ড° বাণীকন্ত কাকতি

ড° বাণীকন্ত কাকতি

১৮৯৪ চনৰ ১৫ নবেম্বৰত বৰপেটা জিলাৰ বাতিকুৰিহা গাঁৱত বাণীকান্ত কাকতিৰ জন্ম হয়। তেখেতৰ দেউতাকৰ নাম ললিতাম কাকতি আৰু মাকৰ নাম লাহোৱালা কাকতি। জন্মৰ পূৰ্বেই বাণীকান্ত কাকতিৰ পিতৃৰ মৃত্যু হয়। ১৯১১চনত তেওঁ বৰপেটা হাইস্কুলৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হয়। এই পৰীক্ষাত তেওঁ অসম উপত্যকাৰ ভিতৰত প্রথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল আৰু ইংৰাজী বিষয়ত সৰ্ব্বোচ্চ নম্বৰ পাই সোণ-ৰূপৰ পদক অৰ্জন কৰে। ১৯১৩ চনত কটন কলেজৰ পৰা আই. এ পৰীক্ষা দি তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰাও প্রথম স্থান দখল কৰে। তাৰ পিছত তেওঁ কলকাতাৰ প্রেছিডেন্সী কলেজত বি. এ পাঠ্যক্ৰমত নামভৰ্তি কৰে। ১৯১৫ চনত তেওঁ ইংৰাজী বিষয়ত অনাৰ্চসহ দ্বিতীয় শ্রেণীৰ চতুৰ্থ স্থান লাভ কৰি টৱনী স্মাৰক পদক' অর্জন কৰে। ১৯১৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত দ্বিতীয় শ্রেণীত এম.এ পাছ কৰে। সেই বছৰতে তেওঁ কটন কলেজৰ অধ্যাপক হিচাপে যোগদান কৰে। পাছত তেওঁ ১৯২৩ চনত বি গ্ৰুপত ইংৰাজীত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ এম. এ পাছ কৰে। ফলত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্বর্ণ পদক লাভ কৰে। তেওঁ ক্ষেত্রমোহন চেটাৰ্জী স্বর্ণ পদকো লাভ কৰে। ১৯৩৫ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰে। প্ৰসিদ্ধ পণ্ডিত ড° সুনীতি কুমাৰ চেটাৰ্জীৰ তত্ত্বাৱধানত তেওঁ গৱেষণা কার্য সম্পন্ন কৰিছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিলঃ Assamese: Its Formation and Development.

১৯৪৭ চনত ড° বাণীকান্ত কাকতিয়ে কটন কলেজৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়। ১৯৪৯ চনৰ জানুৱাৰী মাহত তেওঁ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষা-সাহিত্য বিভাগৰ অধ্যাপকরূপে যোগদান কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'কলাগুৰু' সন্মানো লাভ কৰে।

ড° বাণীকান্ত কাকতি আছিল এজন অপ্রতিদ্বন্দ্বী পাণ্ডিত্যৰ অধিকাৰী। ইংৰাজী ভাষাত থকা ভাল দখলৰ বাবেই তেখেতে গ্ৰীক আৰু ইউৰোপীয় সাহিত্যৰ জগতখনৰ লগতে সুপৰিচিত আছিল। তেখেত আছিল এগৰাকী আধুনিক সমালোচক। সংস্কৃত সাহিত্যৰ প্ৰতিও ধাউতি আছিল। শ্ৰুতিৰ পৰা আৰম্ভ কৰি বৈষ্ণৱ সাহিত্য লৈকে তেওঁ গভীৰভাৱে অধ্যয়ন কৰিছিল। তেওঁৰ অধ্যয়ন আৰু জ্ঞানৰ পৰিধি সঁচাকৈয়ে বিস্তৃত আছিল।

সমালোচক হিচাপে ড° কাকতিয়ে প্ৰতিটো বিষয় সুস্পষ্ট আৰু অভিনৱ পদ্ধতিৰে আলোচনা কৰিছিল। তেওঁ আছিল বৈজ্ঞানিক মনোবৃত্তিৰ লোক। বিষয়বস্তুৰ প্ৰাঞ্জল আলোচনা আৰু প্ৰতিপাদন আৰু ভাষাৰ সুপ্ৰয়োগৰ যোগেদি ড° কাকতিয়ে সমালোচনামূলক সাহিত্যক নতুন গতি দি থৈ গৈছে।

ড° বাণীকান্ত কাকতিৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য কৃতি হ’ল তেওঁৰ গৱেষণা গ্রন্থ : Assamese: Its Formation and Development. এই গৱেষণা গ্ৰন্থখনৰ জৰিয়তে ড° কাকতিয়ে অসমীয়া ভাষাক নৱ-ভাৰতীয় আর্য ভাষাবোৰৰ মাজত এক স্বকীয় মর্যাদা লাভত সহায় কৰিছে। ড° কাকতিয়ে ইংৰাজীত ৰচনা কৰা আন তিনিখন বিখ্যাত গ্রন্থ হ’লঃ Life and Teachings of Sankardev Mother Goddess Kamakhya আৰু Vaisnavite Myths and Legends. অসমীয়া ভাষাত লিখা ড° কাকতিৰ প্ৰখ্যাত গ্রন্থ কেইখন হ’ল কলিতা জাতিৰ ইতিবৃত্ত, পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্ৰেম, পখিলা আৰু পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা। ১৯৬৬ চনত 'বাণী প্ৰতিভা' নামৰ তেওঁৰ আন এখন গ্ৰন্থ সংকলিত হৈছে। ড° কাকতিৰ সমগ্ৰ ৰচনা সম্ভাৰ বাণীকান্ত কাকতি ৰচনাৱলী' নামেৰে প্ৰকাশ পাইছে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে বাণীকান্ত কাকতি অসমীয়া জাতিৰ গৌৰৱৰ পাত্ৰ।

১৯৫২ চনৰ ১৫ নৱেম্বৰত বিৰল প্ৰতিভাৰ এইগৰাকী পণ্ডিতে ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যুত অসমীয়া জাতিয়ে এগৰাকী পুৰোধা ব্যক্তি হেৰুৱালে। 

Post a Comment

0 Comments