কিদৰে ৰেলগাড়ী আৱিষ্কাৰ হল (How did the train become invented)

আজি আমি আপোনালকক জনাম কিদৰে ৰেলগাড়ী আৱিষ্কাৰ হল ।


১৮০০ চনত ইংলেণ্ডত পােন প্রথমে ৰেল লাইন স্থাপন কৰা হৈছিল । কিন্তু ইয়াত আচৰিত কথা এয়ে যে, সেই ৰেলপথ সজা হৈছিল ৰেল ইঞ্জিন আৱিষ্কাৰ কৰাৰ আগতেই । সাধাৰনতে এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব যে এই ৰেলপথ কিয় সজা হৈছিল যে ৰেল ইঞ্জিন আৱিষ্কাৰ কৰাৰ আগতে ? আচলতে ইয়াৰ কাৰন আছিল ঘোঁৰাগাড়ী ।  ১৬শ শতিকাত ভাৰহাম আৰু নডামবাৰলেণ্ড এই দুখন ঠাইৰ মাজত ঘোঁৰা গাড়ীৰ বাবে কাঠৰ ছিৰি ৰাস্তাত পাৰি দিয়া হৈছিল । আৰু এই ঘোৰা গাড়ীবােৰ এনেকৈ সজা হৈছিল যেন ইয়াৰ চকা দুটা ছিৰি দুডালৰ ওপৰেদি যাব পাৰে । মাটিৰ ওপৰেদি চকা গলে সাধাৰনতে চকাবােৰ মাটিত সোমাই যায় । আৰু ঘোঁৰাই টানোতে কষ্ট পায় । দ্বিতীয়তে , ছিৰিৰ ওপৰেদি ঘোঁৰা গাড়ী গ'লে এটা ঘোঁৰায়াে বহুত ওজন কঢ়িয়াব পাৰে । এইয়ে পাছলৈ এনে সুবিধাৰ প্ৰতি লক্ষ ৰাখি মানুহবোৰে কাঠৰ ছিৰিৰ দুয়ােফালে লােৰ পাত লগাই দিয়া হ'ল আৰু  ছিৰি আগতকৈ মজবুত কৰাৰ ব্যৱস্থা কৰা হল । আৰু ১৮০০ চনত কাঠৰ ছিৰি একেবাৰে গুচাই তাৰ ঠাইত লােহাৰ ছিৰিয়েই বহুওৱা হ'ল । লােৰ চকাবােৰত এনে এটা ভাঁজ দিয়া হ'ল যাতে চকাটো ছিৰিৰ পৰা ওলাই যাব নােৱাৰে ।

সাধাৰনতে এই সময়তে ১৮০৪ চনত ৰিচাৰ্ড ট্রিভিথিক নামৰ খনিৰ মালিক এজনে পােন প্রথম এটা ভাপ ইঞ্জিন সাজি উলিয়ালে । এই ইঞ্জিনাে সেই লােৰ ছিৰিৰ ওপৰেদিয়েই চলাবলৈ লােৱা হ'ল । এই ইঞ্জিনৰ সহায়ত ২০ টনমান ওজনৰ সামগ্ৰী কঢ়িয়াব পাৰিছিল । এই ইঞ্জিন আৱিষ্কাৰৰ পাছতেই প্ৰকৃততে ৰেল যুগ আৰম্ভ হল । আৰু ১৮২৫ চনত পােন প্রথম ষ্টকটন আৰু ডালিংটন মাজত যাত্রী অনা - নিয়া কৰিবৰ কাৰণে এটা ৰেল লাইন স্থাপন কৰা হ'ল । তাতাে পােন প্রথম ঘোঁৰাই টনা গাড়ী  চলােৱাৰ কথাকে ভবা হৈছিল । কিন্তু সেই সময়ত জর্জ ষ্টিফেনছনে এটা ভাপ ইঞ্জিন সাজি উলিয়াইছিল । গতিকে তেওঁ ৰেলৰ লাইনৰ মালিকসকলক বুজাই বঢ়াই সন্মত কৰালে যে সেই ৰেল লাইনত তেওঁ বনােৱা ইঞ্জিনটোহে চলােৱা উচিত । ষ্টিফেনছনত ইচ্ছা আছিল যে তেওঁৰ ইঞ্জিনটো তাতে চলাই পৰীক্ষা কৰি চাব । শেষত তেওঁৰ কথাত মান্তি হল । এইয়ে ১৮২৯ চনত আন কেইগৰাকীমান লােকৰ সৈতে লিভাৰপুল আৰু মানচেষ্টাবৰ মাজত এখন ৰেলগাড়ী চলােৱাৰ ব্যৱস্থা কৰিলে । সেই সময়ত আজিকালিৰ দৰে  ৰেল চলাচলৰ ব্যৱস্থা চৰকাৰে কৰা নাছিল । দুই চাৰিজন লােকেহে কোম্পানী একোটা খুলি ৰে'ল চলােৱাৰ ব্যৱস্থা কৰিছিল ।

আনহাতে ষ্টিফেনচনৰ এই ৰেল পৰীক্ষা কৰাৰ পাছত এই সময়ত লিভাৰপুল আৰু মানচেষ্টাৰৰ মাজত ৰেল চলাবলৈ লােৱা কোম্পানীটোৱে এটা কথা ঘােষণা কৰিলে যে যিয়েই আৰু অধিক উন্নত মানৰ ইঞ্জিন যােগান ধৰিব পাৰিব তেওঁকে পাঁচশ পাউণ্ড  পুৰস্কাৰ দিয়া হ'ব । এইক্ষেত্ৰত এইবাৰাে ষ্টিফেনচনৰে জয় হ'ল । তেওঁ আৰু নতুনকৈ ৰকেট  নামৰ ইঞ্জিন সাজি উলিয়াই যিটোৱে দুঘণ্টাতকৈও কম সময়ৰ ভিতৰতে ৫৬ কিলােমিটাৰ পথ অতিক্রম কৰিবলৈ সক্ষম হল । আৰু এই ৰকেট ইঞ্জিনটোৰ ওজন আছিল প্ৰায় সাত টন । আৰু এনেকৈয়ে ষ্টিফেনচনৰ ৰেল চলাচল আৰম্ভ কৰা হয় ।

ইয়াৰ পাছত দিন যোৱাৰ লগে লগে লাহে লাহে কোম্পানীয়ে বহুত ডাঙৰ ডাঙৰ ওজনৰ  ইঞ্জিন সজা হ'ল । আৰু এনেদৰে ইঞ্জিনৰ ওজন বঢ়াৰ লগে লগে আগৰ চেপেটাকৈ পৰা ছিৰিবােৰে ভৰ সহিব নােৱাৰা হল । গতিকে ছিৰিবিলাক থিয়কৈ পাৰিবলৈ লােৱা হ'ল । আৰু ৰেলৰ ব্যৱস্থাটো আৰু অধিক অত্যাধুনিক কৰা আৰম্ভ হল । গতিকে এনেকৈ ৰেলগাড়ীৰ ব্যৱস্থাটো আৰম্ভ হৈ বৰ্তমান পৰ্যন্ত চলি আছে ।


ভাৰতত ৰেল ব্যৱস্থা প্ৰৱৰ্তন -


ভাৰতত পােন প্রথম ৰেল চলাবলৈ লােৱা হয় ১৮৫৩ চনৰ ৬ এপ্রিল তাৰিখে । এই ৰেল বােম্বাই কল্যাণ পথত চলােৱা হৈছিল । সেই কালত ইয়াৰ নাম আছিল ভি আই পি ৰেলৱে । বর্তমান এই ৰেলপথ । চেলে ৰে ' লৱেৰ অন্তৰ্গত । তাৰ এবছৰমানৰ পাছত ১৮৫৪ চনৰ ১৫ আগষ্টৰ পৰা হাওৰা আৰু হুগলীৰ মাজত ৰেল চলাবলৈ লােৱা হয় ।

অসমত ৰেল ব্যৱস্থা প্ৰৱৰ্তন -


অসমত পােন প্রথম । ৰেল চলাচল কৰােৱা হয় ১৯৮৬ চনত শদিয়া আৰু । ডিব্ৰুগড়ৰ মাজত । সেইকালত এই ৰেলপথৰ নাম আছিল । ডিব্র শদিয়া ৰে ' লৱে । বৰ্তমানৰ যি উত্তৰ পূব সীমান্ত বা এন এফ ৰেলৱে আমাৰ অসমত আছে – সেই ৰেলপথ ১৯০১ চনতহে স্থাপিত হৈছিল । এই ৰেলপথৰ প্ৰথম নাম আছিল বেংগল অসম ৰেলৱে । তাৰ পাছত হল অসম বেংগল ৰেলৱে । তাৰাে পাছলৈ হ'ল অসম ৰেলৱে । বর্তমানহে ইয়াৰ নাম উত্তৰ পূব সীমান্ত ৰেলৱে । বর্তমান এই ৰেলৰ সদৰ কার্যালয় মালিগাওঁ ।

ভাৰতীয় ৰেল পথ এছিয়াৰ ভিতৰত ৰাছিয়াৰ পাছতেই বৃহত্তম ৰেলপথ । পৃথিৱীৰ ভিতৰত চতুর্থ । ভাৰতীয় ৰেলত বছৰি ১৩০০ কোটিমান যাত্রী আহ যাহ কৰে । ভাৰতত বৰ্তমান ৰেল ষ্টেচনৰ সংখ্যা প্রায় ৮০০০ খনতকৈ অধিক ।

গতিকে এইয়াই হল ৰেল গাড়ী আৱিষ্কাৰৰ মুল কাহনী আৰু ৰেল গাড়ী ব্যৱস্থাৰ ইতিহাস ।

লেখাটো পঢ়ি কেনে পালে পালে কমেন্ট বক্সত জনাব । আৰু লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ এই ৱেবচাইটতো সদায় ভিজিত (visit)  কৰিব । ধন্যবাদ ।

Post a Comment

0 Comments