ধনুৰাসন - যোগাসন

ধনুৰাসন  - যোগাসন


প্রণালী – আসনৰ কাৰণে নির্দিষ্ট কৰা নৰম বিচনাত শৰীৰটো শিথিল কৰি উবুৰি হৈ শোৱক। এইবাৰ ভৰি দুখন আঠুত ভাঁজ কৰি পিঠিৰ ওচৰলৈ আনক। তাৰ পাছত আঠু দুটা অন্তত ১০ ইঞ্চি ফাক কৰি দুই হাতেৰে গোৰোহা দুটা টানকৈ ধৰক। এইবাৰ তলপেটটো কেৱল মাটিত ৰাখি বুকু আৰু পেট যিমান দূৰ সম্ভৱ মাটিৰ পৰা তুলি পিছফালে ধনুৰ দৰে ভাঁজ কৰক। এইদৰে ২৫-৩০ চেকেণ্ড থাকি আকৌ স্বাভাৱিক অৱস্থালৈ আহক। তাৰ পাছত ৫ চেকেণ্ড বিশ্রাম লৈ পুনৰ ৪ বাৰ আসন কৰক। 


উপকাৰিতা – এই আসনে শৰীৰৰ মেদ আৰু পেটৰ চৰ্বি কমাত সহায় কৰে। মেরুদণ্ড নমনীয় হয়। বুকুৰ ছাতি বাঢ়ে, কামিহাড় পুষ্ট হয়। যিসকলে কুঁজা হৈ খোজ কাঢ়ে সেইসকলে এই আসন কৰিলে ভাল ফল পাব। এই আসন কৰিলে অনেক বয়সলৈ মেরুদণ্ড পোন হৈ খোজকাঢ়িব পাৰিব।

Post a Comment

0 Comments