ড° বিৰিঞ্চি কুমাৰ বৰুৱা

ড° বিৰিঞ্চি কুমাৰ বৰুৱা



ঔপন্যাসিক-গল্পকাৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ১৯০৮ চনৰ ১৬ অক্টোবৰত নগাঁৱত জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল বিজয় কুমাৰ বৰুৱা আৰু মাকৰ নাম লীলাবতী বৰুৱা। ১৯৩২ চনত তেওঁ প্ৰেছিডেন্সী কলেজৰ পৰা বি.এ পাছ কৰে। ১৯৩৪ চনত পালি ভাষাত শ্ৰেণীত প্রথম হৈ এম. এ ডিগ্রী লাভ কৰে। ১৯৩৬ চনত তেওঁ আইনৰ ডিগ্ৰীও লাভ কৰে। ১৯৩৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপকরূপে যোগদান কৰে। ১৯৪৫-৪৭ চনত তেওঁ বিলাতত থাকি গৱেষণা কৰ্মত ব্ৰতী হয়। A cultural History of Assam'— শীর্ষক গৱেষণা গ্ৰন্থৰ বাবে তেওঁ ডক্টৰেট ডিগ্রী লাভ কৰে। ১৯৪৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰীড়াৰ হিচাপে যোগদান কৰে। ১৯৫৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হোৱাৰ লগতে বাংলা বিভাগৰো মুৰব্বী হয়।

বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্ম নাম দুটা। এটা বীণা বৰুৱা আৰু আনটো ৰাস্না বৰুৱা। তেখেতৰ 'জীৱনৰ বাটত’ আৰু ‘সেউজী পাতৰ কাহিনী' নামৰ উপন্যাস দুখনে অসমীয়া উপন্যাস-সাহিত্যৰ ভঁৰাললৈ অনবদ্য বৰঙণি আগবঢ়াইছে। তেওঁৰ দুখন গল্প পুথি হ’ল : — পট পৰিবৰ্তন’ আৰু ‘আঘোণী বাই’ । ইয়াৰ উপৰি ভ্ৰমণ, নাটক, আলোচনাত্মক পুথি আদি তেখেতে ৰচনা কৰিছে। তাৰ ভিতৰত অসমীয়া কথা সাহিত্য, বৌদ্ধধৰ্ম আৰু সাহিত্য, অসমীয়া ভাষা সাহিত্য, অসমৰ লোক সংস্কৃতি, কাব্য আৰু অভিব্যঞ্জনা, A History of Assamese Literature, Studies in Ancient Assamese Literature, Sankardeva: A Vaisnavite Saint of Assam আদি তেখেতৰ উল্লেখযোগ্য গ্রন্থ। ১৯৬৪ চনত তেখেতে ‘অসমৰ লোক-সংস্কৃতি' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৬৪ চনৰ ৩০ মাৰ্চত ড° বৰুৱাই ইহলীলা সম্বৰণ কৰে।

Post a Comment

0 Comments