অসম টেট পৰীক্ষাৰ বাবে সমাজ বিজ্ঞান বিষয়ক আলোচনা


আজি আমি আপোনালোকক ২০১৯'ৰ অসম টেট'ৰ U.P.ত আহিব পৰা সমাজ অধ্যয়ন বিষয়'ৰ গণতন্ত্ৰৰ ওপৰত আলোচনা কৰিম । টেটত আহিব পৰা যিকোনো বিষয়ৰ আলোচনাৰ এইটো হৈছে ষষ্ঠদশ খণ্ড । ইয়াত আমি U.P.ত আহিব পৰা সমাজ অধ্যয়ন গণতন্ত্ৰ ওপৰত আলোচনা কৰিম । এই আলোচনাৰ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ , পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম ভাগ আমাৰ ৱেবচাইতত উপলব্ধ । এই খণ্ড সমুহত আমি অসমীয়া বিষয়, সাধাৰন জ্ঞান আৰু পৰিৱেশ অধ্যয়নৰ ওপৰত আলোচনা কৰা হৈছে । পৰৱৰ্তি সময়ত আমি সপ্তদশ খণ্ড আপলড কৰিম । গতিকে এতিয়া ষষ্ঠদশ খণ্ডটো অধ্যয়ন কৰক আৰু পৰৱৰ্তি যিকোনো সময়ত সপ্তদশ খণ্ড পঢ়িবলৈ আমাৰ এই ৱেবচাইটটো ভিজিট কৰিব ।


এতিয়া আহো মুল বিষয়লৈ -

গণতন্ত্র -


ভাৰতীয় গণতন্ত্র বৈশিষ্ট্য ও ভাৰতবৰ্ষক পৃথিৱীৰ সর্ববৃহৎ গণতান্ত্রিক দেশ হিচাপে গণ্য কৰা হয়। ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পূর্বে আছিল ই ইংৰাজৰ উপনিৱেশ। ইয়াৰ পূর্বে ভাৰত আজিৰ দৰে এখন ভাৰতবৰ্ষ নাছিল। বহুতাে দেশত বিভািজিত ভাৰতবৰ্ষই শাসন কৰিছিল বিভিন্ন ৰজা, মহাৰজাই।বৃটিছৰ আমােলতেই ভাৰতীয় জনগণে আধুনিক শাসনৰ  সােৱাদ পালে। স্বাধীনতা প্রিয় ভাৰতীয় জনগণৰ হেঁচাত বৃটিছ শাসক বর্গই ক্রমান্বয়ে সংবিধানিক আৰু গণতান্ত্রিক
শাসনৰ ব্যৱস্থা কৰিবলৈ ললে। স্বাধীন ভাৰতৰ জনগণেও ভাৰতবৰ্ষত এখন সার্বভৌম গণতান্ত্রিক গণৰাজ্য প্রতিষ্ঠাৰ
দৃঢ় সংকল্প গ্রহণ কৰি নতুন সংবিধান গৃহীত আৰু বিধিবদ্ধ কৰি তাক বলবৰ্কৰণৰ ব্যৱস্থাৰে শাসনৰ এক নতুন ইতিহাস
গঢ়ি তুলিলে। পৃথিৱীৰ বিভিন্ন উন্নত গণতান্ত্রিক দেশৰ সংবিধান ইংৰাজে ভাৰত শাসনৰ কাৰণে সময়ে সময়ে গ্রহণ
কৰি অহা বিভিন্ন আইন, বিশেষকৈ ১৯৩৫ চনৰ ভাৰত শাসন আইন আৰু ভাৰতীয় স্বাধীনতা সংগ্রামৰ বলিষ্ঠ পৰম্পৰাৰ।
ভিত্তিত স্বাধীন ভাৰতৰ জনগণৰ আশা-আকাংক্ষা আৰু স্বাধীনতা সংগ্রামৰ নেতাই প্রদান কৰা প্রতিশ্রুতি তথা তেওঁলােকে
দেখুওৱা সপােন পূৰণ কৰিব পৰাকৈ এখন সংবিধান ৰচনা কৰি ভাৰতবৰ্ষত যি গণতান্ত্রিক ৰাজনৈতিক ব্যৱস্থা গঢ়ি তােলাৰ আৰু কালক্ৰমত বিকাশ হােৱাৰ প্রচেষ্টা চলােৱা হৈছিল তাৰ ফলতেই আজি ভাৰতবৰ্ষই গণতান্ত্রিক দেশৰ মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে ভাৰতীয় গণতন্ত্ৰৰ অভিজ্ঞতা, বিকাশৰ ইতিহাস অন্যান্য পশ্চিমীয়া গণতান্ত্রিক ব্যৱস্থাতকৈ সুকীয়া হােৱাৰ কাৰণে ইয়াৰ গণতান্ত্রিক ব্যৱস্থাৰ কেতবােৰ বিশেষ বৈশিষ্ট্য গঢ়ি উঠিছে  ভাৰতীয়

গণতন্ত্র সাধাৰণ বৈশিষ্ট্যসমূহ এনেধৰণৰ ঃ 



১| সংসদীয় গণতন্ত্র -


 সংবিধান সভাত অতি বিতংভাৱে আলােচনা কৰাৰ অন্তত সভাই সংসদীয় গণতান্ত্রিক ব্যৱস্থা প্রৱর্তনৰ পােষকতা কৰিছিল। কাৰণ এই ব্যৱস্থাটোত ভাৰতীয় লােক কিছু পৰিমাণে হলেও অভ্যস্ত আছিল । সংসদীয় ব্যৱস্থাটো মূলতঃ বৃটিছ ব্যৱস্থাৰ পৰা গ্ৰহণ কৰা হৈছে যদিও ভাৰতীয় সংবিধানে প্রকৃতপক্ষে প্রতিষ্ঠা কৰা সংসদীয় ব্যৱস্থাটো বহু পৰিমাণে বৃটিছ সংসদীয় ব্যৱস্থাৰ পৰা বিভিন্ন কাৰণত পৃথক বৃটিছ সংসদৰ দৰে ভাৰতীয় সংসদ সম্পূর্ণ অর্থতি সার্বভৌম নহয়। দৰাচলতে ন্যায়িক সমীক্ষা নীতিৰ অন্তভূক্তিৰে ভাৰতীয় সংবিধানে সংসদীয় সার্বভৌমত্ব আৰু সংবিধানৰ সর্বোচ্চতা এই দুই নীতিৰ সংমিশ্ৰণত এক ভাৰতীয় নিজস্ব ব্যৱস্থা গঢ়ি তুলিবলৈ সক্ষম হৈছে ।


২। নামমাত্র আৰু প্রকৃত কাৰ্যপালিকা ঃ


 বৃটিছ সংসদীয় ব্যৱস্থাৰ দৰে ভাৰতবৰ্ষতে নামমাত্র আৰু প্রকৃত কার্যপালিকা দুই ধৰণৰ কাৰ্যপালিকা আছে। অৱশ্যে ইংলেণ্ডৰ নামমাত্র কার্যপালিকাৰজা বা ৰাণীতকৈ ভাৰতৰ নামমাত্র কার্যপালিকা ৰাষ্ট্রপতি কিছু পৰিমাণে ক্ষমতাশালী। কাৰণ তেওঁ মন্ত্রীসভাৰ কোনােসিদ্ধান্ত পুনৰ বিবেচনাৰ কাৰণে পঠিয়াব পাৰে, সংসদে গৃহীত কৰা কোনাে সাধাৰণ বিধেয়ক স্বাক্ষৰ নকৰিব পাৰে বা সংসদৰ পুনৰববেচনাৰ কাৰণে প্রেৰণ কৰিব পাৰে | সংসদ অধিৱেশন নুবহা কালত তেওঁ অধ্যাদেশ জাৰি কৰিব পাৰে ৷ জৰুৰীকালিন ক্ষমতায়ো ভাৰতৰ ৰাষ্ট্ৰপতিক বৃটিছ ৰাজতন্ত্ৰতকৈ ক্ষমতাশালী কৰিছে। আনহাতে ভাৰতৰ প্রকৃত কাৰ্যপালিকা অর্থাৎ প্রধানমন্ত্রীনেতৃত্বাধীন মন্ত্রীসভা বিভিন্ন কাৰণত বৃটিছ মন্ত্রীসভাতকৈ বাস্তৱিকতে কম ক্ষমতাশালী।


৩। দ্বিসদনযুক্ত বিধানমণ্ডলঃ 


ভাৰতবৰ্ষৰ কেন্দ্রীয় সংসদ সদন দুখন—লােকসভা আৰু ৰাজ্যসভা। লােকসভা।
হ’ল নিম্ন সদল যাৰ সদস্যসকলক জনগণে প্রত্যক্ষভারে নির্বাচিত কৰে। ইয়াৰ কার্যকাল সাধাৰণতে পাঁচবছৰ যদিও
মন্ত্রীসভাৰ পৰামর্শক্রমে ৰাষ্ট্রপতিয়ে লােকসভাৰ কার্যকাল শেষ হােৱাৰ পূর্বেও ইয়াক ভংগ কৰি দিব পাৰে। আনখন
সদন অর্থাৎ ৰাজ্যসভা হ’ল উচ্চ সদন। এই সদন স্থায়ী সদন। ইয়াৰ সদস্যসকলে ব্যক্তিগতভাৱে ৬ বছৰীয়া কার্যকাল
উপভােগ কৰে আৰু প্রত্যেক দুবছৰ মুৰে মুৰে এক তৃতীয়াংশ সদস্যই অৱসৰ গ্ৰহণ কৰে। ৰাজ্যসভাৰ সদস্যসকল
পৰােক্ষভাৱে নির্বাচিত হয়। একোখন ৰাজ্যৰ ৰাজ্যিক বিধান সভাৰ সদস্যসকলে ভােট দি সেই ৰাজ্যখনক প্রতিনিধিত্ব
কৰিবলগীয়া ৰাজ্যসভাৰ সদস্য নির্বাচিত কৰি পঠিয়ায়। ক্ষমতা আৰু কার্যাৱলীৰ দিশৰ পৰা অৱশ্যে লােকসভা
বাজ্যসভাতকৈ অধিক শক্তিশালী।


৪| কাৰ্যপালিকাৰ দায়বদ্ধতা -


সংসদীয় গণতন্ত্রৰ অতিশয় গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ কাৰ্যপালিকাৰ দায়বদ্ধতা।
ভাৰতৰ প্রকৃত কাৰ্যপালিকা অর্থাৎ প্রধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্রীসভা সংসদৰ নিম্ন সদন লােকসভাৰ ওচৰত দায়বদ্ধ
আৰু উত্তৰদায়ী। দায়বদ্ধতা দুই প্রকাৰৰ-- ব্যক্তিগত আৰু সামূহিক দায়বদ্ধতা। বিভাগীয় কাম-কাজ তথা সিদ্ধান্ত
কাৰণে সংশ্লিষ্ট মন্ত্রীজন দায়বদ্ধ। আনহাতে সংসদত এজন মন্ত্রীৰ পতন হলে সমগ্র মন্ত্রীসভাখনে িপতন ঘটে। এইদৰে।
ব্যক্তিগত দায়বদ্ধতাৰ আনটো পিঠি হ’ল সামূহিক দায়বদ্ধতা। মন্ত্রীসভাই লােকসভাৰ সংখ্যাগৰিষ্ঠ সমর্থন লাভ কৰি
থকালৈকেহে ক্ষমতাত থাকে।


৫। অর্ধযুক্তৰাষ্ট্র - 


সংবিধানৰ প্রথম অনুচ্ছেদে ভাৰতবৰ্ষক এখন ৰাজ্যসমূহৰ সংঘ (Union of States)বুলিছে। কেন্দ্ৰ আৰুৰাজ্য চৰকাৰ এই দুইধৰণৰ চৰকাৰ আৰু ইয়াৰ মাজত সংবিধানে ক্ষমতা বণ্টন কৰি এক যুক্তৰাষ্ট্ৰীয় গাঠনি গঢ়ি তুলিছে যদিও একে সময়তে প্রকৃত যুক্তৰাষ্ট্রীয় ব্যৱস্থাৰ পৰিপন্থী অতিকেন্দ্রিকতাবাদী এক ধাৰাও শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিছে। ইয়াৰ ফলত ভাৰতবৰ্ষত লিখিত সংবিধান, দুই ধৰণৰ চৰকাৰ, ক্ষমতাৰ বণ্টন যুক্তৰাষ্ট্ৰীয় ন্যায়ালয় হিচাপে কার্যনির্বাহ কৰিব পৰা উচ্চ আৰু উচ্চতম ন্যায়্যালয় আদি বিভিন্ন যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য থাকিলেও প্রকৃত অর্থত যুক্তৰাষ্ট্ৰ বুলিব পৰাকৈ সকলাে বৈশিষ্ট্য নাই। সেয়েহে বহুতে ভাৰতবৰ্ষক এখন অর্ধযুক্তৰাষ্ট্র বুলি অভিহিত কৰিছে।


৬। ৰাষ্ট্রপতি আৰু মন্ত্রীপৰিষদৰ সম্পৰ্কঃ 


সংসদীয় গণতন্ত্রত প্রকৃত কাৰ্যপালিকা আৰু নামমাত্র কার্যপালিকাই নিবিড়বাৱে কার্যনির্বাহ কৰে। প্ৰধাতুত্রী প্রমুেখ্যে সকলাে মন্ত্রীকে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু গােপনীয়তাৰ শপতবাক্য পাঠ কৰায়। তাত্বিকভাৱে মন্ত্রীপৰিষদে ৰাষ্ট্রপতিক পৰমর্শ দিয়ে। কিন্তু বাস্তৱিকতে কার্যনির্বাহ কৰে মন্ত্ৰী পৰিষদেহে। ৰাষ্ট্রপতিয়ে মন্ত্রী পৰিষদৰ পৰামর্শ গ্রহণ কৰিবলৈ বাধ্য। ৪৪ তম সংশােধনীৰ পাছত ৰাষ্ট্রপতিয়ে মন্ত্রী পৰিষদৰ পৰামৰ্শ পুনৰ বিবেচনাৰ কাৰণে প্রেৰণ কৰিব পৰা হ' যদিও মন্ত্রী পৰিষদৰ দ্বাৰা পুনৰ বিবেচিত সিদ্ধান্ত ৰাষ্ট্রপতিয়ে ।
গ্রহণ কৰিবলৈ বাধ্য।


৭। সংসদ আৰু মন্ত্রী পৰিষদৰ মাজৰ সম্পৰ্ক -


অন্যান্য সংসদীয় ব্যৱস্থাৰ দৰে ভাৰতৰ সংসদীয় ব্যৱস্থায়ে সংসদ আৰু মন্ত্রী পৰিষদৰ মাজত এক নিবিড় সম্পর্কৰ ব্যৱস্থা কৰিছে। মন্ত্রীসমভাৰ সকলাে সদস্য সংসদৰ কোনাে এখন সদনৰ সদস্য হ'বই লাগিব | সংসদ সদস্য নােহােৱা কোনাে ব্যক্তিয়ে মন্ত্রীত্ব লাভ কৰিলে ছমাহৰ ভিতৰত তেওঁ কোনাে এখন সদনৰ সদস্যপদ আহৰণ কৰিব লাগিব। সকলাে মন্ত্রীয়ে সংসদ কার্যক্রমণিকাত অংশগ্রহণ কৰিব লাগে আৰু তেওঁলােক সংসদৰ পদ্ধতি তথা নীতি-নিয়মৰ দ্বাৰা বাধিত। সংসদে মন্ত্রীসভাৰ ওপৰত নিৰৱিচ্ছিন্ন আৰু প্রত্যক্ষ নিয়ন্ত্রণ সাব্যস্ত কৰে। সাংসদে মন্ত্রীসকলক বিভিন্ন প্রত্যক্ষ আৰু পৰিপূৰক প্রশ্ন সুধিব পাৰে। সভাস্থগিত প্রস্তাৱ, বিভিন্ন
কর্তন প্রস্তাৱ, দৃষ্টি আকর্ষণ প্রস্তার, ভৎর্সনা প্রস্তাৱ, অনাস্থা প্রস্তৱ, বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আদি বিভিন্ন কৌশলেৰে সংসদে মন্ত্রীপৰিষদক নিয়ন্ত্রণ কৰিব পাৰে।


৮ | মন্ত্রীপৰিষদৰ গাঁঠনি -


মন্ত্রীপৰিষদৰ গাঁঠনিলৈ লক্ষ্য কৰিলে দেখা যায় যে ই হ’ল বৃত্তৰ ভিতৰৰ বৃত্তৰ
দৰে। মন্ত্রীপৰিষদত তিনিপ্রকাৰৰ মন্ত্রী থাকে। কেবিনেট মন্ত্রীৰ সংখ্যা হ’ল ১৫ৰ পৰা ২০ জনৰ ভিতৰত তেওঁলােকে
মন্ত্রীসভা গঠন কৰে যি হ’ল মন্ত্রীপৰিষদৰ ক্ষমতাশালী নীতি নির্ধাৰণকাৰী আৰু সিদ্ধান্ত গ্রহণকাৰী গােট । কেবিনেট
মন্ত্রীসকলৰ পিছতেই হ’ল ৰাজ্যিক মন্ত্রী তেওঁলােক মন্ত্রীসভাৰ সদস্য নহয়। ৰাজ্যিক মন্ত্রী একোজনে হয় একোটা সৰু
বিভাগৰ দায়িত্ব স্বতন্ত্রভাৱে গ্ৰহণ কৰে নহলে কোনাে ডাঙৰ বিভাগত কেবিনেট মন্ত্ৰীৰ সহায়কাৰী হিচপে তেওঁ কার্যৰ্বিাহ কৰিব লাগে। উপমন্ত্রী হ’ল তৃতীয় প্রকাৰৰ মন্ত্রী যিবিলাকৰ স্থান ৰাজ্যিক মন্ত্ৰীতকৈ তলত তেওঁলােকে কেবিনেট মন্ত্ৰীৰ অধীনত থকা আৰু স্বতন্ত্র দায়িত্বত থকা ৰাজ্যিক মন্ত্ৰীসকলক সহায় কৰে । উপমন্ত্রীসকলক সাধাৰণতে সংশ্লিষ্ট বিভাগ সম্পর্কীয় সংসদত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ প্ৰস্তুত কৰা, চৰকাৰী বিধেয়ক সংসদত গৃহীত কৰােৱা আদি কার্যত সহায় কৰাৰ দায়িত্ব অর্পণ কৰা হয়। উল্লিখিত তিনিবিধ মন্ত্ৰীৰ উপৰিও সংসদীয় সচিব নামৰ আন এবিধ
সদস্যৰ ব্যৱস্থাও কৰা হৈছে। তেওঁলােকে অৱশ্যে মন্ত্রীও নহয়, আৰু তওঁলােকৰ ওপৰত কোনাে প্রশাসনীয় ক্ষমতা ন্যস্ত কৰাও কৰা নহয়। তেওঁলােকৰ প্ৰধান কাম হ’ল সংসদত মন্ত্রীসকলক সহায় কৰা দৰাচলতে তেওঁলােকক মন্ত্রী পৰিষদৰ কেন্দ্ৰ হ’ল প্রধানমন্ত্রী।


৯| প্রধানমন্ত্ৰীৰ কেন্দ্রীয় স্থান -


 প্রধান মন্ত্রী ক্ষমতা আৰু কার্যাৱলীয়ে নিসন্দেহে প্রমাণ কৰে যে তেওঁ হ'ল
ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ সবাটোকৈ শক্তিশালী ব্যক্তি। চৰকাৰৰ সকলাে ক্ষেত্ৰতে সকলাে দিশতে তেওঁ প্রকৃত প্রভাৱ বিস্তাৰ কৰিব পাৰে আৰু কৰা দেখা যায়। মন্ত্রী পৰিষদৰ সদস্যসকলক তেওঁ বাচি বাচি উলিয়ায় আৰু সেই মর্মে ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে। সংবিধানৰ ৭৪ নং অনুচ্ছেদ অনুসৰি তেওঁ মন্ত্রী পৰিষদৰ মূৰব্বী। তেওঁ হ’ল মন্ত্রীসভাৰ মুৰব্বী আৰু সভাপতি । তেওঁৰ লগত মতবিৰােধ হলে কোনাে মন্ত্রীয়ে মন্ত্রী পৰিষদৰ সদস্য হৈ থাকিব নােৱাৰে । কোনাে মন্ত্রীক তেওঁ পদত্যাগৰ পৰমৰ্শ দিলে মন্ত্রীজনে পদত্যাগ কৰিব লাগে । প্রধানমন্ত্রী হ’ল মন্ত্রীপৰিষদৰ মূল স্তম্ভ তেওঁৰ নেতৃত্ব, নির্দেশনা, তত্বৱধান আৰু নিয়ন্ত্ৰণৰ যােগেদিয়েই মন্ত্রীপৰিষদে কার্যনির্বাহ কৰে। তেওঁ পদত্যাগ কৰিলে মন্ত্রী পৰিষদে পদত্যাগ কৰাৰ দৰে হয়। মন্ত্রীসভা আৰু মন্ত্রীপৰিষদৰ নেতা হােৱা হেতুকে তেওঁ সংসদৰৰ নেতা তেওঁ সমগ্র জাতিৰে নেতা।


