আজি আমি আপোনালোকক জনাম টেলেফোন আৱিষ্কাৰৰ প্ৰৰনাদয়ক কাহিনী ।
আলেকজেণ্ডাৰ গ্ৰাহাম বেল
এনদৰে দুৰলৈ বাৰ্তা পেৰন কৰা এই ব্যৱস্থাটো বহুত সময়লৈ চলিছিল কিন্তু কাকোৱেই এই ব্যৱস্থাটোৱে সন্তুষ্ট কৰিব পৰা নাছিল । আটাইতকৈ অসন্তুষ্ট হৈ পৰিছিল এজন ডেকা ল'ৰা যাৰ নাম আছিল "আলেকজেণ্ডাৰ গ্রাহাম বেল" । তেওঁৰ বয়স আছিল তেতিয়া ষােল্ল বছৰ । তেওঁ মনে মনে প্রতিজ্ঞা কৰিছিল যে তেওঁ এনে এটা যন্ত্র আৱিষ্কাৰ কৰিব যাৰ সহায়ত দূৰ দূৰণিৰ লােকৰ লগত কথা পাতিব পাৰিব । বিজ্ঞানৰ প্রতি প্রবল অনুৰাগী গ্রাহাম বেলে দিনে ৰাতিয়ে তেনে এটা যন্ত্রৰ কথাকে ভাবিবলৈ ললে । ইতিমধ্যে টেলিগ্রাফ সম্বন্ধে তেওঁ যথেষ্ট জ্ঞান আহৰণ কৰি লৈছিল । তেওঁৰ ভাৱিছিল – যদি যন্ত্রৰ মাজেদি শব্দৰ সংকেত পঠাব পাৰি , তেন্তে মানুহৰ কথাও নিশ্চয় পঠাব পৰা হ'ব । | কিন্তু ইমান এক জটিল গৱেষণাৰ কাম তেওঁ কৰে কেনেকৈ ? তদুপৰি তেওঁৰ আর্থিক অৱস্থা ইমানেই বেয়া আছিল যে বােষ্টন চহৰৰ এটি ধনী পৰিয়ালত তেওঁ ল'ৰা পঢ়ুৱাই দিন চলাইছিল । এইয়ে এই হেন দুখীয়া ঘৰৰ ল'ৰা এটাই টেলিফোনৰ ওপৰত গৱেষণা কৰে কেনেকৈ ? গতিকে গ্রাহাম বেল বিমােৰত পৰিল । শেষত উপায় নাপাই যি ঘৰৰ মানুহৰ ল'ৰা পঢ়ুৱাইছিল তাৰ মালিককে অর্থ সাহায্যৰ বাবে অনুৰােধ জনাই ।
আলেকজেণ্ডাৰ গ্ৰাহাম বেলক সহায় -
বহুতাে ধনীলােকে সাধাৰণতে গ্ৰাহাম বেলহঁতৰ সপোনৰ কথাত গুৰুত্ব নিদিয়ে । কিন্তু এইগৰাকী লােক ধনী হ'লেও তেওঁৰ মনটো আছিল উদাৰ আৰু গৱেষণাৰ প্রতি এক প্রবল হেঁপাহ । এইয়ে তেওঁ লগে লগেই গ্রাহাম বেলক সহায় কৰিব বুলি কথা দিলে । তেওঁ নিজৰে ঘৰৰেৱ এটা কোঠা গৱেষণাৰ কাৰণে গ্রাহাম বেলক দিলে । আৰু কিছু টকা পইচা দিওঁ সহায় কৰিলে । গ্রাহাম বেলে হাততে স্বর্গ ঢুকি পােৱা যেন পালে । তেওঁ বজাৰৰ পৰা বৈদ্যুতিক বেটেৰি , লাে আৰু তামৰ পাট , নানাধৰণৰ তাঁৰ চেপেনা আদি বস্তু কিনি পেলালে । এইবােৰ কিনােতেই তেওঁৰ হাতৰ টকা পইচা সকলাে শেষ হৈ থাকিল । তথাপি তেওঁ নিৰাশ নহ'ল ।গৱেষণাত দুৰ্যোগ -
