কেঁচুমুৰীয়া বা অর্শ-PILES কিদৰে নিৰাময় কৰিব

আজিৰ এই লেখাটোত আমি আপোনালোকক জনাম অসমৰ প্ৰখ্যাত বনষৌধীবিদ গুণাৰাম খনিকৰ দেৱৰ কেঁচুমুৰীয়া বা অর্শ-PILES ওপৰত বিধান


কেঁচুমুৰীয়া বা অর্শ-PILES  পুৰুষ - মহিলা, ল'ৰা-বুঢ়া সকলােৰে হ’ব পাৰে । এই ৰোগত
মলদ্বাৰৰ শিৰা ফুলি উঠে। মটৰ মাহৰ আকৃতিৰ সৰু সৰু কোঁহ হয় ।


এই ৰোগৰ কাৰণ ঃ--


যকৃতৰ দোষ, কোষ্ঠকাঠিন্য, অতিৰিক্ত আহাৰ খালে, বেছি মছলা দিয়া খাদ্য, উত্তেজক দ্রব্য, অখাদ্য বস্তু খােৱাৰ কাৰণে
এই ৰােগ হয়। শৰীৰত পানীৰ পৰিমাণ কমি গ'লেও এই ৰােগ হ'ব


এই ৰোগৰ লক্ষণ ঃ—


মলদ্বাৰৰ ভিতৰ ৰা বাহিৰত সৰু সৰু ফোঁহা হয়। সাধাৰণতে বিষ নহয় । মলদ্বাৰেদি পিচত পাইখানাৰ লগত বা এনেয়ে তেজ পৰে । মলদ্বাৰ খুউৱ জ্বলা-পােৱা কৰে, কেতিয়াবা আকৌ বিষো হয়। শোঁচ টান হয় আৰু বাৰে বাৰে শোচ কৰিব লাগে। ভূমি বাহিৰ ওলাই যায় আৰু তেজ পৰে ।

এই ৰোগৰ বন-দৰব --


আমি সহজে পােৱ বিভিন্ন বন-দৰবৰ দ্বাৰা এই ৰােগ অতি সহজে আৰোগ্য কৰিব পৰা যায় ।

১। আধা গিলাচ গাখীৰত ২ গিলাচ গােল নেমুৰ ৰস মিহলি কৰি খালে এই ৰােগ ভাল হয়।

২। মিঠা আমৰ ৰস আধা কাপ, মিঠা দৈ ২৫ গ্ৰামত এচামুচ আদাৰ ৰস মিহলি কৰি খালে অর্শ ভাল হয়।

৩। পিয়াজ ঘিউ, চেনি সমপৰিমাণৰ লৈ ( ২৬ গ্রামকৈ ) মিহলি কৰি একেৰাহে কেইদিনমান খালেই অর্শত তেজ পৰা বন্ধ হয়।

৪। এটা মূল কাটি শোচ দ্বাৰত এৰাতি বান্ধি ৰাখি পিচদিন মূলাৰ ৰসেৰে মলদ্বাৰ ধুলে অর্শ ৰােগ ভাল হােৱা দেখা যায় ।।

৫। মেথি গুটি ১০ গ্রাম খুন্দি গিলাচ গাখীৰৰ সৈতে খালে অৰ্শত তেজ পৰা বন্ধ হয়।

৬। গৰমে গৰমে মাটি মাহ খালে তেজপৰা অর্শ ভাল হয়।

৭। কেঁচুমূৰীয়াত তেজ পৰিলে ৰাতিপুৱা আহাৰৰ লগত মচুৰ দাইল খােৱাৰ পাচত ১ গিলাচ বিশুদ্ধ মাখন খালে ৰােগ উপশম
হয়।

৮| অর্শত তেজ পৰিলে ৬০ গ্রাম তিলৰ লগত অলপ দৈ মিহলি কৰি খালে তেজ পৰা বন্ধ হয়। অকল তিল খােৱাৰ পাচত পানী খালে তেজ নপৰা অৰ্শ ৰােগ ভাল হয়। দিনে তিনিবাৰকৈ খাব লাগে।

৯। গুহ্যদ্বাৰ বাহিৰ ওলাই আহিলে এড়ি তেল প্রায় এমাহ একেৰাহে লগালে অর্শ শুকাই যায় আৰু বিষ নাইকিয়া হয়।

