মহিলাসকলৰ ঋতুস্রাৱ অনিয়মীয়া সমস্যাৰ সমাধান

আজিৰ এই লেখাটোত মহিলাসকলৰঋতুস্রাৱ অনিয়মীয়া (IRREGULAR MENSTURATION)ৰ ওপৰত গুণাৰাম খনিকৰে দিয়া বিধান সমুহ আমি আপোনালোকক জনাম -





স্ত্ৰী-ৰোগ - ঋতুস্রাৱ অনিয়মীয়া (IRREGULAR MENSTURATION)


মাহেকীয়া ঋতুস্ৰাৱ সময় মতে নহ'লে ১০/১২ দিন পর্যন্তু ঋতুস্রাৱ হৈ থাকিলে, বহু দিন ঋতুস্ৰাৱ নহৈ কেইবামাহৰ মূৰত এবাৰ ঋতুস্ৰাৱ হলেই ঋতুস্ৰাৱ অনিয়মীয়া বুলি কোৱা হয় ।


এই ৰােগৰ কাৰন সমুহ হৈছে — 

শৰীৰত দূষিত আৰু বিষাক্ত পদার্থ জমা, অধিক আহাৰ খোৱা, বিষাক্ত ঔষধ খোৱা, অত্যধিক শাৰীৰিক আৰু মানসিক চিন্তা, জৰায়ু আৰু ডিম্বকোষৰ বিষ, জৰায়ুৰ স্থানচ্যুত আদি ।

এই ৰােগৰ লক্ষণ সমুহ হৈছে ঃ~-


তলপেটত বিষ, শাৰীৰিক দুর্বলতা, মুখ শেতা পৰা আৰু মূৰ্চ্ছা যোৱা আদিয়েই  প্রধান লক্ষণ !

এই ৰোগৰ বন-দৰব :-


১। হাড়জোৰা দিয়া লতাৰ ৰস ৫ গ্রামকৈ দিনে ২ বাৰকৈ একেৰাহে ১০/১৫ দিন খালে ঋতুস্ৰাৱ নিয়মীয়া হয়।

২। অশােক ফুল গছৰ ছালৰ ৰস নিয়মীয়াকৈ খালে ঋতুস্ৰাৱ নিয়মীয়া হয় আৰু জৰায়ুৰ ক্ৰিয়া ভাল হয় ও শৰীৰত শক্তি পায় ।

৩। অনন্ত মূল ৫ গ্রাম, গাখীৰ বা পানীৰ লগত মিশ্রণ কৰি দিনে ২ বাৰকৈ কিছুদিন খালেই ঋতুস্ৰাৱ নিয়মীয়া হয়।

৪। ঋতুস্ৰাৱ নিয়মীয়া নহৈ পেটৰ বিষ হলে এৰাপাত ২/৩ ঘন খুন্দি তাৰ ৰস খালে পেটৰ বিষ নাইকীয়া হয় আৰু ঋতুস্ৰাৱ নিয়মায়।।

৫। পেট বিষালে সৰিয়হ বটি গৰম কৰি পেটত প্রলেপ দিলে বিষ সহজে কমে।

৬। কপাহ গছৰ শিপাৰ ৰস ৫ গ্ৰামকৈ ২/৩ দিন খাব লাগে।

৭। নিমপাতৰ ৰস ১৫ গ্রামকৈ ৮/১০ দিন খালে ভাল।

৮। বগা অপৰাজিতাৰ শিপাৰ ৰস ১ চামুচকৈ ৩ দিন খাব লাগে।


পথ্য—


কেলচিয়ামযুক্ত খাদ্য যেনে—নাৰিকল, নৰসিংহৰ পাত, পদিনা, ফুলকবি, মূলাশাক, সৰিয়হ শাক, কাটাখুটু, চজিনাৰ পাত, চয়াবিন, মটৰ, আটলাচ ইত্যাদি গাখীৰ, দৈ, জুলীয়া গুড়, বন্ধা-কবি, অমিতা, পালেংশাক, ধনীয়া, মাটি কান্দুৰী, আমলখি, বিলাহী, সুমথিৰা টেঙা, মাটিকঁঠাল, কল, কডলিভাৰ তেল আদি এই ৰোগৰ উপকাৰী।

অপথ্য—


চাহ, কফি, মাদক দ্রব্য, ধূমপান, ময়দা, মছলা, পায়স,জ্বলা-পােৰা বস্তু খােৱা এই ৰোগত বেয়া ।


গতিকে এইয়াই হৈছে মহিলাসকলৰ ঋতুস্রাৱ অনিয়মীয়া (IRREGULAR MENSTURATION)ৰ ওপৰত গুণাৰাম খনিকৰে দিয়া উত্তম বিধান । লেখাটো পঢ়ি ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments