কচুপাত পানীত নিতিতে কিয়?

আজিৰ লেখাটোত আমি আপোনালোকক জনাম কচুপাত পানীত নিতিতে কিয়?


সাধাৰনতে সকলাে পদার্থ যিদৰে অণুৰে গঠিত, সেইদৰে সকলাে জীৱৰে (উদ্ভিদ, প্রাণী উভয়ৰে) দেহ কিছুমান সৰু সৰু কোঠালিৰ দৰে অংশেৰে গঠিত। এই অংশবােৰক কোষ বা চেল (cell) বােলে। এই কোষৰ ভিতৰত প্ৰ'ট’প্লাজম (Protoplasm) নামৰ এবিধ পদার্থ থাকে।
প্রট’প্লাজমক ঘেৰি এখন বেৰ থাকে। ইয়াক কোষবেৰ (cell wall) বােলে।

সাধাৰণতে কোষবেৰবােৰ প্ৰধানকৈ ছেলুলজ নামৰ এবিধ ৰাসায়নিক পদার্থৰ দ্বাৰা গঠিত। কিছুমান কোষৰ কোষবেৰত ছেলুল’জৰ বাহিৰেও, কোষৰ ভিতৰত উদ্ভৱ হােৱা বিভিন্ন ধৰণৰ ৰাসায়নিক পদার্থ কিছুমান লগ লাগি থাকেহি । কচুপাতৰ ওপৰত চামনি গঠন কৰা কোষবােৰৰ কোষবেৰত কিউটিন (cutin) আৰু আন কিছুমান মমজাতীয় (waxlike) ৰাসায়নিক পদার্থ থাকে। এই মমজাতীয় পদার্থবােৰ কচুপাতৰ বাহিৰৰ ফালৰ কোষবেৰত থাকে কাৰণে কচুপাতত পানী লাগি নাথাকি তললৈ সৰি পৰি যায় । এই মমজাতীয় পদাৰ্থবিদ অতি পিচল আৰু তেলিয় । গতিকে এনে পিছল আৰু তেলিয় বাবে তাত পানী থাকিব নোৱাৰি তললৈ সৰি পৰি যায় ।

গতিকে এইয়াই হৈছে কচুপাত পানীত নিতিতাৰ কাৰন । লেখাটো ভাল চেয়াৰ কৰিব ।

Post a Comment

0 Comments