কেৱল পুৰুষৰ মুৰৰ চুলিহে কিয় তপা হয় ?

কেৱল পুৰুষৰ মুৰৰ চুলিহে কিয় তপা হয় ?



মানুহৰ বহুত কাৰণত  মূৰৰ চুলি সৰি তপা হোৱা দেখা যায় । মানুহৰ চুলি প্রয়ােজনীয় ভিটামিনৰ অভাৱ বা ৰাসায়নিক কাৰণৰ বাবে তপা হয় । আনহাতে মানসিক অশান্তি অতিপাত জ্বৰ , মেলেৰীয়া আৰু টান নৰীয়া হলেওঁ মানুহৰ চুলি সৰি যায়  । কিছুমান কীটনাশক দ্ৰব্যৰ প্ৰভাৱততো মূৰৰ চুলি সৰি মানুহ তপা হয় । দস্তা আৰু লােহাৰ পৰিমাণ শৰীৰত কম হলেও বা শৰীৰত ভিটামিন বেছি হলেও চুলি সৰিব পাৰে ।

বহুক্ষেত্ৰত বিভিন্ন চিকিৎসাৰ দ্বাৰা চুলি গজাই তুলিব পাৰি ; কিন্তু স্থায়ীভাৱে তপা হােৱা মানুহৰ মূৰত চুলি গজাই তােলাটো এতিয়াও সম্ভৱ হৈ উঠা নাই । 

সাধাৰণতে দেখা যায় যে মতা মানুহকহে এনেধৰণে বেচিকৈ তপা হােৱা । মুলত মানুহ বংশানুক্রমৰ বাবেও তপা হয় । বাপেক যদি তপা হয় তেওঁৰ সন্তানাে তপা হয় । বিজ্ঞানীসকলৰ মতে এজন সম্পূর্ণ  তপা মানুহে আধা তপা বা অলপ চুলি নােহােৱা এগৰাকী মহিলাক বিয়া কৰায় , তেন্তে তেওঁলােকৰ ল'ৰা তপা হ'ব পাৰে । আনহাতে যদি এজন তপা মানুহে এগৰাকী বেছি চুলি থকা মহিলাক বিয়া কৰায় , তেতিয়া তেওঁলােকৰ সন্তানৰ মাজত কোনােবা দুই - এজন তপা হ'ব পাৰে । আচলতে জিন'ৰ প্ৰভাৱত মানুহ তপা হয় । সেই জিনবিধৰ নাম ‘অটছছাম’ । সাধাৰণতে মাইকী মানুহৰ শৰীৰত মতা মানুহৰ শৰীৰত থকা ধৰণৰ হৰমােনৰ পৰিমাণ কম । সেয়েহে ‘অটছােম’ জিনৰ প্ৰভাৱ মাইকী মানুহৰ শৰীৰত কম । ফলত মহিলাৰ মূৰৰ চুলি সৰি তপা নহয় । আৰু পুৰুষৰ হৰমন'ৰ পৰিমান বেচি বাবে 'অটছোম' জিনৰ প্ৰভাৱ বেচি । যাৰ বাবে পুৰুষৰ মুৰৰ চুলি তপা বেচিকৈ হয় । গতিকে পুৰুষ আৰু মহিলাৰ মাজত তপা মূৰৰ মুল কাৰনটো হৈছে 'অটছোম' জিন ।

আনহাতে যিবােৰ হৰমােনৰ প্ৰভাৱত মতা মানুহ তপা হয় তেনে ধৰণৰ হৰমন যদি বংশত তপা মানুহ নােহােৱা কোনাে এজন ব্যক্তিৰ শৰীৰত বেছিকৈ দিলেওঁ সেই মানুহজন তপা নহয় । যদিও তপা হােৱা মানুহৰ মুৰত পুনৰ চলি গজোৱাটো আজিও সম্পূর্ণকৈ সম্ভৱপৰ হােৱা নাই , তথাপি আধুনিক বিজ্ঞানে তপা মানুহৰ মূৰত চুলি গজাবৰ বাবে পৰীক্ষা - নিৰীক্ষা চলাই আছে যদিওঁ সঠিক ভাৱে সফল হোৱা নাই ।

লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ এই ৱেবচাইটতো সদায় ভিজিত (visit)  কৰিব । ধন্যবাদ ।

Post a Comment

0 Comments