নানান দুখ কষ্ট আৰু অভাৱ অনাটনৰ মাজেৰে তেওঁ গৱেষণা চলাই গ'ল । দিনৰ পাছত দিন আৰু মাহৰ পাছত মাহ গৱেষণা চলি থাকিল । আনহাতে কেইবাটাও বছৰো পাৰ হৈ গ'ল । গৱেষণাৰ ফলাফল নােলায়হে নােলায় । ইফালে ঘৰৰ মালিকৰাে ধৈর্য হেৰাল । কেইবাটাও বছৰ গৱেষণা কৰাৰ পাছতাে একো ফলাফল নেদেখি তেওঁ হতাশ হৈ পৰিল । ইতিমধ্যে মালিকক ঘৰটোৰ প্রয়ােজনে হ'ল । গতিকে গ্রাহাম বেলক ঘৰটো এৰি দিবলৈ আদেশ দিলে । এইবাৰহে গ্রাহাম বেল একেবাৰে নিথৰুৱা হৈ পৰিল ।পুনৰ প্ৰচেষ্টা -
এনেবোৰ ঘটনা ঘটাৰ পাছতো কিন্তু ইমান সহজে হতাশ হােৱা লােক গ্রাহাম বেল নাছিল । এইবাৰ তেওঁ বােষ্টন চহৰত সৰু ঘৰ এটা ভাড়া কৰি ললে । গ্রাহামে লগৰ বন্ধু বান্ধৱৰ পৰা কিছু টকা পইচাও গােটালে । তাৰ মাজতে প্রচুৰ টকা পইচা থকা এজন লােকেও গ্রাহামক সহায় কৰিবলৈ আগবাঢ়ি আহিল । তেওঁ কেৱল গ্রাহামক টকা পইচা দিয়েই ক্ষান্ত নাথাকিল । গৱেষণাৰ কামত সহায় কৰিবলৈও আগবাঢ়ে । এদিনাখন গৱেষণাৰ কৰি থাকোতে এডাল দীঘল তাঁৰৰ দুয়ােমূৰে পাতল লােৰ পাট লগাই ভালদৰে বান্ধি দিলে । তাৰ ওপৰত তামৰ তাঁৰেৰে মেৰিয়ালে । দীঘল তাঁৰ ডালৰ এটা মূৰত থাকিল গ্রাহাম আৰু আনটো মূৰত তেওঁৰ সহকর্মী বন্ধু । তাৰপাছত তাঁৰৰ মাজেদি বিদ্যুৎ প্ৰেৰণ কৰি এটা মূৰত এজনে কথা ক'লে আৰু আনটো মূৰত আনজনে । দেখা গল যে শব্দ গৈছে ঠিকেই , কিন্তু বৰ সৰুকৈ বাজিছে । দুয়াে নতুন ঘটনা এটাৰ সম্ভেদ পাই বৰ আনন্দ পালে । শব্দটো ডাঙৰ হােৱা হ'লে তেওঁলােকে হয়তাে আৰু ভাল পালেহেঁতেন । তথাপি নিশ্চিত হ'ল যে আৰু কিছু পৰীক্ষা নিৰীক্ষা কৰি শব্দ নিশ্চয় ডাঙৰ কৰিব পৰা হ'ব আৰু দূৰ দূৰণিলৈও পঠাব পৰা হ'ব । দুয়াে বন্ধু পুনৰ গৱেষণাত বহিল । শেষত তেওঁলােকৰ কষ্ট সার্থক হ'ল । আৱিষ্কাৰ হ'ল বিজ্ঞানৰ এক নতুন সম্পদ - "টেলিফোন" । এই টেলিফোনৰ প্ৰথম ব্যৱহাৰ তেওঁলােক দুয়াে নিজেই কৰিলে । দুয়ােজন টেলিফোনৰ যন্ত্রপাতি লৈ কেইবা মহলীয়া ঘৰ এটালৈ গ'ল । এজন থাকিল একেবাৰে ওপৰ মহলাত আৰু আনজন থাকিল একেবাৰে তলৰ মহলাত । ওপৰ মহলৰ পৰা তলৰ মহললৈ টেলিফোনৰ তাঁৰ সংযােগ কৰা হল । এই তাঁৰৰ যোগেদি এজনে আনজনৰ লগত কথা পাতিবলৈ ললে । লগে লগে নতুন যুগৰ সূচনা হ'ল । মুহূর্তৰ ভিতৰতে দূৰ - দূৰণিৰ লােকৰ লগত কথা পতাৰ নতুন কৌশল আৱিষ্কাৰ হল ।
আচৰিত কথা — গ্রাহাম বেলে তেওঁৰ জীৱিত অৱস্থাত মানুহৰ পৰা বৰ বেছি প্রশংসা বা স্বীকৃতি পােৱা নাছিল । বৰঞ্চ সকলােৱে তেওঁক ইতিকিং কৰিবলৈহে লৈছিল । কোনাে কোনােৱে সেইটো পুতলা খেল বুলিও ভাবিছিল । গ্রাহামৰ যন্ত্ৰটোৰ সহায়ত দূৰ - দূৰণিৰ লােকৰ লগত যে কথা পাতিব পাৰি – সেই কথা মানি ল'বলৈ বহুতেই টান পাইছিল । অৱশ্যে তেওঁলােকৰাে দোষ নাছিল । গ্রাহামে যন্ত্ৰটো কেৱল আৱিষ্কাৰহে কৰিছিল । সর্বসাধাৰণৰ মাজত তাৰ প্ৰচলন তেতিয়ালৈকে হােৱাই নাছিল । গ্রাহাম বেলে পােন প্রথম টেলিফোন আৱিষ্কাৰ কৰিছিল ১৮৭৪ চনত । প্রথম অৱস্থাত ই বৰ জনপ্রিয় হৈ উঠা নাছিল । কিন্তু ১৮৭৭ - ৭৮ চনত গ্রাহামৰ কেইজনমান সমর্থকে টেলিফোন তৈয়াৰ কৰি ইয়াৰ ব্যৱসায় আৰম্ভ কৰিলে । আৰু তেতিয়াই আমেৰিকাৰ দুই এজন লােকে বেটেৰিৰ সহায়ত ঘৰুৱাভাৱে ব্যৱহাৰ কৰিবলৈহে সেই টেলিফোন কিনিছিল । ১৮৭৯ চনতহে পােনপ্ৰথম লণ্ডনত এটা টেলিফোন এক্সেঞ্জ স্থাপন কৰা হৈছিল । আৰু তাতাে মাত্র আঠজন মানহে গ্রাহক আছিল । তাৰ পাছত অৱশ্যে ডাকঘৰবিলাকেই নিজাকৈ টেলেফোন এক্সেঞ্জ স্থাপন কৰিবলৈ ললে । বর্তমান দূৰ দূৰণিৰ দেশৰ মাজত সংযােগ স্থাপন কৰিবলৈ সমুদ্র তলিয়েদিও টেলিফোনৰ তাঁৰ নিয়া হৈছে । এনে তাঁৰক কেবল ( Cable ) বােলা হয় । ৰেডিঅ’ তৰংগৰ সহায়েৰেও টেলিফোনৰ যােগাযােগ কৰিব পাৰি । তদুপৰি কৃত্রিম উপগ্ৰহৰ সহায় লৈও আজিকালি টেলিফোনেৰে দূৰ দূৰণিলৈ কথা পতাতাে সহজ হৈ পৰিছে ।
0 Comments