১০| এগিলাচ পানীত এচামুচ ফিটকিৰি মিহলাই সদায় গুহ্যদ্বাৰ ধুলে আৰু কাপােৰ এডােখৰ পানীত তিয়াই সেই মিশ্ৰণত জুবুৰিয়াই গুহ্যদ্বাৰত অলপ সময় ৰাখি থলে তেজ পৰা বন্ধ হয় আৰু কেঁচুমূৰীয়া
ৰােগ ভাল হয়।

১১। চফগুটি, জিৰা, ধনীয় এক চামুচকৈ লৈ ২ কাপ পানীত মিহলাই, উতলাই আধা পানী ৰ'লে চেকি এক চামুচ খাটি ঘিউ মিহলাই
খালে ভাল হয়।

১২। নিয়মীয়াকৈ হাড়জোৰ লতাৰ ৰস ৪/৫ টোপালৰ লগত পানী মিহলাই খালে এই ৰােগ ভাল হয়।

১৩। নিমৰ গুটিৰপৰা তৈয়াৰ কৰা পাউদাৰ মোৰ সৈতে সমপৰিমাণৰ ২৫ গ্রাম মিশ্রণ কৰি দিনে ২ বাৰকৈ খালে তেজপৰা বন্ধ হয় ।

১৪। নাহৰ গছৰ পূৱ ফালৰ ৪ ইঞ্চি দীঘল ২ ইঞ্চি বহুল ১০ ইঞ্চি ছটা নাহৰ ছাল এৰুৱাই পানীত ভালদৰে ধুই খুন্দি দিনে তিনিবাৰকৈ প্ৰতি বাৰত ৮ চামুচ কৰি একেৰাহে তিনিদিন খালেই অর্শ ৰােগ ভাল হয় ।।

১৫। দুপৰীয়া টেঙাৰ পাত খুন্দি গুহ্যদ্বাৰত প্রলেপ দি ১৫ মিনিট সময় ৰাখিব লাগে।

১৬। 'পদুম ফুলৰ কেঁচা পাতৰ ৰস চেনি আৰু মাখনৰ সৈতে খালে অর্শৰােগ নিবাৰিত হৈ থাকে ।

১৭। একোটাকৈ পকা বেল নিয়মীয়াকৈ ৮/১০ দিন খালে ৰােগ উপশম হয়।

১৮। কৰবী গছৰ শিপা খুন্দি মলদ্বাৰত প্রলেপ দিব লাগে ।

১৯| কচুৰ ঠোৰ কণজলকীয়াৰ সৈতে পাতত দি খালে অর্শৰােগ ভাল হয়।

২০। ওলকচু তেঁতেলি পাত দি সিজাই খাব লাগে ওল কচুৰ আঠাও উপকাৰী।

২১। ছাল কুৱৰীৰ ১ চামুচ ৰসত সামান্য গৰুৰ ঘিউ মিহলাই খালে অর্শৰােগ ভাল হয়।

২২। সােণাৰু গছৰ গুটিৰ মাজৰ অংশ (মলমৰ দৰে ওলােৱা কোমল অংশ ) ১০ গ্রাম মান লৈ তাত অলপ পানী মিহলি কৰি
ৰাতিপুৱা খাব লাগে । আৰু মলম গুহ্যদ্বাৰত লগাব লাগে।

২৩। মিঠা আমৰ গুটি পুৰি ছাইখিনি নাৰিকল তেলৰ লগত দিনে ২ বাৰ মান অৰ্শৰােগত লগালে ৰােগ আৰােগ্য হয়।

পথ্য --


অমিত, ওলকচু, ডাবৰ পানী, মানিমুনি, ঋতুৰা, ভেদাই লতা , কর্দৈ টেঙা, ওলকবি, বেত গাজ, নহৰু, পুৰণি চাউলৰ ভাত।
সুপথ্য।

নিষেধ --


ৰাতি উজাগৰে থকা, অতিপাত সঙ্গম কৰা, জোৰেৰে মল-মূত্ৰ ৰােধ কৰা, চাইকেল চলােৱ', ঘোঁৰাত উঠা, উপবাস কৰা
বেয়া। ৰ’দত থাকিব নালাগে । জ্বলং-পোৰা, গুৰুপাক বস্তু, উৰহী, পুৰৈ নাক, মাছ, মাংস, লাও, বৰা চাউলৰ বস্তু খাব নালাগে।

Post a Comment

1 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)