্ট হোৱা অৰ্থাৎ নিউমোনিয়া সদৃশ ৰোগৰ লক্ষণ সমূহ ৷ কেতিয়াবা ডায়েৰিয়াও হব পাৰে৷ আন অসুখত ভোগী থকা লোকসকল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা সকলৰ ভাইৰাচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে৷



এই ৰোগৰ বাবে কি কি সতৰ্কতামূলক ব্যৱস্থা লব – 

চাবুনৰে ভালদৰে ঘঁহি পিহি হাত ধুব৷ কাহ জ্বৰ আদিত   ভোগালোকক পৰিচৰ্য্যা কৰোতে বিশেষ সতৰ্কতা লব৷  সঠিক মাস্ক ব্যৱহাৰ কৰিব৷ কেঁচা বা আধা সিজা মাংস,সাগৰীয় খাদ্য সমূলি পৰিহাৰ কৰিব৷ পৰাপক্ষত নিৰামিষ খাদ্য গ্ৰহণ কৰিব৷ পানী বেচিকৈ খাব৷ ডিঙি শুকাই থাকিলে  ভাইৰাচ সহজে বিয়পিব পাৰে বুলি অনুমান কৰা হৈছে ৷ আইচক্ৰিম আৰু শীতল পানীয় গ্ৰহণ নকৰিব৷ এনে শীতল বাতাবৰণত ভাইৰাচে সহজে আক্ৰমণ কৰিব পাৰে৷  উপযুক্ত বিশ্ৰাম লব আৰু টোপনি ক্ষতি নকৰিব৷ উটৰ মাংস আৰু উটৰ গাখীৰত কৰোনা ভাইৰাচ থাকিব পাৰে৷ গতিকে তাৰ প্ৰতি  সতৰ্ক হব৷ টেঙা ফল আৰু ভিটামিন-চিয়ে ভাইৰাচৰ পৰা কিছু সুৰক্ষা দিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ চৰ্দি জাতীয় অসুখত আক্ৰান্ত হলেও  নিয়মীয়া অসুখৰ দৰব (যেনে ডায়েবেটিজ,উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ ) বন্ধ নকৰিব৷ ৰোগাক্ৰান্ত অঞ্চললৈ ভ্ৰমণৰ আঁচনি নলব৷ ৰোগাক্ৰান্ত দেশ ভ্ৰমণ কৰি অহা লোকৰ লগত ততালিকে মিলমিচা নকৰিব৷ আনৰ সৈতে হাতমিলাই কৰমৰ্দন কৰাৰ সলনি হাতযোৰ কৰি সম্ভাষণ জনোৱাটো সৰ্বথা নিৰাপদজনক৷ ভীৰ হোৱা ঠাই যেনে চিনেমাহল,বজাৰ পৰাপক্ষত এৰাই চলিব৷

লেখাটো সকলোৱে পঢ়ি সাৱধান হবৰ বাবে অনুগ্ৰহ কৰি চেয়াৰ কৰক ।

Post a Comment

0 Comments