১০| ৰাজ্যিক পর্যায়তাে সংসদীয় ব্যৱস্থা -


 ৰাজ্যিক পর্যায়তাে ভাৰতীয় সংবিধানে সংসদীয় ব্যবস্থা প্রণয়ন কৰিছে। ৰাজ্য এখনত মুখ্যমন্ত্রী নেতৃত্বাধীন চৰকাৰখনে বিধান সভাৰ সংখ্যাগৰিষ্ঠৰ আস্তা লাভ কৰি থকালৈকে শাসনত বতি থাকে। কেন্দ্ৰ দৰে ৰাজ্যসমূহতাে দ্বিসদনযুক্ত বিধানমণ্ডলৰ ব্যৱস্থা কৰিব পাৰি যদিও সকলাে ৰাজ্যতে
দ্বিতীয় সদন অর্থাৎ বিধান পৰিষদ নাই। মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্রীপৰিষদ বিধান সবাৰ ওচৰত উত্তৰদায়ী আৰু দায়বদ্ধ। মন্ত্রী পৰিষদ হ’ল প্রকৃত কার্যপালিকা আৰু ৰাজ্যপাল হ’ল নামমাত্র কার্যতালিকা।


১১। ৰাজ্যপালঃ 


ৰাজ্যৰ মৰৱীঃৰাজ্যখনৰ সাংবিধানিক মুৰব্বী হ’ল ৰাজ্যখনৰ ৰাজ্যপাল। অৱশ্যে প্রকৃত যুক্তৰাষ্ট্রীয় ব্যৱস্থাৰ বিপৰীতে ভাৰতত ৰাজ্যসমুহৰ ৰাজ্যপালক ৰাষ্টপতিয়ে নিযুক্তি দিয়ে। ৰাজ্যপাল এজন তেওঁ নিযুক্ত হােৱা ৰাজ্যখনৰ বাসিন্দা হ’ব নােৱাৰে। ৰাষ্টপতিৰ আস্থাভাজন হৈ থকালৈকেহে তেওঁ কার্যত হৈ থাকিব।
বাণীতে মুখ্যমন্ত্ৰী আৰু মন্ত্রী পৰিষদৰ পৰমর্শ অনুসৰিহে ৰাজ্যপালে কার্যনির্বাহ কৰে যদিও বিশেষ বিশেষ ক্ষেত্রত ৰাজ্যপাল এজনে স্বেচ্ছামূলক ক্ষমতাও প্রয়ােগ কৰিব পাৰে। জৰুৰীকালিন অৱস্থাকে আদি কৰি বিভিন্ন অৱস্থাত
তেওঁ কেন্দ্রীয় চৰকাৰ প্রতিভূ হিচাপে কাম কৰে।


১২। নিয়মীয়া নির্বাচন -


 নির্বাচন আৰু গণতান্ত্রিক ব্যৱস্থা দুয়াে নিবিড়বাৱে জৰিত। ভাৰতবৰ্ষত অন্যান্য।
বহুতাে চুবুৰীয়া দেশতকৈ গণতান্ত্রিক ব্যৱস্থাটো অধিক সফল আৰু সক্রিয়তাৰে পৰিচালিত হৈ অহাৰ কাৰণ হ'ল নিয়মীয়া নির্বাচন। ১৯৫২ চনত স্বাধীন ভাৰতত অনুষ্ঠিত হােৱা প্রথম সাধাৰম নির্বাচনৰ পাছৰ পৰা এতিয়ালৈকে নিয়মীয়াভাৱে নির্বাচন অনুষ্টিত হৈ আহিছে। কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ বিভিন্ন অংগৰ কাৰণে নিয়মীয়া নির্বাচন অনুষ্ঠিত হৈ আহিছে । সংবিধানে নির্বাচন পৰিচালনাৰ সমগ্ৰ দায়িতন ৩২৪ নং অনুচ্ছেদৰ অধাৰত নির্বাচনী আয়ােগৰ হাতত অৰ্পণ কৰিছে । অৱশ্যে নির্বাচন প্রক্রিয়াত বহুতাে ব্রুতি আছে, যিবিলাকৰ সংস্কাৰ অত্যন্ত জী হৈ পৰিছে।


১৩। মৌলিক অধিকাৰ আৰু কৰ্তব্য ঃ 


ভাৰতীয় গণতন্ত্রৰ আন এক উল্লেখযােগ্য বৈশিষ্ট্য হ’ল মৌলিক অধিকাৰ আৰু মৌলিক কর্তব্যৰ অন্তর্ভুক্তি। সংবিধানৰ তৃতীয় অধ্যায়ত বিস্তৃতভাৱে মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰিছে আৰু এইবিলাকৰ নিশ্চিতি প্রদান কৰিছে। অৱশ্যে এই অধিকাৰসমূহ চমনহয়। এইবিলাকৰ ওপৰত সাংবিধানিক সীমাবদ্ধতা আৰােপ কৰা হৈছে। তদুপৰি জৰুৰীকালিন অৱস্থাত অধিকসংখ্যক অধিকাৰেই সাময়িকভাৱে বাতিল বা
সীমিত কৰিব পাৰে। সংবিধানৰ ৪২ নং সংশােধনীয়ে (১৯৭৬ চন) নাগৰিকৰ দহটা মৌলিক কর্তব্য সন্নিবিষ্ট কৰিছে।
৫১ (ক) এক নতুন অনুচ্ছেদ সংযােগ কৰি এই কর্তব্যসমূহ উল্লেখ কৰা হৈছে।


১৪। বহুদলীয় ব্যৱস্থা ঃ 


বহুতাে দলৰ উপস্থিতি ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।
সংসদীয় ব্যৱস্থা আৰু দলীয় ব্যৱস্থা অঙ্গাঙ্গীভাৱে জড়িত। ভাৰতবৰ্ষৰ সংবিধনে প্রকাশ্যভাৱে ৰাজনৈতিক দলীয় স্বীকৃতি দিয়া নাই যদিও ৰাজনৈতিক দলৰ ভিত্তিত নির্বাচন অনুষ্ঠিত কৰা আৰু চৰকাৰ গঠন কৰা আদি কথাবােৰ মানি লৈছে। ভাৰতৰ দলসমূহক মূলত দুই ভাগত ভগাব পাৰি সৰ্বভাৰতীয় দল আৰু আঞ্চলিক দল তদুপৰি ক্ষুদ্র ক্ষুদ্র বহুতাে স্থানীয় দলে ৰাজনৈতিক ক্ষেত্ৰখনত সক্রিয় থকা দেখা যায়। ৰাজনৈতিক দলসমূহক সর্বভাৰতীয় আৰু আঞ্চলিক এনে মর্যাদা প্রদান দলসমূহক নির্বাচনী প্রতিকী প্রদান কৰে নির্বাচনী আয়ােগে। সংখ্যাধিক্য দলৰ কাৰণে বহু সময়ত ৰাজনৈতিক ব্যৱস্থাটোত অস্থিৰতা আৰু কোনাে কোনাে সময়ত চৰকাৰ গঠন কৰাত সমসাৰৰ সৃষ্টি হােৱা দেখা যায়। অৱশ্যে যােৱা দুটা দশকত ভাৰতবৰ্ষত সংযুক্ত বা মৰ্চা চৰকাৰ গঠনৰ এক নতুন ধাৰা গঢ় লৈ উঠিছে। ৰাজনৈতিক
প্রক্রিয়াটোৱে নিৰ্বাচনৰ পূবেচ্ছ গঢ়ি উঠা বিভিন্ন দলৰ জোট বন্ধনৰ ৰাজনীতি আৰু ইয়াৰ জৰিয়তে নির্বাচনী ৰাজনীতিত অৱতীৰ্ণ হৈ চৰকাৰ গঠন কৰাৰ এক নতুন যােগাত্মক ধাৰাৰ গা কৰি উঠাত বৰঙণি আগবঢ়াইছে। (NDA)(নেশ্যনেল ডেমক্রেটিক এলায়েন্স) আৰু UPA (ইউনাইটেড প্রগ্রেছিভ এলায়েন্স) হ’ল ইয়াৰ উদাহৰণ।


১৫। স্বাধীন ন্যায়পালিকা -


 ন্যায়পালিক স্বাধীনতা আৰু নিৰপেক্ষতা হ’ল ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাৰ অন্যতম উল্লেখযােগ্য বৈশিষ্ট্য। ভাৰতৰ ন্যায়িক ব্যৱস্থাটো কাৰ্যপালিকাৰ পৰা সম্পূৰ্ণৰূপে পৃথক। ভাৰতৰ ন্যায়িক ব্যৱস্থাটো হ'ল একত্র (Integrated)। উচ্চতম ন্যায়ালয় হ'ল সর্বোচ্চ আদালত, তাৰ তলত উচ্চ ন্যায়ালয় আৰু তলৰ পর্যায়ত জিলা, সত্ৰ আৰু নিম্ন আদালতসমূহ। ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ ইতিহাস বিশ্লেষণ কৰিলে দেখা যায় যে।
ভাৰতীয় ন্যায়িক ব্যৱস্থা আমেৰিকাৰ ন্যায়িক ব্যৱস্থাৰ দৰেশক্তিশালী নহ'লেও সময়ৰ সোঁতত ভাৰতীয় ন্যায়ালয়সমুহে,
বিশেষকৈ উচ্চতম ন্যায়ালয়ে বিভিন্ন গােচৰৰ বিচাৰত প্ৰদান কৰা ৰায় বিশেষকৈ সংবিধানিক গােচৰৰ ৰায় দান কৰি।
আৰু ৰাজহুৱা স্বার্থজড়িত গােচৰৰ যােগেদি ন্যায়িক ব্যৱস্থাটোৰ প্রতিপত্তি স্থাপন কৰিবলৈ সক্ষম হৈছে।


১৬। প্রচাৰ মাধ্যমৰ স্বাধীনতা - 


গণতন্ত্রৰ চতুর্থ স্তম্ভ হ'ল প্ৰচাৰ মাধ্যম। সুস্থ গণতান্ত্রিক ব্যৱস্থাৰ অন্যতম। চর্ত হ’ল প্রচাৰ মাধ্যমৰ স্বাধীনতা। ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাত প্রচাৰ মাধ্যমে স্বাধীনতা লাভ কৰিছে। অৱশ্যে ৰাষ্ট্ৰীয় স্বাথৰ পৰিপন্থী নীতি গ্রহণ কৰিলে বা তেনে কোনাে কার্য কৰিলে সেই সংবাদসেৱী অনুষ্ঠান বা ব্যক্তিৰ বিৰুদ্ধে ৰাষ্টই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বা তেনে বাতৰি পৰিৱেশন কৰাত বাধা দিব পাৰে উল্লিখিত আলােচনাৰ পৰা দেখা যায় যে ভাৰতীয় গণতান্ত্রিক ব্যৱস্থা বহুলাংশে পশ্চিমীয়া গণতান্ত্রিক ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱান্বিত সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী’শব্দটোৰ অন্তর্ভূক্তি, মিশ্র অর্থনৈতিক ব্যৱস্থা গ্রহণ, ৰাই পৰিচালনাৰ নির্দেশাত্মক নীতি গ্রহণ আৰু কিছুমান সমাজবাদী পদক্ষেপ গ্রহণ কৰিলেও ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাই মূলতঃ উদাৰতাবাদী গণতন্ত্রৰ পােছাকেই গ্রহণ কৰিছে। ভাৰতত গণতান্ত্রিকব্যৱস্থা, অনুষ্ঠান, গণতান্ত্রিক ৰাজনৈতিক সংস্কৃতি আদি ইংলেণ্ডৰ দৰে যথেষ্ট পুৰণি নহ'লেও আৰু ব্যৱস্থাটোৰ বিভিন্ন দিশত আসোঁৱাহ থাকিলেও ক্রমাগতভাবে ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাই পৰিপূর্ণতা লাভ কৰাৰ দিশত অগ্ৰসৰ হৈছে। ভাৰতৰ সমসাময়িক কেইবাখনাে দেশত গণতন্ত্র ব্যর্থ হৈছে যদিও ভাৰতবৰ্ষত গণতন্ত্র সফলতা নিসন্দেহে উল্লেখনীয়।


গতিকে এইয়াই হৈছে অসম টেটত আহিব পৰা যিকোনো বিষয় আলোচনাৰ ষষ্ঠদশ ভাগ । লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ ৱেবচাইট ভিজিত কৰিব বা আমাৰ  ফেচবুক পেজটো লাইক বা Follow কৰিব । ধন্যবাদ ।

Post a Comment

0 Comments