ড° ৰাজেন্দ্র প্রসাদৰ জীৱন কাহিনী - Life story of Rajendra Prasad

ড° ৰাজেন্দ্র প্রসাদৰ জীৱন কাহিনী



স্বাধীন ভাৰতৰ প্ৰথম গাৰকি ৰাষ্ট্ৰপতিৰ নাম আছিল ড° ৰাজেন্দ্র প্রসাদ । ১৮৮৪ চনৰ ৩ ডিচেম্বৰ তাৰিখে বিহাৰৰ ঈৰণ জিলাৰ জীদেসা গাৱঁত তেখেতৰ জন্ম হয়। দেউতাকৰ নাম আছিল মুঞ্চি মহাদেউ সহায় । তেওঁ কায়স্থ পৰিয়ালৰ লােক আছিল ।

সৰুৰে পৰা ৰাজেন্দ্র প্রসাদ আছিল অতি তীক্ষ্ণ বুদ্ধিৰ ল’ৰা । এজন মৌলবীৰ তত্ত্বাৱধানত তেওঁ প্রাথমিক শিক্ষা লাভ কৰিছিল। তেওঁ ঘৰতে উর্দু আৰু পাৰ্চী ভাষা ভাল দৰে আয়ত্ব কৰিছিল । ৯ বছৰ বয়সতহে বিদ্যালয়ত নাম ভৰ্ত্তি কৰিছিল ।

তেৰ বছৰ বয়সতে ৰাজেন্দ্র প্রসাদে ৰাজবংশী দেৱীৰ লগত বিবাহ পাশত আৱদ্ধ হয়।

ছাত্ৰ অৱস্থাত ৰাজেন্দ্র প্রসাদে সদায়েই সকলাে পৰীক্ষাতে প্রথম বিভাগৰ প্রথমহৈ পাছ কৰিছিল। তেওঁ জীৱনত কোনাে কাৰ্য্যতে দ্বিতীয়হৈ নেপালে।

১৯০২ চনত তেওঁ এন্টেন্স পৰীক্ষাত উৰ্ত্তীণ হয়। উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় । কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা বি, এ আৰু এম, এ পৰীক্ষাত প্রথম বিভাগত প্রথম স্থান অধিকাৰ কৰি উৰ্ত্তীণ হয়। বিহাৰী ছাত্ৰ এজনৰ এনে কৃতীত্ব দেখি সেই সময়ত সকলােৱে আচৰিত মানিছিল । তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ে এল এল ডি উপাধিয়ে সম্মানিত কৰিছিল। পাটনা, কাশী আৰু আগ্রা বিশ্ববিদ্যালয়ে ৰাজেন্দ্র প্রসাদক ডক্টৰেট’ উপাধি প্রদান কৰিছিল। ১৯০৫ চনত তেওঁ বংগ বিভাজন বন্ধ কৰিবলৈ চলা আন্দোলনত উঠি পৰি লাগিছিল । তেতিয়াৰ পৰা তেওঁৰ অন্তৰত দেশ প্ৰেমৰ প্ৰভাৱ ভালকৈপৰিলক্ষিত হয়। ১৯১১ চনত কলিকতাত বহা কংগ্রেছ অধিবেশনত আনুষ্ঠানিক ভাবে যােগ দান কৰে । এই অধিবেশনত ৰাজেন্দ্র প্রসাদক নিখিল ভাৰত কংগ্ৰেছৰ কমিটিলৈ সদস্য নির্বাচিত হয়। এই বছৰতে তেওঁ আর্টিকল ক্লার্ক হিচাপে আইন ব্যৱসায় আৰম্ভ কৰে। তেখেতে নিজৰ পাৰদৰ্শিতাৰ কাৰণে ৬ বছৰ কলিকতা হাইকোট আৰু ৪ বছৰ পাটনা হাইকোটত উকালতি কৰে ।

১৯১৭ চনত ৰাজেন্দ্র প্রসাদ মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহে। ১৯২০ চনত স্বাধীনতা আন্দোলনত নামি নিজৰ উকালতি ব্যৱসায় বাদ দিয়ে । দেশৰহকে অসহযােগ আন্দোলন আদিত সক্রিয় অংশ গ্ৰহ কৰি কেইবাবাৰাে কাৰাবৰণ খাটিছিল । তেওঁ চাৰিবাৰ ভাৰতীয় কংগ্ৰেছৰ সভাপতি নির্বাচিত হৈছিল ।

১৯২৯ চনত তেওঁ ইংলেণ্ডলৈ যাত্ৰা কৰে। সেই সুযােগতে ইউৰােপৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে ।

১৯৪৬ চনত জৱহাৰলাল নেহেৰুৰ অন্তৱতী চৰকাৰৰ খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্ত হৈছিল । সেই বছৰতেই ভাৰতৰ নিজা সংবিধানৰ এখন ৰচনা কৰিবলৈ এখন ‘গণ-পৰিষদ’গঠন কৰে । এই গণ-পৰিষদৰ সভাপতি নির্বাচিত হয়। - ড° ৰাজেন্দ্র প্রসাদ। ৰচনা কমিটিৰ সভাপতি পাতি দিয়ে ড° বি আৰ অম্বেদকাৰক । সেই সময়ত স্বাধীনতা আন্দোলনৰ জুই চৰম সীমা পাইছিলগৈ । ভাৰতৰ হেজাৰ হেজাৰ নৰ-নাৰীৰ অসীম ত্যাগ আৰু শ্বহীদ হােৱাৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা বৃটিছ শাসনৰ অৱসান ঘটাই ভাৰতক এখন স্বাধীন ৰাজ্য বুলি ঘােষণা কৰিলে । লগে লগে চাৰি মাহৰ ভিতৰত সংবিধানখন প্রস্তুত কৰি গণ-পৰিষদত আলােচনাৰ বাবে দিয়ে । প্রায় তিনি বছৰ আলােচনা-বিলােচনাৰ পিছত ১৯৪৯ চনৰ ২৬ নবেম্বৰত গণ-পৰিষদৰ সভাপতি ডঃ ৰাজেন্দ্র প্রসাদে সংবিধান খন গৃহীত বুলি স্বাক্ষৰ প্ৰদান কৰে ।

১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধান খন সম্পূর্ণ কাৰ্য্যকৰি হয় । সেই দিনাই ভাৰতৰ নতুন শাসন তন্ত্ৰৰ কথা ঘােষণা কৰি ডঃ ৰাজেন্দ্র প্রসাদক ভাৰতৰ গণ ৰাজ্যৰ ৰাষ্ট্রপতি ৰূপে নির্বাচিত কৰে। ইয়াৰ উপৰিও ১৯৫২ আৰু ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনতাে ডঃ ৰাজেন্দ্র প্রসাদেই ৰাষ্ট্রপতি নির্বাচিত হৈছিল। ১৯৬২ চনৰ বাৰ মে’লৈকে তেওঁ ৰাষ্ট্ৰপতিৰ পদত আছিল ।

তেওঁ ৰাষ্ট্রপতি হৈ থকা সময়ত সত্যনিষ্ঠা , নিৰপেক্ষতা মহাপ্রাণতাৰ পৰিচয় দিছিল। তেওঁৰ দেশ সেৱাৰ চৰম ত্যাগৰ কাৰণে ভাৰত চৰকাৰে “ভাৰত ৰত্ন” উপাধিৰে সন্মানিত কৰিছিল ।

তেখেত এজন ভাল সাহিত্যিক আছিল। সাতটা ভাষা তেওঁ ভালদৰে জানিছিল । জীৱন শেষ বয়সত তেওঁ সদাকত আশ্রম’ ত শান্তিৰে বাস কৰিছিল । তাতেই এইজনা মহান কৰ্ম্মযােগী, ৰাজনীতিজ্ঞ , গুণী-জ্ঞানী ব্যক্তিৰ ১৯৬৩ চনৰ ২৮ ফ্রেব্রুৱাৰী তাৰিখে ইহলীলা সম্বৰণ কৰে।

Post a Comment

0 Comments