অর্দ্ধ মৎস্যেন্দ্রাসন - যোগাসন

অর্দ্ধ মৎস্যেন্দ্রাসন - যোগাসন

প্ৰণালী – ভৰি দুখন মেলি পোন হৈ বহক। এইবাৰ সোঁ আঠু ভাঁজ কৰি সোঁভৰিৰ গোৰোহাৰ ওপৰত ৰাখক। এইবাৰ বাওঁ ভৰি সোঁফাললৈ আনি পোন কৰি মাটিত ৰাখক। তাৰ পাছত সোঁহাতেৰে বাওঁ আঠু টানকৈ ধৰক। এইবাৰ বাওঁহাত বাওঁফালেৰে সোঁফালৰ কঁকালৰ ওচৰলৈ লৈ গৈ পিঠি, মূৰ আৰু গলধন যিমানখিনি সম্ভৱ বাওঁফাললৈ ঘূৰাওক। এইদৰে ৩০ চেকেণ্ড থাকি ভৰি আগৰ অৱস্থালৈ আনক। এইবাৰ বাওঁ আঠু ভাঁজ কৰি বাওঁ ভৰিৰ গোৰোহাৰ ওপৰত ৰাখক, আৰু সেই একেদৰেই শৰীৰৰ আনটো ফালেও এই আসনটো কৰক। এই আসন প্রতিবাৰে ৩০ চেকেণ্ডকৈ প্রতিফালে ২ বাৰকৈ উভয়ফালে ৪ বাব কৰক।

উপকাৰিতা – আসন কৰিলে মেঝদও সঠিক ৰখাৰ বাবে যিমানবোৰ আসন আছে তাৰ ভিতৰত এই আসনটো শ্রেষ্ঠ। এই আসন কৰিলে যৌৱন দীর্ঘস্থায়ী হয়। কটিবাত, পৃষ্ঠবাত, অজীর্ণ, কোষ্ঠবদ্ধতা ৰোগ নিৰাময় হয়। এই আসনত শাৰীৰিক উচ্চতাও বাঢ়ে।

Post a Comment

0 Comments