আমাৰ চকুকেইটাই পিৰিকিয়াই থাকে কিয়?

  • আমাৰ চকুকেইটাই পিৰিকিয়াই থাকে কিয়?


আজিৰ লেখাটোত আমি আপোনালোকক জনাম মানুহৰ চকু পিৰিকিয়াই কিয় থাকে ।

সাধাৰনতে আমাৰ চকু দুটা চাৰিওঁফালে চকুৰ পানীয়ে সেমেকাই ৰাখে। এই চকুপানী বা অশ্রু তৈয়াৰ হয় চকুৰ বাহিৰ কোণৰ পিনে ওপৰ পতা আৰু চকুৰ কোটৰৰ ভিতৰত থকা অশ্রু-গ্রন্থি নামৰ এটা অংগত। এই গ্রন্থিটোৰ পৰা ওলােৱা চকুপানীবােৰ ওপৰ পতা আৰু চকুৰ মাজত থকা সামান্য ফাঁকত প্রথমে জমা হয়। চকু দুটা পিৰিকিয়ালে চকুপানীখিনি চকুৰ উপৰিভাগত সমানে বিয়পি কৰে।

সাধাৰনতে আমাৰ চকুত সচৰাচৰ বাহিৰৰ বায়ুৰ প্রভাৱত চকুৰ খােলা অংশৰ ওপৰত থকা পানী শুকাই যাব খােজে। গতিকে চকু ঘনাই পিৰিকিয়াই থাকিব লগিয়া হয় কাৰন চকু পিৰিকিয়ালেহে পুনৰ চকুৰ পানীয়ে গৈ ওপৰৰ শুকাই যাব খোজা পানী বিয়পি পৰাইগৈ ।

 তাৰ বাহিৰেও, পােক- পৰুৱা, কুটা আদিৰ পৰা চকুদুটাক ৰক্ষা কৰিবলৈ আৰু চকুৰ ৰেটিনা বা অক্ষিপটত চোকা পােহৰ পৰাত বাধা দিবলৈ আমি চকু পিৰিকিয়াই থাকিব লগাত পৰো ।

গতিকে এইয়াই হৈছে আমি চকু পিৰিকিয়াই থকাৰ কাৰন । তথ্যটো ভাল পালে চেয়াৰ কৰিব ।


Post a Comment

0 Comments